এইবাৰ মুম্বাইত H3N2 ৰোগী...

এইবাৰ মুম্বাইত H3N2 ৰোগী...

ডিজিটেল ডেস্ক: এইবাৰ মুম্বাইত ধৰা পৰিছে H3N2ৰ ৰোগী। শেহতীয়াকৈ দেশত এবিধ নতুন ভাইৰাছ পোহৰলৈ আহিছে। ঋতুগত ৰোগ হিচাপে ধৰা পৰা এই ৰোগ বিধৰ আক্ৰমণৰ ফলত দেশত ইতিমধ্যেই কেইবাগৰাকীও লোকে মৃত্যুক আকোঁৱালি লৈছে।

পশ্মিমবংগ, হাৰিয়ানা, পঞ্জাৱত এই ৰোগৰ ৰোগী ধৰা পৰাৰ পাছত শেহতীয়াকৈ বুধবাৰে অসমতো এই ৰোগত আক্ৰান্ত এগৰাকী ৰোগীৰ কথা ৰাজ্যৰ স্বাস্থ্য বিভাগে অৱগত কৰে। আৰু ইয়াৰ পিছত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইটো এই ৰোগত আক্ৰান্ত ৰোগীৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পায়। মুম্বাইত এই ৰোগত আক্ৰান্ত ৪ গৰাকী ৰোগীক চিকিৎসা কৰি থকা হৈছে।

ঋতুগত এই ৰোগবিধৰ পৰা বাছি থাকিবলৈ আমি সতৰ্কতাৰে থকা উচিত। ইয়াৰ বাবে কি দৰে আমি সতৰ্ক হৈ থাকিব লাগিব পঢ়ক আমাৰ তলৰ লিংকত দিয়া প্ৰতিবেদন-

এইবাৰ মুম্বাইত H3N2 ৰোগী...
কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in