ষ্ট্ৰ’কৰ লক্ষণ, কোনসকল লোক বেছিকৈ সাৱধান হ’ব লাগে জানি লওঁক

ষ্ট্ৰ’কৰ লক্ষণ, কোনসকল লোক বেছিকৈ সাৱধান হ’ব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: সম্প্ৰতি হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰ’কৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। পৰিসংখ্যা অনুসৰি, প্ৰতি তিনি মিনিটত ভাৰতৰ এজন ব্যক্তি ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হয়। ইফালে, হতাশাৰ লক্ষণ থকা লোকসকলৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ আশংকা অধিক বুলিও প্ৰমাণিত হৈছে।

হতাশাই সমগ্ৰ বিশ্বৰ লোকসকলকে প্ৰভাৱিত কৰিছে

আয়াৰলেণ্ডৰ গালৱে বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়নত দাবী কৰা হৈছে যে, হতাশাই সমগ্ৰ বিশ্বৰ লোকসকলকে প্ৰভাৱিত কৰিছে। গৱেষকসকলে প্ৰমাণ পাইছিল যে হতাশাৰ লক্ষণ থকা লোকসকলৰ ষ্ট্ৰ’কৰ পিছত আৰোগ্য হোৱাৰ আৰু স্বাভাৱিক জীৱনলৈ উভতি অহাৰ সম্ভাৱনা যথেষ্ট কম আছিল।এই সন্দৰ্ভত মুখ্য গৱেষক ৰবাৰ্ট পি মাৰ্ফিয়ে উল্লেখ কৰা মতে, সমগ্ৰ বিশ্বৰ লোকসকলকেই হতাশাই বেয়াকৈ আগুৰি ধৰিছে। ই এজন ব্যক্তিৰ জীৱন শেষ কৰি দিব পাৰে।

হতাশাত ভুগি থকা লোকসকলক মনোযোগৰ প্ৰয়োজন

এই অধ্যয়নত প্ৰমাণ পোৱা মতে, হতাশাৰ লক্ষণবোৰে এজন ব্যক্তিৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে। এই বিপদাশংকাটো বিশ্বব্যাপী সকলো বয়সৰ লোকৰ ক্ষেত্ৰত একে স্তৰত পোৱা গৈছে। অধ্যয়নটোত এইটোও পোৱা গৈছে যে হতাশাৰ লক্ষণ থকা অংশগ্ৰহণকাৰীসকলৰ লক্ষণ নোহোৱা লোকসকলৰ তুলনাত ষ্ট্ৰ’ক হোৱাৰ আশংকা ৪৬ শতাংশ বেছি আছিল। এই অধ্যয়নত লগতে দেখা গৈছিল যে যিসকল অংশগ্ৰহণকাৰীৰ হতাশাৰ পাঁচ বা ততোধিক লক্ষণ আছিল তেওঁলোকৰ লক্ষণ নোহোৱা সকলৰ তুলনাত ষ্ট্ৰ’ক হোৱাৰ আশংকা ৫৪ শতাংশ বেছি আছিল। 

এইসকল লোকৰ ষ্ট্ৰ’কৰ আশংকা অধিক 

যিকোনো বয়সতে এজন ব্যক্তিৰ ষ্ট্ৰ’কৰ আশংকা থাকিব পাৰে। কিন্তু চিন্তাৰ বিষয় যে , বৰ্তমান  ৪০ বছৰ বয়সৰ তলৰ ১২% লোক ষ্ট্ৰ’কত আ্ক্ৰান্ত হৈছে।উচ্চ ৰক্তচাপ, মধুমেহ, ৰক্তহীনতা, মাইগ্ৰেইন, উচ্চ কলেষ্টেৰলৰ সমস্যা থকা লোক তথা গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰা মহিলাসকলৰ ষ্ট্ৰ’ক হোৱা সম্ভাৱনা অধিক।ইয়াৰ উপৰিও ৫৫ বছৰৰ অধিক বয়স, শাৰীৰিক সক্ৰিয়তা নথকা, ধূমপান, অত্যাধিক সুৰা পান কৰা, মেদবহুল আৰু এলেহুৱা লোকৰ ষ্ট্ৰ’কৰ আক্ৰান্ত হোৱাৰ আশংকা বহুত বেছি।

ষ্ট্ৰ’কৰ লক্ষণ

ষ্ট্ৰ’কৰ আটাইতকৈ সচৰাচৰ লক্ষণ হৈছে শৰীৰৰ এটা ফাল দুৰ্বল হৈ পৰা। যেতিয়া ষ্ট্ৰ’ক হয়, ৰোগীয়ে শৰীৰৰ এফালৰ হাত আৰু ভৰি লৰচৰ কৰিব নোৱাৰা, কথা কোৱাত অসুবিধা, শ্ৰৱণ শক্তি হ্ৰাস আৰু দৃষ্টিশক্তি অস্পষ্ট হৈ পৰে।সেয়েহে, এই লক্ষণবোৰ দেখা দিয়াৰ লগে লগে ৰোগীক চিকিৎসালয়লৈ লৈ যাব লাগে। মনত ৰাখিব যে, সেই চিকিৎসালয়খনত যাতে চিটি স্কেন আৰু এম.আৰ.আইৰ সুবিধা থাকে।

ষ্ট্ৰ’কৰ লক্ষণ, কোনসকল লোক বেছিকৈ সাৱধান হ’ব লাগে জানি লওঁক
তেজৰ এই ৰোগত আক্ৰান্ত হ’লে কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in