/asomiyapratidin/media/media_files/2025/08/08/seo-2025-08-08-15-20-08.png)
ডিজিটেল ডেস্ক: ওলকচু, বাৰিষাত বাৰী শুৱনি কৰা এবিধ অন্যতম পুষ্টিদায়ক পাচলি। এই পাচলিবিধক ইংৰাজীত Elephant foot yam বা Elephant yam বুলি কোৱা হয়। ওলকচুত কাৰ্বহাইড্ৰেট, প্ৰ'টিন, জিংক, ফছফৰাছ, পটাছিয়াম, ভিটামিন বি ৬, ভিটামিন এ আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। তদুপৰি, ই ফেনল, এলকেল’ইড, ফ্লেভন’ইড গঠন কৰাত সহায়ক, যিয়ে শৰীৰটোক সঠিকভাৱে কাৰ্য সম্পন্ন কৰাত মুখ্য ভূমিকা পালন কৰে। ওলকচুত চৰ্বি একেবাৰে নগণ্য পৰিমাণত থাকে।
প্ৰতি ১০০ গ্ৰাম ওলকচুত থকা পুষ্টি
কেলৰি: ১১৮
কাৰ্বহাইড্ৰেট: ২৫ গ্ৰাম
চৰ্বি: ১.৫ গ্ৰাম
প্ৰটিন: ৯.৮১ গ্ৰাম
আঁহ: ৫.৭ গ্ৰাম
কেলচিয়াম: ২০ মিলিগ্ৰাম
আইৰণ: ১.৮ মিলিগ্ৰাম
মেগনেছিয়াম: ৮২ মিলিগ্ৰাম
ছ’ডিয়াম: ১৪.২ মিলিগ্ৰাম
জিংক: ২ মিলিগ্ৰাম
তাম: ০.৩ মিলিগ্ৰাম
ভিটামিন চি: ১২.১ মিলিগ্ৰাম
ভিটামিন কে: ২.৩ মিলিগ্ৰাম
ভিটামিন বি (১): ০.১ মিলিগ্ৰাম
ভিটামিন বি (৬): ৬০.২ মিলিগ্ৰাম
আয়ুৰ্বেদ চিকিৎসাত ওলকচু
ওলকচু ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰ্য়ুবেদ চিকিৎসাৰ এক অবিচ্ছেদ্য অংগ। আয়ুৰ্বেদত ওলকচুক ৰুচি অনুসৰি জ্বলা আৰু কেঁহা বুলি বৰ্ণনা কৰা হৈছে, যিয়ে শৰীৰত উষ্ণতা বা তাপৰ সৃষ্টি কৰে আৰু আয়ুৰ্বেদৰ ‘কফা’ আৰু ‘বাটা’ৰ দোষ হ্ৰাস কৰে। প্ৰাচীন আয়ুৰ্বেদিক গ্ৰন্থ ‘ভোজন কুথুহলামত সুৰাণ’ত উল্লেখ থকা মতে, ওলকচু হজম শক্তি বৃদ্ধি, অৰ্শ ৰোগ, পেটৰ বিষ আৰু তেজৰ বিকাৰৰ চিকিৎসাৰ বাবে এক উৎকৃষ্ট ঔষধ।
- ওলকচু থেতেলিয়াই ঘিউৰ লগত মিহলাই ফুলা গাঁঠিত লগালে বিষৰ পৰা তৎক্ষণাত উপশম পোৱা যায়।
- ভালদৰে পৰিষ্কাৰ কৰি ইয়াৰ ১০ মিলিলিটাৰ ৰস খালে অৰ্শ, বদহজম,পেলু আৰু বৃদ্ধি পোৱা যকৃতৰ পৰা উপশম পোৱা যায়।
- গৰম পানীত ওলকচু সিজাই সেই গৰম পানীৰ ভাপ ল’লে কাহ আৰু চৰ্দিৰ পৰা তৎক্ষণাত সকাহ পায়।
- ওলকচু গুড়ি কৰি মাখনৰ লগত মিহলাই খালে কেঁচুমুৰীয়া ৰোগ দূৰ হয়।
ভাদ মাহত কিয় খাব লাগে কৰ্দৈ- ওলকচু ?
বৈচিত্ৰময় অসমীয়া সমাজ ব্যৱস্থাত বহু খাদ্য পৰম্পৰা হিচাপেই খাই অহা হৈছে। এই পৰম্পৰা বা প্ৰতিটো লোকবিশ্বাসৰ সৈতে অৱশ্যে বৈজ্ঞানিক ভিত্তিও জড়িত হৈ থাকে। পৰম্পৰা অনুসৰিয়েই ভাদ মাহত ওলকচুৰ সৈতে কৰ্দৈৰ আঞ্জা ৰান্ধি খোৱা হয়। এই আঞ্জা ঔষধৰ দৰে। কিয়নো, কৰ্দৈ আৰু ওলকচুৰ আঞ্জায়ে অৰ্শ ৰোগৰ লগতে পেটৰ বিভিন্ন সমস্যা সমাধানত সহায় কৰে। ওলকচু আৰু কৰ্দৈ দুয়োবিধতে ভিটামিন চি থাকে। যিয়ে শক্তিশালী এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই ছাল, ৰক্তবাহী নলী, হাড় আৰু কাৰ্টিলেজ সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি ঘাঁ সোনকালে ভাল হোৱা আৰু আইৰণ শোষণতো ই যথেষ্ট সহায়ক। সেয়েহে, গৰমৰ দিনকেইটাত সুস্থ হৈ থাকিবলৈ এই আঞ্জাক অত্যন্ত স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়।
ওলকচুৰ উপকাৰিতা
হ্ৰাস হয় কলেষ্টেৰল
নিয়মিতভাৱে ওলকচু খালে এল ডি এল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয়। যিহেতু ইয়াত চৰ্বি একেবাৰে কম পৰিমাণে থাকে, গতিকে ইয়াক হৃদৰোগীয়েও নিয়মিতভাৱে খাব পাৰে।
দূৰ হয় প্ৰদাহ
শৰীৰৰ ভিতৰৰ প্ৰদাহ কমোৱাত ওলকচুৰ ভূমিকা অপৰীসীম। ওলকচুত থকা এন্টিএগুলেণ্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে ধমনী পৰিষ্কাৰ কৰি ৰাখে আৰু উচ্চ ৰক্তচাপ হ্ৰাস কৰে। যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে।
বয়স বৃদ্ধি লেহেমীয়া হয়
যি এন্টিঅক্সিডেন্টে বয়স বৃদ্ধি লেহেমীয়া কৰে, সেই এণ্টিঅক্সিডেণ্ট ওলকচুত আছে। তদুপৰি, ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ছালখনক ভিতৰৰ পৰা প্ৰাকৃতিক জিলিকনি প্ৰদান কৰে আৰু ছালখনক দাগ তথা বলিৰেখামুক্ত কৰি ৰাখে।
নিয়ন্ত্ৰণত থাকে ৰক্তশৰ্কৰা
ওলকচুৰ গ্লাইচেমিক সূচকাংক মাত্ৰা ৫১, যাৰ বাবে ইয়াক ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে ই এক আদৰ্শ খাদ্য বুলি বিবেচনা কৰা হয়। ওলকচু খালে শৰীৰত তেজৰ মাত্ৰা হঠাতে বৃদ্ধি হোৱা ৰোধ আৰু শৰীৰত ইনচুলিন উৎপাদনত সহায় হয়।
বাহিৰ হয় শৰীৰৰ বিষাক্ত পদাৰ্থ
এইবিধ পাচলিত যথেষ্ট আঁহ থাকে। আঁহৰ উপস্থিতিৰ বাবে ই কিডনীক সুস্থ কৰি ৰাখে, যিয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰে। যাৰ ফলত পেলুও নাইকিয়া হয়।
বৃদ্ধি হয় জ্ঞানমূলক কাৰ্য্যক্ষমতা
ওলকচুত থকা ওমেগা-৩ ফেটি এচিড, জিংক, চেলেনিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰে মগজুৰ কাৰ্য্যকলাপ, স্মৃতিশক্তি, মনোযোগ আৰু একাগ্ৰতা উন্নত কৰে। যদি আপুনি হতাশা, উদ্বেগৰ সৈতে যুঁজি আছে অথবা স্নায়ুৰ অৱক্ষয়ী বিকাৰ প্ৰতিৰোধৰ বাবেও আপুনি নিয়মীয়াকৈ ওলকচু খাব পাৰে।
হৰম'নৰ ভাৰসাম্য বজাই ৰাখে
সাধাৰণতে ৪০ বছৰৰ উৰ্ধৰ মহিলাৰ অধিকাংশৰে হৰম’নৰ ভাৰসাম্যহীনতা হয়। হৰমনৰ ভাৰসাম্য বজাই ৰখাৰ লগতে ঋতুস্ৰাৱৰ সকলো সমস্যাৰো সমাধান দিয়ে ওলকচুয়ে।
কিদৰে খাব পাৰি ওলকচু
১) এইবিধ পাচলি বিভিন্ন ধৰণৰে ৰান্ধি খাব পাৰি যদিও অধিকাংশ অসমীয়াই বাৰিষা কালত ওলকচু কৰ্দৈ টেঙাৰ সৈতে খায়, বিশেষকৈ ভাদ মাহত।
২) ওলকচু শুকানকৈ ভাজি তাত নৰসিংহ পাত আৰু নহৰু দি খাবলৈও অতি সোৱাদ।
৩) মচুৰ, মগু, বুটৰ দাইলৰ সৈতে ওলকচুৰ জ্বলাৰ আঞ্জা ৰান্ধিও বহুতেই খায় ভাল পায়।
৪) বহুতেই আকৌ ওলকবি মিহিকৈ কাটি লৈ পাপৰৰ দৰে খায়।
৫) ওলকচুখিনি সিজাই লৈ তাৰ সৈতে পিঁয়াজ, জলকীয়া, বেচন দি পকৰীৰ দৰেও ভাজি খাব পাৰি।