এইবাৰ গুজৰাটত H3N2ৰ আতংক!

হাৰিয়ানা, পঞ্জাৱৰ পিছত এইবাৰ H3N2 কবলত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাট।

author-image
Asomiya Pratidin
New Update
এইবাৰ গুজৰাটত H3N2ৰ আতংক!

ডিজিটেল ডেস্ক: দেশৰ এখনৰ পাছত আনখন ৰাজ্য H3N2ৰ কবলত। হাৰিয়ানা, পঞ্জাৱৰ পিছত এইবাৰ H3N2 কবলত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাট। শেহতীয়াকৈ এই তথ্য ৰাজ্যখনত বিয়পি পৰাৰ লগে লগে আতংকিত হৈ পৰিছে ৰাজ্যখনৰ সচেতন লোক।

Advertisment

প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনৰ ভেণ্ডৰা স্থিত এচ.এচ.জি হাস্পতালত এগৰাকী ৰোগীৰ দেহত ধৰা পৰে এই ভাইৰাছ বিধ। ৫৮ বছৰীয়া ৰোগী গৰাকীৰ দেহত ভাইৰাচ বিধ ধৰা পৰাৰ পিছতেই চিকিৎসকে অতি সুক্ষ্ম ভাৱে চিকিৎসা কৰিছিল যদিও আজি মৃত্যুক সাৱতি লয় মহিলা গৰাকীয়ে।

উল্লেখ যোগ্য যে, উক্ত মহিলা গৰাকীৰ সৈতে বৰ্তমান দেশত H3N2ত মৃত্যুৰ সংখ্যা ৭ গৰাকী আৰু জানুৱাৰীৰ পৰা এই ৰোগত আক্ৰান্তৰ সংখ্যা হৈছে ৫,৪৫১ গৰাকী। আনহাতে বৰ্তমান পৰ্যন্ত অসমত এই ৰোগত আক্ৰান্ত কোনো ৰোগী ধৰা পৰা নাই যদিও মহানগৰীৰ প্ৰদূষিত জলবায়ুৰ বাবে চিন্তাত পৰিছে সচেতন মহল।

Also Read: Rivers of Assam: অসমৰ নদীসমূহ

Indian Council Of Medical Research