শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হোৱাটো কিমান জৰুৰী জানেনে ?

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হোৱাটো কিমান জৰুৰী জানেনে ?

ডিজিটেল ডেস্ক: শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হৈ যোৱাটো অৰ্থাৎ শৰীৰটো ডিটক্স হোৱাটো খুবেই দৰকাৰী। আয়ুৰ্বেদত বহু এনে ঔষধ আছে যিয়ে আপোনাক শৰীৰক ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।শৰীৰটো ডিটক্স কৰা কেইবিধমান পানীয়ৰ বিষয়েও আয়ুৰ্বেদত উল্লেখ আছে।আজি এই বিষয়ে জানো আহক-

আদা আৰু নেমু 

আদাক এক অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট বুলি গণ্য কৰা হয়। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। তদুপৰি, আদাক এক প্ৰাকৃতিক প্ৰদাহ-প্ৰতিৰোধী পুষ্টি বুলিও বিবেচনা কৰা হয়, যি প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। আনহাতে, নেমু ভিটামিন-চি-ৰ এক অতি ভাল উৎস।নেমুয়ে ৰোগ প্ৰতিৰোধ শক্তি শক্তিশালী কৰাত সহায় কৰে। সেয়েহে, আপুনি নেমু আৰু আদাৰ পৰা প্ৰস্তুত কৰা চাহ খাই শৰীৰক ডিটক্স কৰিব পাৰে। 

এই চাহ কেনেদৰে প্ৰস্তুত কৰিব ? 

. প্ৰথমে, ৩০-৪০ গ্ৰাম আদা পিছি ল’ব। 

. তাৰ পিছত গেছত এটা পাত্ৰত এক গিলাচ পানী আৰু পিছি লোৱা আদাখিনি দি দিব।

. পানী উতলাবলৈ আৰম্ভ কৰাৰ লগে লগে গেছটো বন্ধ কৰি দিব। 

. পানীখনি কাপ বা গিলাচত বাকি লৈ তাত নেমুৰ ৰস যোগ দিব।আপোনাৰ আদা আৰু নেমু  চাহ সাজু। 

. মিঠাৰ বাবে আপুনি ইয়াত মৌ যোগ দিব পাৰে।

জিৰা, ধনিয়া আৰু পান মছলা

এই তিনিটা খাদ্য সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা পানীয়েও শৰীৰক ডিটক্স কৰাত সহায় কৰে।ইয়াৰ উপৰিও, এই পানীয়ই আপোনাৰ হজমশক্তি উন্নত কৰে। 

কেনেদৰে প্ৰস্তুত কৰিব ? 

. প্ৰথমে ৫-১০ মিনিটৰ বাবে পানীত এক চামুচ জিৰা, ধনিয়া আৰু পান মছলা দি উতলাব।

. উতলাবলৈ আৰম্ভ কৰাৰ লগে লগে গেছটো বন্ধ কৰিব। 

. এই পানীৰ লগত মৌ মিহলি কৰি সোৱাদ ল’ব। 

এল’ভেৰাৰ ৰস 

এল’ভেৰা ছালৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী।ইয়াত পোৱা গুণাগুণবোৰে হজমশক্তি স্বাস্থ্যকৰ ৰখাত সহায় কৰে। এল’ভেৰাৰ সতেজ পাতৰ পৰা জেলখিনি আঁতৰাই এগিলাচ পানীৰ সৈতে মিহলি কৰক। ইয়াৰ পিছত এই পানীয় সেৱন কৰিব। যদি আপুনি ইয়াৰ সোৱাদ তিতা যেন অনুভৱ কৰে, অলপ মৌ যোগ দিব। 

হালধি আৰু মৌৰে প্ৰস্তুত কৰা গাখীৰ 

হালধি আৰু মৌৰ পৰা প্ৰস্তুত কৰা গাখীৰ খাই আপুনি শৰীৰটোক ডিটক্স কৰিব পাৰে। হালধিত পোৱা গুণাগুণবোৰে প্ৰদাহ আঁতৰ কৰাত, হজম উন্নত কৰাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। গাখীৰ আৰু মৌৰ সৈতে হালধি মিহলি কৰি খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ হয়। একাপ গৰম গাখীৰ এটা পাত্ৰত লৈ ইয়াত এক চিমুটি হালধি আৰু এক চামুচ মৌ যোগ দিয়ক। সকলো উপাদান ভালদৰে মিহলি কৰি গৰমে গৰমে সেৱন কৰিবলৈ চেষ্টা কৰিব।

ত্ৰিফলা 

ত্ৰিফলাইও শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰিব পাৰে। ইয়াক আমলখি, শিলিখা আৰু ভোমোৰাৰ পাউডাৰ মিহলি কৰি প্ৰস্তুত কৰা হয়।

এই পানীয় কেনেদৰে প্ৰস্তুত কৰিব ? 

. ত্ৰিফলা পাউডাৰ গৰম পানীত ৫-১০ মিনিটৰ বাবে তিয়াই ৰাখিব। 

. মিঠাৰ বাবে আপুনি ইয়াত মৌ যোগ দিব পাৰে। 

. কুহুমীয়া হ'বলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াক সেৱন কৰিব।

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হোৱাটো কিমান জৰুৰী জানেনে ?
ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ শক্তিশালী কৰিব জানি লওঁক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in