
ডিজিটেল ডেস্ক: হাঁপানি ৰোগীসকলে আহাৰ আৰু জীৱনশৈলীৰ বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী। অলপ অসাৱধানতাৰ বাবেই এই ৰোগীসকলৰ জীৱন সমস্যাত পৰিব পাৰে।আজিকালি শিশুসকলো হাঁপানিত আক্ৰান্ত হয়।ইয়াৰ মূখ্য কাৰণ হৈছে বৰ্ধিত প্ৰদূষণ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা।অৱশ্যে, সঠিক আহাৰ গ্ৰহণ কৰি হাঁপানি ৰোগ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।সেয়েহে হাঁপানি ৰোগীসকলে তেওঁলোকৰ আহাৰত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে আৰু আন কিছুমান পৰিহাৰ কৰিব লাগে।আজি এই বিষয়ে জানো আহক-
দাইল
দাইলত প্ৰচুৰ পৰিমানে প্ৰ'টিন থাকে। সেয়েহে ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আনহাতে, হাঁপানি ৰোগীসকলেও মগু দাইল, চয়াবিন, মাটি দালিৰ লগতে অন্যান্য মাহজাতীয় শস্য খাব লাগে।দাইল খালে হাঁওফাঁও শক্তিশালী হয়।হাঁপানিৰ ৰোগীসকলে দিনে কমেও এক বাতি দাইল খোৱাটো খুবেই দৰকাৰী।
সেউজীয়া পাচলি
আপুনি যদি হাঁপানিত আক্ৰান্ত, তেনেহ'লে সেউজীয়া পাচলি খুব খাব। সেউজীয়া পাচলি খালে হাঁওফাঁওত কফ জমা নহয় আৰু শৰীৰেও সকলো ভিটামিন লাভ কৰে। ই আমাৰ শৰীৰত হাঁপানি আক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে। সেউজীয়া পাচলি অন্ত্ৰৰ বাবেও ভাল।
ভিটামিন চি
হাঁপানিৰ ৰোগীসকলে খাদ্যত ভিটামিন চি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ই শৰীৰক যথেষ্ট পৰিমাণে এণ্টি-অক্সিডেণ্ট প্ৰদান কৰে, যিয়ে হাঁওফাঁও সুৰক্ষিত কৰে। ভিটামিন চি খোৱাৰ ফলত হাঁপানিৰ আক্ৰমণৰ আশংকা হ্ৰাস হয়।
মৌ আৰু ডালচেনি
হাঁপানিৰ ৰোগীসকলে মৌ আৰু ডালচেনি খাব লাগে। প্ৰতি নিশা শোৱাৰ আগতে মৌৰ সৈতে মিহলি কৰা ২-৩ চিমুটি ডালচেনি গুৰি খোৱাটোৱে হাঁওফাঁওক বহুখিনি সকাহ দিয়ে।
তুলসী
হাঁপানি ৰোগীসকলে তুলসী খোৱাটোও খুব উপকাৰী। ই শৰীৰক এণ্টি-অক্সিডেণ্ট প্ৰদান কৰে।প্ৰতিদিনে চাহত তুলসীৰ পাত দি খালে ই ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে।
হাঁপানিৰ ৰোগীসকলে এইসমূহ খাদ্য গ্ৰহণ কৰিব নালাগে
হাঁপানি ৰোগীসকলে খাদ্যত ঘেঁহু, কণী, ছ’য়া, অমিতা, কল, চেনী, চাউল আৰু দৈ খাব নালাগে। অত্যাধিক ভজা আৰু ঠাণ্ডা খাদ্যও পৰিহাৰ কৰিব লাগে।