Fatty Liver Diet: ফেটী লিভাৰত খাওঁক এইসমূহ খাদ্য

যকৃতত চৰ্বি জমা হোৱাৰ ফলত হোৱা এবিধ ৰোগ হৈছে ফেটী লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ ৰোগ।অতিৰিক্ত সুৰা সেৱনৰ ফলত শৰীৰত এই সমস্যাই দেখা দিয়ে। সুৰা সেৱন নকৰাসকলৰো এই ৰোগ হোৱা দেখা যায়।

author-image
asomiyapratidin
আপডেট কৰা হৈছে
New Update
22

ডিজিটেল ডেস্ক: যকৃতত চৰ্বি জমা হোৱাৰ ফলত হোৱা এবিধ ৰোগ হৈছে ফেটী লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ ৰোগ।অতিৰিক্ত সুৰা সেৱনৰ ফলত শৰীৰত এই সমস্যাই দেখা দিয়ে। সুৰা সেৱন নকৰাসকলৰো এই ৰোগ হোৱা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ১০০নিযুত লোকৰ সুৰাবিহীন ফেটী লিভাৰ ৰোগত আক্ৰান্ত।এইটো শিশুৰ ক্ষেত্ৰত আটাইতকৈ সচৰাচৰ হোৱা যকৃতৰ ৰোগ। এই ৰোগৰ আটাইতকৈ গুৰুতৰ প্ৰকাৰটোক নন এলকহলিক ফেটী লিভাৰ ষ্টেটোহেপাটাইটিছ (এনএএছএইচ) বুলি কোৱা হয়। ইয়াৰ পৰা চিৰোচিছ আৰু যকৃতৰ কৰ্কট ৰোগ পৰ্যন্ত হ’ব পাৰে। এই ৰোগৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন। যাৰ ভিতৰত ওজন হ্ৰাস কৰা আৰু সুৰা পৰিহাৰ কৰা অন্যতম।

Advertisment

এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চৰ্বিযুক্ত আহাৰ খোৱাৰ পৰাও বিৰত থাকিব লাগে।এই ক্ষেত্ৰত খাবলগীয়া কেতবোৰ খাদ্য হৈছে-

বাদামৰ গাখীৰ বা কম চৰ্বিযুক্ত গৰুৰ গাখীৰ

চৰ্বিযুক্ত যকৃতৰ ৰোগ থকা প্ৰাপ্তবয়স্ক আৰু শিশুসকলে কেলচিয়াম সেৱনৰ প্ৰতি মনোযোগ দিব লাগিব। পৰ্যাপ্ত কেলচিয়াম আৰু ভিটামিন ডি গ্ৰহণে চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বিকাশ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। কেলচিয়াম সকলোৰে বাবে গুৰুত্বপূৰ্ণ।যাৰ বাবে প্ৰতিদিনে তিনি গিলাচলৈকে গাখীৰ খাব পাৰে।বাদাম মিল্ক ও এই ৰোগৰ বাবে অতি উপকাৰী।

কফি

চৰ্বিযুক্ত যকৃত উন্নত কৰাৰ বাবে কফি বৰ্তমান আটাইতকৈ কাৰ্যকৰী উপায় বোৰৰ অন্যতম বুলি বিবেচনা কৰা হয়।কফিয়ে অন্ত্ৰৰ পাৰমাণবিকতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত মানুহৰ বাবে চৰ্বি শোষণ কৰা অধিক কঠিন হৈ পৰে। ৰোগীৰ ওপৰত নিৰ্ভৰ কৰি চেনী আৰু ক্ৰীম মিহলি নকৰাকৈ একাধিক কাপ কফি দিনটোত সেৱন কৰিব পাৰে।

Also Read: Diabetes Diet: এই ৮ বিধ খাদ্য খাই প্ৰাকৃতিকভাৱে কমাই দিয়ক ডায়েবেটিচ

ভিটামিন ই সমৃদ্ধ খাদ্য

পালেং শাক, বাদাম, কাঠ বাদাম, ৰঙালাও আদিকে ধৰি ভিটামিন ই সমৃদ্ধ খাদ্য এই ৰোগত আক্ৰান্ত লোকসকলৰ বাবে অতি উপকাৰী।সেয়ে খাদ্যৰ তালিকাত এই খাদ্যবোৰ অন্তৰ্ভূক্ত কৰাটো অত্যন্ত দৰকাৰী।  

পানী

ডিহাইড্ৰেচন আৰু যকৃতৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিহাৰ কৰিবলৈ দৈনিক শৰীৰৰ ওজনৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পানী সেৱন কৰাটো অতি প্ৰয়োজনীয়।পিয়াহ লাগিলে বজাৰত উপলব্ধ আন চেনী জাতীয় পানীয়তকৈ পানীয়েই সকলো ফালৰ পৰা উত্তম।

জলফাই তেল

কিছুমান তেলে স্বাস্থ্যকৰ চৰ্বি প্ৰদান কৰিব পাৰে। ইয়াৰ ভিতৰত জলফাই তেল আৰু আভাকাডো তেল বিশেষভাৱে উ্লেখনীয়। এই তেলে সোৱাদ বৃদ্ধি কৰাৰ লগতে যকৃতৰ এনজাইমৰ স্তৰ হ্ৰাস কৰে। 

ফ্লেক্স আৰু ছিয়া বীজ

এইসমূহ হৈছে অমেগা ৩ এচিডৰ উৎকৃষ্ট উৎস। ই যকৃতত চৰ্বিৰ পৰিমাণ হ্ৰাস কৰে।সেয়ে দুয়ো প্ৰকাৰৰ ৰোগৰ বাবে ফ্ৰেক্স আৰু ছিয়া বীজ অতি উপকাৰী।

নহৰু

এক অধ্যয়নত প্ৰমাণ হৈছে যে, আপোনাৰ খাদ্য তালিকাত নহৰু  অন্তৰ্ভূক্ত কৰিলে শৰীৰৰ চৰ্বিৰ ভৰ হ্ৰাস হয় আৰু লগতে যকৃতৰ চৰ্বি কমোৱাৰ ক্ষেত্ৰটো ই অত্যন্ত ফলপ্ৰসু।

Also Read: 14 Powerful Health Benefits Of Tulsi: তুলসী পাতৰ ঔষধি গুণ

এই লেখাটোৰ তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। ই আপোনাক সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰাৰম্ভিক ধাৰনা কৰাত সহায় কৰিব। অধিক পৰামৰ্শৰ বাবে আপুনি চিকিৎসকৰ সহায় ল’ব

DIET health