আক্ৰান্ত হ'ব পাৰে বিপদজনক ইনফ্লুৱেঞ্জাত, H3N2ৰ লক্ষণসমূহ জানি লৈ সাৱধান হওঁক

আপুনি-মই সাধাৰণ বুলি ভৱা চৰ্দি আৰু জ্বৰ এতিয়া মাৰাত্মক হৈ পৰিছে।হয়, দেশত নতুনকৈ আৱিৰ্ভাব হোৱা ইনফ্লুৱেঞ্জা ভাইৰাছ এইচ৩এন২য়ে এতিয়া সকলোৰে চিন্তাৰ কাৰণ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
আক্ৰান্ত হ'ব পাৰে বিপদজনক ইনফ্লুৱেঞ্জাত, H3N2ৰ লক্ষণসমূহ জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: আপুনি-মই সাধাৰণ বুলি ভৱা চৰ্দি আৰু জ্বৰ এতিয়া মাৰাত্মক হৈ পৰিছে।হয়, দেশত নতুনকৈ আৱিৰ্ভাব হোৱা ইনফ্লুৱেঞ্জা ভাইৰাছ এইচ৩এন২য়ে এতিয়া সকলোৰে চিন্তাৰ কাৰণ হৈ পৰিছে।এই ইনফ্লুৱেঞ্জাৰ ফলত কৰ্ণাটক, পঞ্জাৱ আৰু হাৰিয়ানাত এতিয়ালৈকে ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। বিশেষজ্ঞসকলৰ মতে, যোৱা দুই-তিনি মাহত ইনফ্লুৱেঞ্জা ভাইৰাছৰ এটা উপপ্ৰকাৰৰ এইচ৩এন২-ৰ ফলত মানুহৰ চৰ্দি, কাহ আৰু জ্বৰ বৃদ্ধি হৈছে।শেহতীয়াকৈ অসমতো এজন এই ভাইৰাছত আক্ৰান্ত হৈছে।

Advertisment

ইনফ্লুৱেঞ্জা কেই প্ৰকাৰৰ আছে ?

এইচ১এন১, এইচ৩এন২ আৰু ইনফ্লুৱেঞ্জা বি নামৰ তিনি প্ৰকাৰৰ ইনফ্লুৱেঞ্জা আছে। ইনফ্লুৱেঞ্জা বি-ক য়ামা গাটা বুলিও কোৱা হয়। কিন্তু ভাৰতত বৰ্তমানলৈ দুই প্ৰকাৰৰ ইনফ্লুৱেঞ্জা ভাইৰাছ পোৱা গৈছে। সেই দুটা প্ৰকাৰ হৈছে এইচ১এন১ আৰু এইচ৩এন২।

ইনফ্লুৱেঞ্জাৰ লক্ষণসমূহ 

ইনফ্লুৱেঞ্জাৰ লক্ষণসমূহ হৈছে-

. নাকেৰে পানী ওলাই থকা

. অতিপাত জ্বৰ 

. কাঁহ 

. চৰ্দি 

. হাঁওফাঁওৰ সমস্যা 

. মুৰৰ বিষ

 . ডিঙিৰ বিষ 

কোনসকলৰ আটাইতকৈ বেছি বিপদাশংকা আছে ? 

ইনফ্লুৱেঞ্জা ভাইৰাছে যিকোনো লোককে আগুৰি ধৰিব পাৰে।কিন্তু এই ভাইৰাছে গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু, বৃদ্ধ আৰু যিকোনো ৰোগত আক্ৰান্ত ব্যক্তিক বেছিকৈ প্ৰভাৱিত কৰে।তদুপৰি, স্বাস্থ্যসেৱাৰ লগত জড়িত কৰ্মীসকলো ইনফ্লুৱেঞ্জাৰ দ্বাৰা সোনকালে সংক্ৰমিত হ'ব পাৰে। 

কিদৰে সুৰক্ষিত হৈ থাকিব ? 

এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সদায়েই মাস্ক পিন্ধিব। ভিৰ থকা ঠাইলৈ নাযাব। আপোনাৰ চকু আৰু নাক বাৰে বাৰে স্পৰ্শ নকৰিব।আনহাতে, কাহ আৰু হাঁচি মৰাৰ সময়ত সদায়ে আপোনাৰ মুখ আৰু নাক ঢাকি ৰাখিব। জ্বৰ আৰু মুৰৰ বিষৰ ক্ষেত্ৰত সোনকালে পেৰাচিটামল গ্ৰহণ কৰিব।

এইসমূহ বিষয় সদায় মনত ৰাখিব 

. পানী আৰু চাবোনেৰে আপোনাৰ হাত ভালদৰে ধুব। 

. ৰাজহুৱা স্থানত একেবাৰে থু নেপেলাব। 

. আন লোকৰ লগত হাত মিলাব নালাগে। 

. যদি এই ভাইৰাছৰ লক্ষণবোৰে দেখা দিয়ে, চিকিৎসকৰ সৈতে সোনকালে যোগাযোগ কৰিব। প্ৰয়োজনত এণ্টিবায়টিক বা আন ঔষধ গ্ৰহণ কৰিব। 

. সদায় স্বাস্থ্যকৰ খাদ্য খাব।

. এই ইনফ্লুৱেঞ্জাৰ ভুক্তভোগী সকলৰ পৰা দূৰত্ব থাকিব।

Also Read: Hypothyroidism Diet: থাইৰইডৰ পৰা সকাহ পাবলৈ আপুনি কি খাব লাগে, কি নালাগে জানি লওক