কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...

কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...
কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ দেশত নতুনকৈ প্ৰাদুৰ্ভাৱ হোৱা ঋতুগত ইনফ্লুৱেঞ্জা ৰোগৰ প্ৰতি লক্ষ্য ৰাখি ইন্টিগ্রেটেড ডিজিজ চাৰ্ভিলেঞ্চ প্রগ্রাম (আই ডি এছ পি)ৰ সৈতে একত্ৰিত হৈ অসমত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আই ডি এছ পিৰ অধীনৰ জিলা নিৰীক্ষণ বিষয়াসকলে ভাৰত চৰকাৰ আৰু আই চি এম আৰৰ দ্বাৰা প্ৰস্তুত কৰা নিৰ্দেশনা অনুসৰি অসমৰ প্ৰতিখন জিলাতে এই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে স্বাস্থ্য বিভাগ প্রস্তুত হৈ আছে।

কি এই ঋতুগত ইনফ্লুৱেঞ্জাঃ ঋতুগত ইনফ্লুৱেঞ্জা হৈছে শ্বাসনলীত হোৱা এক সংক্রমণ, ই ৪ টা পৃথক পৃথক প্ৰকাৰৰ ভাইৰাছৰ দ্বাৰা হোৱা দেখা যায়। যেনে ইনফ্লুৱেঞ্জা এ, বি, চি আৰু ডি। এই প্ৰকাৰবোৰৰ ভিতৰত ইনফ্লুৱেঞ্জা 'এ' হৈছে মানুহৰ বাবে আটাইতকৈ সঘনাই হোৱা বীজাণুৰ দ্বাৰা হোৱা এক ৰোগ আৰু ইনফ্লুৱেঞ্জা ‘এ’ৰ (এইচ১এন১)/ এ(এইচ১এন১) পি ডি এম০৯, এ(এইচএন২)ৰ উপ-প্ৰকাৰবোৰ হৈছে সাম্প্ৰতিক ঋতুকালীন ভাইৰাছজনিত ৰোগ।

বিশ্বব্যাপী, বছৰৰ কেইটামান নির্দিষ্ট মাহতহে ইনফ্লুৱেঞ্জাৰ ৰোগ সাধাৰণতে বৃদ্ধি হোৱা দেখা যায়। ভাৰতবৰ্ষত, ঋতুগত ইনফ্লুৱেঞ্জা ৰোগ সাধাৰণতে দুটা সময়ত হোৱা পৰিলক্ষিত হয় - এটা সময় হৈছে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ আৰু আনটো সময় হৈছে বৰ্ষাকালৰ পিছত। অৱশ্যে এই ঋতুগত ইনফ্লুৱেঞ্জাৰ পৰা উদ্ভৱ হোৱা ৰোগবোৰ মাৰ্চৰ শেষৰফালে হ্রাস হোৱাৰ সম্ভাৱনাই অধিক।

এই ৰোগৰ বৈশিষ্ট্যসমূহঃ বেছিভাগ ক্ষেত্ৰত কাহ আৰু চৰ্দি, শৰীৰৰ বিষ আৰু জ্বৰ, দুৰ্বলতা, ডায়েৰিয়া আদি লক্ষণতে ৰোগবিধ সীমাবদ্ধ হৈ থাকে। ই সাধাৰণতে এসপ্তাহ বা তাতোকৈ কিছু দিনলৈ থাকে আৰু এই ৰোগত আক্ৰান্ত ব্যক্তি আৰোগ্য হয়।

এই ৰোগত আক্ৰান্ত সম্ভাব্য গুৰুতৰ বিপদাশংকা লোকসকল হৈছে— নৱজাতক, শিশু, গৰ্ভৱতী মহিলা, ৬৫ বছৰৰ অধিক বয়সৰ বৃদ্ধ লোক আৰু অন্যান্য ৰোগৰ উপসর্গ থকা লোক। যদি এই সকললোক এই ৰোগত আক্রান্ত হয় তেন্তে জটিল সমস্যাৰ সন্মুখীন হ'ব পাৰে।

সেয়েহে এনে ৰোগীক তৎকালীনভাৱে ওচৰৰ চিকিৎসালয়ত পৰামৰ্শৰ কাৰণে যোগাযোগ কৰোৱাটো নিত্যান্তই প্রয়োজন। বহুক্ষেত্ৰত এনে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়াও হ'ব পাৰে।

কিদৰে সংক্ৰমণ হয় এই ৰোগঃ

এই ৰোগত আক্ৰান্ত ৰোগীয়ে কাহ আৰু হাঁচি মাৰিলে মুখৰ পৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমণ হয়। এই ৰোগবিধ সংক্ৰমণৰ অন্যান্য কাৰকসমূহ হৈছে আক্ৰান্ত ৰোগীয়ে কাহ মাৰিলে আৰু হাঁচি মাৰিলে মুখৰ পৰা ওলোৱা ক্ষুদ্র ক্ষুদ্র কণিকাবোৰ পৰি থকা স্থানত হাতেৰে চুই নিজৰ চকু, নাক আদি স্পৰ্শ কৰিলে পৰোক্ষভাৱে (ফমাইট সংক্রমণ) এই ৰোগত আক্ৰান্ত হয় আৰু এই ৰোগত আক্ৰান্ত ৰোগীৰ সৈতে প্রত্যক্ষভাবে সংস্পৰ্শলৈ আহিলে বা কৰমৰ্দন কৰিলেও এই ৰোগ সংক্রমিত হয়।

অসমত ১ জানুৱাৰী ২০২৩-ৰ পৰা ১৫-০৩-২০২৩ তাৰিখলৈকে অসমত এইচএন ২ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমানলৈকে মাত্ৰ এজন।

এই ৰোগ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা কাৰ্যপন্থাসমূহঃ

  • হাত ধোৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰা, কাহ, হাঁচি মাৰোতে সঠিক স্বাস্থ্যবিধিসমূহ অনুশীলন কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।

  • চিকিৎসা মহাবিদ্যালয়কে ধৰি সকলো স্বাস্থ্য কেন্দ্ৰসমূহত পৰীক্ষাৰ কিট, ঔষধ, ৰোগ নিৰ্ণয় আৰু ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত সামগ্ৰী মজুত ৰখা হৈছে।

  • অসমৰ সকলো জিলাতে চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়াসকল, এম. পি.ডব্লিউ., এছ.ডব্লিউ., এ.এন.এম., আশাক অন্তৰ্ভুক্ত কৰি আই.এল.আই./এ. আৰ.আই./এছ.এ. আৰ.আই. আদি ৰোগৰ নিৰীক্ষণ কৰি থকা হৈছে।

  • ৰাজ্য আৰু জিলাৰ দলসমূহে আই ডি এছ পি-আই এইচ আই পিৰ জৰিয়তে সঠিক সময়ৰ ভিতৰত নিৰন্তৰভাৱে পুনঃনিৰীক্ষণ কৰি আছে।

চিকিৎসাৰ বাবে নিৰ্দেশনামূলক নীতিসমূহ:

  • ৰোগৰ নোচ কমিয়েল / পৰিয়ালত ৰোগৰ সম্প্ৰসাৰণ হ্ৰাস কৰিবলৈ সংক্রমণ নিয়ন্ত্রণ সাৱধানতা আগতীয়াকৈ ৰূপায়ণ কৰা।

  • গুৰুতৰ ৰোগ আৰু মৃত্যু প্রতিহত কৰিবলৈ তৎক্ষণাৎ চিকিৎসাৰ ব্যৱস্থা কৰা।

  • ইনফ্লুৱেঞ্জাৰ গুৰুতৰ জটিলতাৰ আশংকা থকা ব্যক্তিসকলক আগতীয়াকৈ চিনাক্ত কৰি সঠিকভাৱে তত্বাৱধানত ৰাখক ।

সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া

  • সঘনাই চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধুৱা।

  • যদি আপোনাৰ কোনো লক্ষণে দেখা দিয়ে, তেনেক্ষেত্ৰত সদায় মাস্ক পৰিধান কৰিব আৰু জন সমাগম হোৱা স্থানৰ পৰা আঁতৰি থাকিব।

  • হাঁচি আৰু কাহ মাৰোতে মুখ আৰু নাক ঢাকি ৰাখিব।

  • জ্বৰ আৰু শৰীৰৰ বিষ হ'লে স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ অনুসৰিহে পেৰাচিটামল গ্ৰহণ কৰিব।

সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে নকৰিবলগীয়া ঃ

  • যথাসম্ভৱ চকু আৰু নাক স্পৰ্শ নকৰিব।

  • আনৰ সৈতে কৰমদন নতুবা সমতুল্য সম্ভাষণৰ পদ্ধতি অৱলম্বন নকৰিব।

  • ৰাজহুৱা স্থানত থু-খেকাৰ নেপেলাব।

  • চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এন্টিবায়টিক বা অন্যান্য ঔষধ গ্রহণ নকৰিব।

কি এই H3N2 ? এইদৰে নিজকে ৰক্ষা কৰক সংক্ৰমণৰ পৰা...
'মদ' অবিহনে অসাৰ অসম চৰকাৰ ! বিধানসভাত 'মদ'ৰ খতিয়ান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in