/asomiyapratidin/media/media_files/2025/03/29/OxPXJ5mN5GQnZxfJGasU.jpg)
ডিজিটেল ডেস্ক: সম্প্ৰতি থাইৰইড এক সাধাৰণ ৰোগলৈ পৰিণত হৈছে। ভাৰতত প্ৰতি ১০ জনৰ ভিতৰত এজন নাগৰিকে এই স্বাস্থ্য সমস্যাত ভুগি আছে, বিশেষকৈ মহিলাসকল। গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰতো এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, থাইৰইড হৈছে এক হৰমনজনিত ৰোগ। এই হৰমনবোৰৰ ফলত শৰীৰে শক্তি লাভ কৰে। কিন্তু যেতিয়া এই গ্ৰন্থিৰ পৰা খুব কম বা বহুত বেছি পৰিমাণে হৰমন সৃষ্টি হ'বলৈ আৰম্ভ কৰে,তেতিয়া থাইৰইডৰ সমস্যা আৰম্ভ হয়। সঠিক সময়ত চিকিৎসা আৰম্ভ কৰি আপুনি এই ৰোগৰ পৰা কিছু বাচি থকাটো সম্ভৱ যদিও ইয়াৰ বাবে আপুনি গোটেই জীৱন ঔষধ গ্ৰহণ কৰিব লাগিব। সেয়েহে খাদ্য আৰু পানীয়ৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। অন্যথা ঔষধ খোৱাৰ পিছতো আপুনি ৰোগৰ পৰা পৰিত্ৰাণ নাপাব। আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি থাইৰইডৰ পৰা পৰিত্ৰাণ পাব পাৰে। সেইসমূহ হৈছে-
নাৰিকল তেল - খাদ্য ৰান্ধিবৰ বাবে আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব।
লাওৰ ৰস - প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এগিলাচ লাওৰ ৰস খাব।
নাৰিকল তেল আৰু গাখীৰ - প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এগিলাচ গাখীৰত এক চামুচ নাৰিকল তেল মিহলাই খাব।
আখৰোট আৰু কাঠবাদাম- প্ৰদাহ হ্ৰাস কৰিবলৈ কাঠবাদাম আৰু আখৰোট খাব।
থাইৰইডত কি খাব নালাগে ?
ছয়াবিন, ছয়া খাদ্য, ছয়া তেল সেৱন নকৰিব। ফুলকবি, ব্ৰকলী, পালেং শাক নাখাব। কেফেইনযুক্ত খাদ্য সামগ্ৰী গ্ৰহণ কৰা কমাব। মিঠা, গ্লুটেন খাদ্য আৰু সংসাধিত বা জাংক ফুড নাখাব।
থাইৰইড কম হ'লে কি খাব?
কম কেলৰিযুক্ত আহাৰ, সেউজীয়া শাক-পাচলি, প্ৰ'টিন সমৃদ্ধ আহাৰ, শুকান ফল আদি খাব কিন্তু ছয়া সামগ্ৰী আৰু মিঠা বস্তু একেবাৰে নাখাব।
যদি আপোনাৰ থাইৰইড বেছি হয় তেন্তে কি খাব?
উচ্চ কেলৰি যুক্ত খাদ্য, উচ্চ প্ৰ'টিন, কাঠবাদাম, আখৰোট, পিস্তা, চীনাবাদাম, বগা তিল, ফ্লেক্স বীজ, সূৰ্যমুখী ফুল আৰু তৰমুজ বীজ খাব আৰু জাংক ফুড, আয়ডিন সমৃদ্ধ বস্তু নাখাব।
থাইৰইডৰ চিকিৎসা কি ?
থাইৰইডৰ সময়মতে সঠিক চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ। কিছুমান ৰোগী চিকিৎসাৰ পিছত ৮০-৯০% আৰোগ্য হয় যদিও কিছুমান সম্পূৰ্ণৰূপে আৰোগ্য নহ'বও পাৰে। চিকিৎসা স্বত্বেও ই সেই ৰোগীসকলৰ শৰীৰৰ বাকী অংশক প্ৰভাৱিত কৰি থাকে।সেয়েহে, ৰোগটো যাতে নিয়ন্ত্ৰণত ৰাখিব পাৰি, তাৰ বাবে চিকিৎসা প্ৰয়োজনীয় । আটাইতকৈ ডাঙৰ আৰু বিশেষ কথাটো হ'ল যে থাইৰইডৰ দৰে ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ জীৱনশৈলী স্বাস্থ্যৱান ৰখা, স্বাস্থ্যকৰ খাদ্য খোৱা আৰু যোগ তথা ব্যায়াম কৰাটো অত্যন্ত জৰুৰী। তদুপৰি থাইৰইডত সঠিক খাদ্য খোৱাটো অত্যন্ত জৰুৰী। যদি আপুনি থাইৰইড ৰোগীৰ উপযোগী খাদ্য গ্ৰহণ নকৰে, আপুনি ঔষধ খালেও ঔষধে কামত নিদিয়ে।
বি. দ্ৰ: এই লেখা ইণ্টাৰনেটৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে। স্বাস্থ্যজনিত সমস্যাৰ বাবে সদায়েই প্ৰথমে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Also Read: ষ্ট্ৰ’কৰ লক্ষণ, কোনসকল লোক বেছিকৈ সাৱধান হ’ব লাগে জানি লওঁক