বাৰিষাৰ দিনকেইটাত খাওঁতে সচেতন হ’ব

বৰষুণৰ বতৰত সংক্ৰমণাত্মক ৰোগ অতি সোনকালে বিয়পে। যাৰ বাবে, এই সময়ছোৱাত আমাৰ খোৱা খাদ্য তথা পানীয়ৰ বিশেষ যত্ন লোৱা উচিত।এই ঋতুত এনে একো খাব নালাগে যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে। বৰষুণৰ বতৰত পাচলি আৰু ফল-মূলত সৰু-সৰু পোক-পতংগ হ’বলৈ আৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
বাৰিষাৰ দিনকেইটাত খাওঁতে সচেতন হ’ব

ডিজিটেল ডেস্ক: বৰষুণৰ বতৰত সংক্ৰমণাত্মক ৰোগ অতি সোনকালে বিয়পে। যাৰ বাবে, এই সময়ছোৱাত আমাৰ খোৱা খাদ্য তথা পানীয়ৰ বিশেষ যত্ন লোৱা উচিত।এই ঋতুত এনে একো খাব নালাগে যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে। বৰষুণৰ বতৰত পাচলি আৰু ফল-মূলত সৰু-সৰু পোক-পতংগ হ’বলৈ আৰম্ভ কৰে। সেয়েহে এইসমূহ খাদ্য খোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰিব লাগে। বৰষুণৰ দিনকেইটাত কোনবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-

Advertisment

সেউজীয়া শাক পাচলি 

বৰষুণৰ বতৰত উষ্ণতা তথা আৰ্দ্ৰতাৰ বাবে বেক্টেৰিয়াও অতি সোনকালে বিয়পে। বিশেষকৈ এই বেক্টেৰিয়াবোৰ সেউজীয়া শাক-পাচলিত জমা হ'বলৈ আৰম্ভ কৰে।এনে পাচলি খোৱাটো বিহ খোৱাৰ দৰেই হৈ পৰে। গতিকে এই ঋতুত পালেং শাক, মেথিপাত, বন্ধাকবি, ফুলকবিৰ দৰে পাচলি ভুলতো নাখাব।

 চালাড 

এই ঋতুত চালাড খোৱাটোও স্বাস্থ্যসন্মত নহয়। চালাড তৈয়াৰ কৰিবলৈ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় আৰু কেঁচা খাদ্য সামগ্ৰীলৈ বেক্টেৰিয়া অতি সোনকালে আহে। গতিকে এই সময়ত কেঁচা চালাড নাখাব। কেঁচা চালাডৰ সলনি আপুনি ৰন্ধা পাচলি খাব পাৰে। পাচলি ৰান্ধিলে সেইবোৰত থকা ক্ষতিকাৰক বেক্টেৰিয়াবোৰ নাইকিয়া হৈ পৰে।

ঠাণ্ডা পানীয় 

বৰষুণৰ বতৰত ঠাণ্ডা পানীয় খোৱাৰ পৰাও বিৰত থাকিব লাগে। গৰম তথা আৰ্দ্ৰ বতৰত ঠাণ্ডা পানীয় খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক।ই পেটত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, স্বাস্থ্য ভালে ৰাখিবলৈ এই ঋতুত ঠাণ্ডা পানীয়ৰ সলনি নেমু পানী, নাৰিকলৰ পানীৰ দৰে হাইড্ৰেটিং পানীয় গ্ৰহণ কৰিব লাগে।

দৈ নাখাব 

দৈও বাৰিষাত খাব নালাগে। এই ঋতুত দৈ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। কিয়নো দৈৰ প্ৰভাৱ শৰীৰত ঠাণ্ডা আৰু ই চাইনাচাইটিছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। তদুপৰি, দৈ সঠিক সময়ত নাখালে ই পেটৰ সমস্যাৰ সৃষ্টি কৰে। সেয়েহে, বৰষুণৰ বতৰত দৈ খোৱা পৰিহাৰ কৰিব লাগে।

বাহিৰত খাদ্য নাখাব

এই দিনকেইটাত পথৰ কাষত খাদ্য নাখাব। বৰষুণৰ বতৰত বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ এনে খাদ্যলৈ সহজতে যাব পাৰে।তদুপৰি, এই ঋতুত পেকেটত উপলব্ধ ৰস খোৱাৰ ফলত টাইফইড, বমি আৰু ডায়েৰিয়াৰ দৰে সমস্যা হ'ব পাৰে। গতিকে বৰষুণৰ বতৰত এইসমূহ ৰস নাখাব।

Also Read: মেদবহুলতাৰ পৰা ৰক্ষা পাবলৈ বিচাৰে যদি খাওঁতে এই ভুল কেতিয়াও নকৰিব