গ্ৰীষ্মকালত পাৰিলে সদায় খাব আনাৰসৰ ৰস

গ্ৰীষ্মকালত এই ফল খোৱাৰ বহু স্বাস্থ্য উপকাৰিতা আছে। আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
গ্ৰীষ্মকালত পাৰিলে সদায় খাব আনাৰসৰ ৰস

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত আপোনাৰ শৰীৰটো যদি শীতল কৰি ৰাখিব বিচাৰে, তেন্তে আপোনাৰ আহাৰৰ তালিকাত আনাৰসৰ ৰস অন্তৰ্ভূক্ত কৰক। হয়, আনাৰসত আমাৰ শৰীৰৰ বাবে লাগতিয়াল সকলোবোৰ ভিটামিন, খনিজ তথা পুষ্টি থাকে। গ্ৰীষ্মকালত এই ফল খোৱাৰ বহু স্বাস্থ্য উপকাৰিতা আছে। আজি সেই বিষয়ে জানো আহক-

Advertisment

পুষ্টিৰে সমৃদ্ধ

আনাৰসত থকা মেঙ্গানিজ, তাম, ভিটামিন-বি ৬ আৰু চি-ৰ দৰে পুষ্টিয়ে হাড়ৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা, ক্ষত নিৰাময় আৰু শক্তি উৎপাদনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই আইৰণ, কেলচিয়াম, ফছফৰাছ, জিংক, কোলিন, ভিটামিন-কে আৰু ভিটামিন বি সমৃদ্ধ।

শৰীৰ ফুলা হ্ৰাস কৰা

আনাৰসৰ ৰসত ব্ৰোমেলাইন থাকে।ব্ৰোমেলাইন এনজাইমৰ এটা গোট। যিয়ে আঘাত, অস্ত্ৰোপচাৰ, ৰিউমেটইড আৰ্থ্ৰাইটিছ বা অষ্টিওআৰ্থ্ৰাইটিছৰ ফলত শৰীৰ ফুলা সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

গ্ৰীষ্মকালত এই ফলৰ ৰস খোৱাটোৱে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। দৰাচলতে, ই এণ্টিবায়টিকৰ প্ৰভাৱ বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

হজমত সহায়ক

আনাৰসৰ ৰসত ব্ৰোমেলাইন থাকে, যি হজম কৰাত সহায় কৰিব পাৰে।ডায়েৰিয়া সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰাও ই আমাক সুৰক্ষা দিব পাৰে।অন্ত্ৰৰ বিকাৰ থকা লোকৰ বাবেও আনাৰসৰ ৰস খোৱাটো খুবেই উপকাৰী।

হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি

আনাৰসত এণ্টি-অক্সিডেণ্ট আৰু ভিটামিন চি থাকে, যিয়ে আপোনাক কাৰ্ডিওভাস্কুলাৰ ৰোগৰ পৰা সুৰক্ষিত কৰে। উচ্চ ৰক্তচাপৰ  সমস্যাত পৰা লোকসকলেও আহাৰত আনাৰস অন্তৰ্ভুক্ত কৰিব লাগে। ই হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

Also Read: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা পাচন তন্ত্ৰ শক্তিশালী কৰালৈ…