সুৰাৰ আসক্তিয়ে অধিক ৰুগীয়া কৰিছে মহিলাসকলক

এতিয়া দিন-কাল সলনি হৈছে।এটা সময় আছিল যেতিয়া কেৱল পুৰুষসকলেহে সুৰাপান কৰিছিল, কিন্তু এতিয়া পুৰুষসকলক চেৰাই গৈছে মহিলাসকলে।হয়, আজিকালি অধিকাংশ মহিলাই মুকলিকৈয়ে সুৰাপান কৰে।কিন্তু মহিলাসকলৰ এই অভ্যাসে তেওঁলোকক ৰুগীয়াহে কৰিছে।এক গৱেষণা অনুসৰি, প্ৰতিদিনে আধা গিলাচ ৱাইন বা এটা বিয়েৰ খালে স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

author-image
Asomiya Pratidin
New Update
সুৰাৰ আসক্তিয়ে অধিক ৰুগীয়া কৰিছে মহিলাসকলক

ডিজিটেল ডেস্ক: এতিয়া দিন-কাল সলনি হৈছে।এটা সময় আছিল যেতিয়া কেৱল পুৰুষসকলেহে সুৰাপান কৰিছিল, কিন্তু এতিয়া পুৰুষসকলক চেৰাই গৈছে মহিলাসকলে।হয়, আজিকালি অধিকাংশ মহিলাই মুকলিকৈয়ে সুৰাপান কৰে।কিন্তু মহিলাসকলৰ এই অভ্যাসে তেওঁলোকক ৰুগীয়াহে কৰিছে।এক গৱেষণা অনুসৰি, প্ৰতিদিনে আধা গিলাচ ৱাইন বা এটা বিয়েৰ খালে স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

Advertisment

এই গৱেষণাত দাবী কৰা হৈছে যে, কৰোনা মহামাৰীৰ সময়ৰ পৰা মহিলাসকলে স্বাভাৱিকতকৈ অধিক সুৰাপান কৰিবলৈ লৈছে। মহিলাসকলৰ অত্যাধিক সুৰাপান কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে চাপ আৰু উদ্বেগ।এই গৱেষণাত প্ৰমাণ হৈছে যে সুৰাৰ প্ৰতি আসক্ত মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগৰ লগতে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়। সপ্তাহত কমেও তিনিৰ পৰা ছয়বাৰ সুৰা সেৱন কৰা মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগৰ আশংকা ১৫ শতাংশ বৃদ্ধি হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এইটোও প্ৰকাশ কৰা হৈছে যে যিমান পৰিমাণৰ সুৰা পান কৰা নহওঁক, ই নিশ্চিতভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।আনকি এটোপাল সুৰাপানেও স্বাস্থ্যৰ বিপদাশংকা সৃষ্টি কৰিব পাৰে। সুৰাপান কৰিলে সাত প্ৰকাৰৰ কৰ্কট ৰোগ হ'ব পাৰে।  এই কৰ্কট ৰোগবোৰৰ ভিতৰত আটাইতকৈ সচৰাচৰ হৈছে অন্ত্ৰৰ কৰ্কট ৰোগ আৰু মহিলাৰ স্তনৰ কৰ্কট।  আনকি সামান্য পৰিমাণৰ সুৰাও এজন ব্যক্তিৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব পাৰে।

বিশ্বব্যাপী স্তনৰ কৰ্কট ৰোগৰ ফলতেই সৰ্বাধিক মৃত্যু হয়। স্তনৰ কৰ্কট ৰোগৰ লক্ষণ সাধাৰণতে তৃতীয় বা চতুৰ্থ পৰ্যায়তহে ধৰাত পৰে।যাৰ বাবে ইয়াৰ চিকিৎসা কঠিন হৈ পৰে আৰু বিপদাশংকা বৃদ্ধি হয়।সেয়েহে, মহিলাসকলে এক সন্তুলিত আহাৰ, সন্তুলিত ওজন আৰু ব্যায়ামৰ জৰিয়তে স্তন কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। 

স্তনৰ কৰ্কট ৰোগৰ লক্ষণ

স্তন বা স্তনৰ কৰ্কটৰোগৰ প্ৰথম লক্ষণ হৈছে মহিলাৰ স্তনত বিষ হোৱা।আন লক্ষণসমূহ হৈছে-

- স্তনৰ পৰা তেজৰ দৰে পানী বা স্ৰাৱ ওলোৱা।

- স্তনবৃন্তটো বাহিৰৰ সলনি স্তনৰ ভিতৰত লাগি থাকে। 

- স্তনবৃন্তত ৰিংৱৰ্ম বা চোকোৰা।

-স্তনৰ আকাৰৰ পৰিৱৰ্তনো হৈছে স্তনৰ কৰ্কট ৰোগৰ অন্যতম লক্ষণ।

Also Read: সতৰ্ক হ'ব, ওঁঠৰ ৰং সলনি হোৱাটো এই ৪ ৰোগৰ লক্ষণ