/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7dfdac3f-595e-4dd0-ae6f-0df8664c2fd7/13.jpg)
ডিজিটেল ডেস্ক: হাঁহিয়ে আমাৰ জীৱনটো সুন্দৰকৈ উপভোগ কৰাত বহুখিনি অৰিহনা যোগায়। হাঁহিলে মন-প্ৰাণ প্ৰফুল্লিত হয়। প্ৰকৃততে, শৰীৰটো ভালে ৰখাতো হাঁহিয়ে ঔষধৰ দৰে কাম কৰে। কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমিবোৰে ভালকৈ হাঁহিবলৈ পাহৰি যোৱাৰ দৰেই হৈছে। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হোৱা মতে, প্ৰিয়জনৰ সৈতে মন খুলি ডাঙৰকৈ হাঁহিলে ই আমাক বহু শাৰিৰীক সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখে।প্ৰিয়জনৰ সৈতে ভালকৈ হাঁহিলে আমাৰ শৰীৰৰ কি কি উপকাৰ হয়, আজি জানো আহক-
পেশী উদ্দীপিত কৰে
হাঁহিলে অক্সিজেন সমৃদ্ধ বায়ু গ্ৰহণ কৰাত সহায় হয়। যাৰ ফলত হৃদযন্ত্ৰ, হাঁওফাঁও আৰু পেশী উদ্দীপিত হয়।তদুপৰি, হাঁহিলে এণ্ডোৰ্ফিন হৰমন মুকলি কৰাতো ই সহায়ক। যিয়ে আমাৰ মনোভাৱ উন্নত কৰাত সহায় কৰে।
চাপ উপশম
আপোনজনৰ লগত প্ৰাণখুলি হাঁহিলে চাপ আৰু উদ্বিগ্নতাও হ্ৰাস হয়। হাঁহিয়ে হৃদস্পন্দনৰ হাৰ আৰু ৰক্তচাপো নিয়ন্ত্ৰণ কৰিব পাৰে। যিয়ে আমাক শিথিল অনুভৱ কৰায়।
দূৰ কৰে হতাশা
আমি ভাল পোৱাসকলৰ সৈতে হাঁহিলে ই তেজৰ সঞ্চালন বৃদ্ধি কৰাত আৰু পেশীৰ শিথিলতা বৃদ্ধি কৰাত সহায় কৰে। যিয়ে চাপ, হতাশা আৰু উদ্বেগৰ শাৰীৰিক লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে।হাঁহিলে আমাৰ মগজুও সক্ৰিয় হৈ থাকে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
আমি নেতিবাচক চিন্তা কৰিলে ই অধিক চাপৰ সৃষ্টি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। হাঁহিলে নেতিবাচকতা দূৰ হয়। ইয়াৰ ফলত নিউৰোপেপটাইড হৰমন অধিক মুকলি হয়।যিয়ে চাপৰ সৈতে যুঁজ দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
বিষ উপশম
হাঁহিয়ে শৰীৰৰ দ্বাৰা উৎপাদিত প্ৰাকৃতিক বিষনাশক মুকলি কৰাত সহায় কৰে। ই চাপ আৰু শৰীৰৰ বিষ উপশম কৰাত সহায় কৰিব পাৰে।
Also Read: বৃদ্ধ বয়সলৈকে সুস্থ হৈ থকাৰ একেবাৰে সহজ উপায় কেইটা জানি লওঁক