দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যাঃ ৰোগ চিনাক্ত হোৱাৰ পূৰ্বেই হৈছে মৃত্যু !

দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যাঃ ৰোগ চিনাক্ত হোৱাৰ পূৰ্বেই হৈছে মৃত্যু !
দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যাঃ ৰোগ চিনাক্ত হোৱাৰ পূৰ্বেই হৈছে মৃত্যু !

ডিজিটেল ডেস্কঃ ভাৰতে বিশ্বৰ জনসংখ্যাৰ তালিকাত শীৰ্ষস্থান দখল কৰাৰ লগতে ভাৰতত জন্মগত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে। ভাৰতত প্ৰতি ১০০০ শিশুৰ বিপৰীতে ১০ টাকৈ শিশু হৃদৰোগত আক্ৰান্ত।

যেতিয়া পিতৃ-মাতৃয়ে নিজৰ সন্তান জন্মগত হৃদৰোগত আক্ৰান্তৰ কথা গম পাই তেতিয়া আক্ষৰিক অৰ্থতে এক দুঃস্বপ্ন যেন হৈ পৰে। জন্মগত হৃদৰোগ সহজ বা জটিলো হ’ব পাৰে।

এই ৰোগত আক্ৰান্ত কিছু শিশুৰ অৱস্থা ইমানেই জটিল হ'ব পাৰে যে, এই ৰোগত আক্ৰান্তৰ পূৰ্বেই মৃত্যু পৰ্যন্ত হ'ব পাৰে। আনহাতে, এজন ব্যক্তি প্ৰাপ্তবয়স্ক হোৱাৰ পাছতো জন্মগত হৃদৰোগত আক্ৰান্ত হোৱাৰ বিষয়টো ধৰা পৰিব পাৰে।

যোৱা কেইবছৰমানৰ পৰা ভাৰতত এনে ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বহু উন্নতিও হৈছে।এইক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ হাস্পতাল গুৱাহাটীৰ খানাপাৰাস্থিত Health City Hospital য়ে এক উল্লেখনীয় পদক্ষেপ লৈ যোৱা ৮ মাহে মুঠ ২৫০ জন জন্মগত হৃদৰোগত আক্ৰান্তক সফল চিকিৎসা কৰিবলৈ সক্ষম হৈছে। ই এক অভিলেখ হৈ পৰিছে।

ভাৰতবৰ্ষৰ অন্যতম হৃদৰোগৰ শল্য চিকিৎসক ডাঃ ভবানন্দ দাসৰ তত্বাবধানত হাস্পতালখনৰ বিশিষ্ট শিশু হৃদৰোগ চিকিৎসক Interventional Pediatric Cardiologist ডাঃ সৌৰভী দাস আৰু শিশুহৃদৰোগ শল্য চিকিৎসক ডাঃ নইম ৰাজাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট কাৰ্ডিয়ক এনাস্থেথিস্ত ডাঃ হেমজিৎ তালুকদাৰ আৰু বিশেষজ্ঞ দলটোৰ দ্বাৰা সফলতাৰে ইতিমধ্যে বহু কেইটা জটিল জন্মগত হৃদৰোগৰ চিকিৎসা কৰা হৈছে।

এই ২৫০ জন জন্মগত হৃদৰোগ ৰোগীৰ ভিতৰত ৫০ জন ডাঃ সৌৰভি দাস আৰু তেওঁৰ দলটোৱে কী হোল অস্ত্ৰোপচাৰ ( অৰ্থাৎ বুকুত কোনো দাগ নোহোৱাকৈ)ৰ দ্বাৰা চিকিৎসা কৰিছে। আৰু জন্মগত হৃদযন্ত্ৰৰ বিসংগতি থকা ২০০ শিশু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰি সুস্থ কৰি তোলে কাৰ্ডিয়াক চাৰ্জন ডাঃ নায়েম ৰাজা আৰু দলটোৱে।

এই ৰোগীসকল অসমৰ সকলো জিলাৰ পৰা অসম চৰকাৰৰ চি এইচ ডি আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসা কৰা হৈছিল। শেহতীয়াকৈ ডাঃ সৌৰভি দাসে অতি বিৰল পদ্ধতিৰে এটি ৯ মহীয়া শিশুৰ চিকিৎসা কৰি সুস্থ কৰি তোলে আৰু যিটো পদ্ধতি ভাৰতৰ খুব কম কেইখনমান চিকিৎসালয়হে কৰে।

এই পদ্ধতিৰ দ্বাৰা ৯ মহীয়া শিশুটি ৰক্ষা পৰে। এই শিশুটিৰ হৃদযন্ত্ৰৰ বিসংগতিৰ ফলত হাওঁফাওঁলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ সোঁত নোহোৱাৰ বাবে নীলা হৈ পৰিছিল আৰু অচেতন হৈ পৰিছিল।

ডাঃ সৌৰভিয়ে শিশুটি ভেন্টিলেচনত থকাৰ সময়ত ষ্টেণ্ট (RVOT STENTING) লগাই তেজৰ সোঁতটো মুকলি কৰি দিয়ে। বহু জটিল হৃদৰোগৰ সফলতাৰে অস্ত্ৰপ্ৰচাৰ কৰি ৰোগীক হাস্পতালৰ পৰা স্বগৃহলৈ যাবলৈ দিয়া হৈছে।

এনে জটিল আৰু প্ৰত্যাহ্বানমূলক ক্ষেত্ৰসমূহৰ ভিতৰত কেইটামান হ’ল- সম্পূৰ্ণ এনোমেলাছ পালমোনাৰী ভেনাছ কানেকচন (TAPVC) মেৰামতি, টেট্ৰালজি অৱ ফেল’ট মেৰামতি, এওৰ্ট’-পালমোনাৰী উইণ্ড’ মেৰামতি, ছুপ্ৰামাইট্ৰেল মেমব্ৰেন ৰিচেকচন আৰু গুৰুতৰ পালমোনাৰী হাপাৰটেনচনৰ সৈতে কেইবাটাও ভেন্ট্ৰিকুলাৰ চেপটাল ডিফেক্ট।

শেহতীয়াকৈ এ পি উইণ্ডো ( AP Window) নামেৰে জনাজাত হৃদযন্ত্ৰৰ পৰা ওলাই অহা বৃহৎ ধমনী দুটাৰ মাজত বৃহৎ অস্বাভাৱিক সংযোগ থকা তথা গুৰুতৰভাৱে পুষ্টিহীনতাত ভুগি থকা ৪ কেজি ওজনৰ এটা শিশুক ডাঃ নায়েম ৰাজা আৰু বিশেষজ্ঞ দলটোৱে সফলতাৰে অস্ত্ৰোপচাৰ কৰিছে। আৰু সেই শিশু ৰোগীগৰাকী এতিয়া সুস্থ অৱস্থাত আছে।

দেশত বৃদ্ধি পাইছে জন্মগত হৃদৰোগীৰ সংখ্যাঃ ৰোগ চিনাক্ত হোৱাৰ পূৰ্বেই হৈছে মৃত্যু !
উচ্চতম ন্যায়ালয়ত উলমিছে ৰাহুল গান্ধীৰ ভৱিষ্যতঃ ৪ আগষ্টত পৰৱৰ্তী শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in