বজাৰত ভীমকলৰ আঁহ আৰু চাহ...

ৰঞ্জিত বৰুৱাই বজাৰলৈ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাই এৰি দিছে এটি বিশেষ টি বেগ। যিটো টি বেগৰ নাম দিছে "বানাটি"(BANA TEA)। ভীমকলৰ আঁহৰ পৰা প্ৰস্তুত কৰা এই চাহৰ বেগবোৰ হ'ব বায়'ডিগ্ৰেডিবোল আৰু কম্প'জিবল। 

author-image
Asomiya Pratidin
New Update
১১

বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাই আহিছে এটা ভাল খবৰ। ভীমকলৰ আঁহৰ সৈতে কি সম্পৰ্ক চাহৰ? এজন অসমীয়াই এই বিশেষ দিনটোত বজাৰলৈ এৰি দিছে সেই বিশেষ চাহ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

অসমীয়া মানুহৰ বাৰীত উপলব্ধ ভীম কল। ভীমকলৰ ঔষধি গুণ বহু বেছি। ই অতি পুষ্টিকৰ। এইবাৰ ভীমকলৰ সৈতে চাহৰ সম্পৰ্ক। ভীমকলৰ আঁহৰ পৰা প্ৰস্তুত কৰা কাগজৰ পেকেটত থাকিব চাহ। যি চাহে অতিৰিক্ত মৌল দেহত যোগান ধৰা লগতে পৰিৱেশৰ প্ৰতিও হ'ব ই অনুকুল।

১

এৰ'মিকা চাহৰ জৰিয়তে বিশ্বজুৰি খেতি অৰ্জন কৰা ৰঞ্জিত বৰুৱাৰ নতুন উদ্ভাৱন এই টি বেগ। বিভিন্ন স্থানত চাহৰ বিপননৰ বাবে যাওতে তেওঁৰ যথেষ্ট অভিজ্ঞতা হৈছে। ভোট জলকীয়াৰ সৈতে চাহৰ সংযোগকে ধৰি চাহক লৈ বহু পৰীক্ষা-নিৰিক্ষা কৰিছে তেওঁ।

বহুতে তেওঁক অভিযোগ কৰিছিল নাইলনৰ বা আন কাগজৰ টি বেগবোৰত থকা মাইক্ৰপ্লাষ্টিক পাৰ্টিকলবোৰে  দেহৰ লগতে পৰিৱেশৰো ক্ষতি কৰে। তেনে মাইক্ৰপ্লাষ্টিক নথকা সামগ্ৰীৰে টি বেগ প্ৰস্তুত কৰিব নোৱাৰিনে বুলি প্ৰশ্নৰ সন্মুখীন হৈছিল।

২

তাৰ পাছতে ৰঞ্জিত বৰুৱাই বজাৰলৈ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাই এৰি দিছে এটি বিশেষ টি বেগ। যিটো টি বেগৰ নাম দিছে "বানা টি"(BANA TEA)। ভীমকলৰ আঁহৰ পৰা প্ৰস্তুত কৰা এই চাহৰ বেগবোৰ হ'ব বায়'ডিগ্ৰেডিবোল আৰু কম্প'জিবোল। 

মাইক্ৰপ্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ই হ'ব সহায়ক। ইতিমধ্যে তেওঁ এই টি বেগৰ পেটেন্টৰ বাবে আৱেদন জনাইছে। ব্যয় বহনক্ষম হ'ব হ'ব এই টি বেগবোৰ। অসমীয়া প্ৰতিদিন ডিজিটেল তেওঁ জানিব দিয়া মতে, নাগালেণ্ডৰ পৰা অনা ভীমকলৰ আঁহেৰে প্ৰস্তুত কৰা চীটৰ পৰা সেই টি বেগবোৰ প্ৰস্তুত কৰা হৈছে।

৩

তেওঁ আশা কৰিছে এই বেগবোৰে বিশ্বজুৰি আদৰ লাভ কৰিব। ইক'ফ্ৰেইণ্ডলি সেই বেগবোৰ প্ৰস্তুতৰ বাবে অসমতো আন এক উদ্যোগ গঢ় লৈ উঠিব।অনাগত দিনত তেওঁ ভীমকলৰ আঁহেৰে প্ৰস্তুত কৰা টি বেগবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশ্বজুৰি চেষ্টা চলাব।

চাহ