গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কাৰণ লাগিলে যিয়ে নহওঁক, আজিকালি অধিকাংশ লোকেই অৰ্ডাৰ কৰি খাদ্য খায়।কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ'ব।

author-image
Asomiya Pratidin
New Update
গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

breast-cancer

ডিজিটেল ডেস্ক: কাৰণ লাগিলে যিয়ে নহওঁক, আজিকালি অধিকাংশ লোকেই অৰ্ডাৰ কৰি খাদ্য খায়।কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ'ব। খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বক্সবোৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা।হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। এই অধ্যয়নত প্ৰমাণ হৈছে যে, স্তনৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত প্ৰায় ২০০ টা ৰাসায়নিক পদাৰ্থ খাদ্য পেকেজিঙৰ বক্স আৰু বিভিন্ন প্লাষ্টিকৰ বাচন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

Advertisment

অধ্যয়নৰ সহ-লেখক জেন মুনকে উল্লেখ কৰা মতে, দৈনন্দিন জীৱনত বিপদজনক ৰাসায়নিক পদাৰ্থ হ্ৰাস কৰি কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়া অধিক মনোযোগৰ প্ৰয়োজন হৈছে। এই অধ্যয়নটোয়ে প্ৰমাণ কৰে যে স্তনৰ কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো প্ৰতিহত কৰাৰ এক বৃহৎ সুযোগ আছে।

স্তনৰ কৰ্কট হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত ২.৩ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু বিশ্বব্যাপী ৬,৭০,০০০ মহিলাৰ মৃত্যু হৈছিল। অধ্যয়নটোত গৱেষকসকলে খাদ্য সমগ্ৰীত ১৮৯ টা সম্ভাৱ্য স্তন কাৰ্চিনোজেন বিচাৰি পাইছিল, যাৰ ভিতৰত আছে প্লাষ্টিকৰ বক্সত থকা খাদ্যত ১৪৩ টা আৰু কাগজ বা বোৰ্ডৰ বক্সত থকা ৮৯ টা।

তদুপৰি, গৱেষকসকলে বিশ্বব্যাপী ৭৬ টা সন্দেহজনক স্তন কাৰ্চিনোজেনৰ সংস্পৰ্শলৈ অহাৰ প্ৰমাণো পাইছিল, যাৰ ৬১ টা প্লাষ্টিকৰ। গৱেষকসকলৰ মতে, এইধৰণৰ সাম্ভাৱ্য স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিবলৈ নিজে সৰ্তক হোৱাটো খুবেই বেছি দৰকাৰী হৈ পৰিছে।

Also Read: বিলাহী সকলোৰে বাবে উপকাৰী নহয়