সতৰ্ক হ'ব, ওঁঠৰ ৰং সলনি হোৱাটো এই ৪ ৰোগৰ লক্ষণ

ওঁঠৰ ৰঙৰ পৰিৱৰ্তন স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰোগৰ লক্ষণো হ'ব পাৰে।সেয়েহে, যদি আপোনাৰ ওঁঠৰ ৰঙৰ পৰিৱৰ্তন হয়, তেন্তে ইয়াক উপেক্ষা নকৰিব। ওঁঠৰ ৰঙে বহু ৰোগৰ আগজাননী দিয়ে।

author-image
Asomiya Pratidin
New Update
সতৰ্ক হ'ব, ওঁঠৰ ৰং সলনি হোৱাটো এই ৪ ৰোগৰ লক্ষণ

ডিজিটেল ডেস্ক: শৈশৱত সকলোৰে ওঁঠৰ ৰং গুলপীয়া হয়। কিন্তু সময়ৰ লগে লগে ওঁঠৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰে। ওঁঠৰ ৰঙৰ পৰিৱৰ্তন স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰোগৰ লক্ষণো হ'ব পাৰে।সেয়েহে, যদি আপোনাৰ ওঁঠৰ ৰঙৰ পৰিৱৰ্তন হয়, তেন্তে ইয়াক উপেক্ষা নকৰিব। ওঁঠৰ ৰঙে বহু ৰোগৰ আগজাননী দিয়ে। ওঁঠৰ ৰং সলনি হ'লে আপোনাৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আজি জানো আহক-

Advertisment

ৰক্তহীনতা 

যদি আপোনাৰ ওঁঠৰ ৰং হালধীয়া বা বগা হৈ আছে, তেনেহ'লে এয়া শৰীৰত তেজৰ অভাৱ বা ৰক্তহীনতাৰ লক্ষণ। ৰক্তহীনতাত ভুগি থকা লোকসকলৰ ওঁঠ হালধীয়া হ'বলৈ আৰম্ভ কৰে।তদুপৰি, তেজত বিলিৰুবিনৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে ওঁঠৰ ৰং হালধীয়া দেখিবলৈ ধৰে।

হাঁওফাঁওৰ ৰোগ

বেঙুনীয়া ওঁঠ হাঁওফাঁওৰ ৰোগৰ লক্ষণ হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ওঁঠৰ ৰং সলনি হয়, ইয়াক উপেক্ষা নকৰিব।যিমান পাৰে সিমান সোনকালে স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। 

যকৃতৰ ৰোগ 

ওঁঠৰ ৰং সলনি হোৱাটোয়ে যকৃতৰ ৰোগ হোৱাৰো সংকেত দিয়ে।যেতিয়াই যকৃত সম্পৰ্কীয় সমস্যা হয়, ওঁঠৰ ৰং ৰঙালৈ সলনি হয়। ওঁঠৰ ৰং সলনি হোৱাটো এক প্ৰকাৰৰ এলাৰ্জিৰো লক্ষণ।

হজমৰ সমস্যা 

হজম সম্পৰ্কীয় সমস্যা থাকিলেও ওঁঠৰ ৰং হালধীয়া হ'বলৈ আৰম্ভ কৰে। যেতিয়া এজন ব্যক্তিৰ পাকস্থলী বা হজম সম্পৰ্কীয় ৰোগ হয়, ওঁঠৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰে। 

আনহাতে, যদি আপুনি যথেষ্ট ধূমপান কৰে, তেতিয়াও আপোনাৰ ওঁঠ ক'লা দেখিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত শৰীৰত বিভিন্ন প্ৰকাৰৰ সমস্যা আৰম্ভ হোৱাৰ আশংকা থাকে। গতিকে, ধূমপানৰ পৰা সদায় বিৰত থাকক।

Also Read: চকুত এইসমূহ অসুবিধাই দেখা দিলে সাৱধান হ’ব