আপোনাৰো যদি আম প্ৰিয়, তেন্তে এই বিষয়ে জানি লওঁক

আপোনাৰো যদি আম প্ৰিয়, তেন্তে এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: সকলো বয়সৰ লোকৰে প্ৰিয় ফল আম। বিশেষকৈ গৰমত দিনকেইটাত ফলৰ ৰজা আমে ৰাজত্ব কৰে। আমত ভিটামিন চি, ভিটামিন এ, ফোলেট, পটাছিয়াছিয়ামকে ধৰি বহু পুষ্টিকৰ উপাদান পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু ইমানবোৰ লাভালাভ পোৱাৰ পাছতো আমে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে।হয়, আম খোৱাৰ পিছত কিছুমান খাদ্য খালে ই আমাৰ শৰীৰত বিহৰ দৰে কাম কৰে। আম খোৱাৰ পিছত কি খাদ্য খোৱাটো অনুচিত, আজি জানো আহক-

গাখীৰ বা গাখীৰৰে তৈয়াৰী খাদ্য

আম খোৱাৰ পিছত গাখীৰ বা গাখীৰৰে তৈয়াৰ কৰা খাদ্য আমি কেতিয়াও খাব নালাগে। আমত ভিটামিন চি আৰু অন্যান্য উপাদান থাকে, যি পেটত গাখীৰৰ সৈতে মিহলি হৈ প্ৰতিক্ৰিয়া কৰি পাচন তন্ত্ৰক দুৰ্বল কৰিব পাৰে।

ভজা খাদ্য 

আম খোৱাৰ পিছত ভজা খাদ্য খোৱাটো পৰিহাৰ কৰিব। ভজা খাদ্য একেবাৰে অস্বাস্থ্যকৰ। আম খোৱাৰ পাছত এনে খাদ্য খালে ই হজমত অসুবিধা কৰিব পাৰে।যিয়ে গুৰুতৰ পেটৰ সমস্যা সৃষ্টি কৰাত অৰিহনা যোগায়। 

অধিক মচলাযুক্ত খাদ্য 

আম খোৱাৰ পিছত অধিক মচলাযুক্ত খাদ্যও খাব নালাগে। ইয়াৰ ফলত পাচন তন্ত্ৰত সমস্যা হয়।

সুৰা 

আম খোৱাৰ পিছত ভুলতো সুৰা পান নকৰিব। ই আপোনাৰ পাচন তন্ত্ৰক অসুস্থ কৰি আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

আপোনাৰো যদি আম প্ৰিয়, তেন্তে এই বিষয়ে জানি লওঁক
‘হাইড্ৰেটেড’ হৈ থাকিবলৈ খাওঁক এই ৫ বিধ ফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in