ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ শক্তিশালী কৰিব জানি লওঁক

ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ শক্তিশালী কৰিব জানি লওঁক

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰে সবাতোকৈ প্ৰথমে আমাৰ স্বাস্থ্যকে প্ৰভাৱিত কৰে।গ্ৰীষ্মকাল সমাগত। এই দিনকেইটাত ঋতুগত ফ্লুৰ ফলত শিশুৰ জ্বৰ, পেটৰ সমস্যা আৰু চৰ্দি আৰম্ভ হয়। বহুসময়ত এই সমস্যাবোৰ ইমান বাঢ়ি যায় যে, ঔষধেও কোনো ধৰণৰ কাম নকৰে।শিশুসকলক ঋতুগত ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ অভিভাৱকসকলে তেওঁলোকৰ আহাৰ আৰু দৈনন্দিন ৰুটিনত কিছুমান সাল-সলনি কৰাটো খুবেই জৰুৰী। গ্ৰীষ্মকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি কিদৰে বিভিন্ন ৰোগৰ পৰা শিশুটোক সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে জানো আহক-

প্ৰ'টিনসমৃদ্ধ খাদ্য 

পৰিৱৰ্তনশীল ঋতুত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আপুনি শিশুৰ আহাৰত প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব। ইয়াৰ বাবে আপুনি তেওঁলোকক চীজ, ছ’য়াবিন, মটৰ, শুকান ফল, কণী, মুৰ্গীৰ মাংস আদি খাবলৈ দিব। এইসমূহ খাদ্যই তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে পেশীবোৰ শক্তিশালী কৰাত সহায় কৰিব।

পানী 

শিশুসকলক সঠিক পৰিমাণে পানী খাবলৈ দিব।পানী খালে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজমৰ লগতে হাড়বোৰো শক্তিশালী হ'ব। তদুপৰি নিয়মিত ভাৱে পৰ্যাপ্ত পানী খাই থাকিলে তেওঁলোক বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰাও সুৰক্ষিত হ'ব। নিয়মীয়া পানী খোৱাটোয়ে শিশুসকলৰ শক্তিৰ স্তৰ বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাতো সহায় কৰিব। 

খেলা-ধূলা

শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হ’লে আপুনি তেওঁলোকক খেলিবলৈ দিব লাগিব। ঘৰৰ বাহিৰত খেলিলে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ হয় আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

দৈ 

আপুনি তেওঁলোকৰ আহাৰত পুষ্টিসমৃদ্ধ দৈ অন্তৰ্ভুক্ত কৰিব পাৰে। দৈয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে হাড় শক্তিশালী কৰাত সহায় কৰে। দৈত পোৱা কেলচিয়াম হাড়ৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দৈত প্ৰ'টিন, আইৰণ, জিংক, ভিটামিন-চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি ই শৰীৰ স্বাস্থ্যৱান ৰখাতো সহায় কৰে। 

বতৰৰ পাচলি 

বতৰৰ শাক-পাচলি খোৱাটো সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী।সেয়েহে আপুনি আপোনাৰ সন্তানক বতৰৰ পাচলি খাবলৈ বাধ্য কৰিব পাৰে। এইসমূহ এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে সমৃদ্ধ, যি শৰীৰৰ দুৰ্বলতা আঁতৰাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

এইসমূহ খাদ্য শিশুসকলৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি আপুনি গ্ৰীষ্মকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে। কিন্তু যদি শিশুটোৰ কোনো ৰোগ আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈহে এইসমূহ খাদ্য খাবলৈ দিব।

ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ শক্তিশালী কৰিব জানি লওঁক
অভিভাৱকৰ কি কথাই সন্তানৰ মগজুত বেয়া প্ৰভাৱ পেলাই জানি লওক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in