/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e89dc5f0-d042-4a50-87b5-61b628bf4227/AP_FOR_WEB_thyroid__1_.jpg)
ডিজিটেল ডেস্ক: ডায়েবেটিচ, থাইৰইড, ইউৰিক এছিড এতিয়া অতি ভয়াৱহভাৱে আমাৰ সকলোৰে শৰীৰত বৃদ্ধি পাবলৈ ধৰিছে।এই সকলো ৰোগৰ মূলতে হৈছে আমাৰ খাদ্য। খোৱা-বোৱাত সচেতন নোহোৱাৰ বাবেই এই ৰোগবোৰে আমাৰ শৰীৰটোক আগুৰি ধৰে। হাইপোথাইৰয়ডিজে থাইৰইড হৈছে এনে ৰোগ যিয়ে আপোনাৰ শৰীৰৰ ওজন বৃদ্ধি কৰে।শৰীৰে পৰ্যাপ্ত হৰমন প্ৰস্তুত নকৰাৰ ফলত এনে হয়। থাইৰইড হৰমনবোৰে বিকাশ, কোষ মেৰামতি, আৰু বিপাক নিয়ন্ত্ৰণত সহায় কৰে। হাইপোথাইৰয়ডিজমত ভুগি থকা লোকসকলৰ ভাগৰ, চুলি সৰা, ওজন বৃদ্ধি, ঠাণ্ডা আদি সমস্যা হ'ব পাৰে। এই ৰোগৰ পৰা সকাহ পাবলৈ আপুনি আপোনাৰ আহাৰৰ বিশেষ যত্ন ল'ব লাগিব।এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কোনবোৰ খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি পৰিহাৰ কৰিব লাগে আজি জানো আহক-
কণী
থাইৰইডৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কণী খাব পাৰে। কণীৰ হালধীয়া অংশত আয়’ডিন আৰু চেলেনিয়াম পোৱা যায়। আনহাতে, বগা অংশত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1141b3af-01cc-4792-a965-cd7a42213837/egg.jpg)
মাংস
আপুনি সকলো ধৰণৰ মাংস যেনে মুৰ্গী, মাংস আদি খাব পাৰে।
মাছ
আপুনি মাছও খাব পাৰে।এই ৰোগৰ ক্ষেত্ৰত সামুদ্ৰিক মাছ যেনে চালমন, টুনা, হেলিবাট, মিছামাছ আদিবোৰ বেছি উপকাৰী।
শাক-পাচলি
সেউজীয়া শাক-পাচলি খোৱাটো আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। থাইৰইডৰ পৰা সকাহ পাবলৈ আপুনি উচ্চ প্ৰ'টিনযুক্ত পাচলি খাব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2d6459a8-5738-403f-b797-b78bd17b9971/veg.jpg)
ফল
আপুনি আহাৰত বেৰী, কল, কমলা, মধুৰিআম আদিৰ দৰে ফল অন্তৰ্ভুক্ত কৰিব পাৰে।
বীজ
ইয়াৰ বাহিৰেও আপুনি কুইনোৱা, চিয়া বীজ, সূৰ্যমুখী ফুলৰ বীজ খাব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d97bedf6-ea2c-4494-8895-8729276d921f/seeds.jpg)
দুগ্ধজাত সামগ্ৰী
আপুনি দুগ্ধজাত সামগ্ৰীও গ্ৰহণ কৰিব পাৰে।থাইৰইডৰ পৰা বাচি গাখীৰ, চীজ, দৈৰ দৰে সামগ্ৰীবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি।
এই খাদ্যবোৰ পৰিহাৰ কৰিব
থাইৰইড ৰোগীয়ে অত্যাধিক সংসাধিত খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। সংসাধিত খাদ্যত কেলৰিৰ পৰিমাণ বহুত বেছি। অতিৰিক্ত কেলৰি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
জাংক ফুড
জাংক ফুড পৰাপক্ষত গ্ৰহণ নকৰিব। ইয়াৰ বাহিৰেও অধিক সংসাধিত খাদ্য যেনে হট ডগ, কেক, কুকিজও খাব নালাগে। সংসাধিত খাদ্যত ছডিয়ামৰ পৰিমাণ অতি বেছি। ইয়াক অত্যাধিক পৰিমাণে গ্ৰহণ কৰিলে থাইৰইড ৰোগীৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e7d3f050-4611-45f1-a811-d9f3dcdadf23/junk.jpg)
Also Read: Diabetes Diet: এই ৮ বিধ খাদ্য খাই প্ৰাকৃতিকভাৱে কমাই দিয়ক ডায়েবেটিচ
গ্লুটেন খাদ্য
থাইৰইড ৰোগীয়ে গ্লুটেন গ্ৰহণ হ্ৰাস কৰিব লাগে। গ্লুটেনৰ পৰা তৈয়াৰ কৰা খাদ্য যেনে ঘেঁহু, বাৰ্লি আৰু ৰাই খাব নালাগে।
ব্ৰকলী আৰু ফুলকবি
থাইৰইড ৰোগীয়ে কেঁচা বা আধা ৰন্ধা সেউজীয়া শাক-পাচলি খাব নালাগে। বিশেষকৈ ব্ৰকলী আৰু ফুলকবি। ইয়াত এণ্টিথাইৰইড আৰু গইট্ৰোজেনিক গুণাগুণ আছে, যি থাইৰইড ৰোগীৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
মিঠাই
থাইৰডৰ পৰা বাচি থাকিবলৈ আপুনি অত্যাধিক চেনী খোৱা উচিত নহয়। চেনীয়ে আপোনাৰ পাচন তন্ত্ৰ প্ৰভাৱিত কৰিব পাৰে। ই আপোনাৰ ওজন বৃদ্ধি কৰাৰ লগতে থাইৰইড গ্ৰন্থিৰ স্তৰ অনিয়ন্ত্ৰিত কৰিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8135cbe8-0001-4198-a5f6-a732be6b3fa7/meetha.jpg)
Note: এই নিবন্ধটোৰ তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। ই আপোনাক সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰাৰম্ভিক ধাৰনা কৰাত সহায় কৰিব। অধিক পৰামৰ্শৰ বাবে আপুনি চিকিৎসকৰ সহায় ল’ব।