বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী, সাৱধান হওঁক

বিভিন্ন পুষ্টিৰে সমৃদ্ধ গাখীৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই গৰুৰ গাখীৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাটোই জানিবলৈ দিয়া মতে, কেঁচা গৰুৰ গাখীৰত এইচ৫এন১ বাৰ্ড ফ্লু ভাইৰাছৰ স্থিতি পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী, সাৱধান হওঁক

ডিজিটেল ডেস্ক: বিভিন্ন পুষ্টিৰে সমৃদ্ধ গাখীৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই গৰুৰ গাখীৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাটোই  জানিবলৈ দিয়া মতে, কেঁচা গৰুৰ গাখীৰত এইচ৫এন১ বাৰ্ড ফ্লু ভাইৰাছৰ স্থিতি পোৱা গৈছে। অৱশ্যে, এই ভাইৰাছ গাখীৰত কিমান দিন জীয়াই থাকিব পাৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই বিষয়ত বিজ্ঞানীসকলে এতিয়াও অনুসন্ধান কৰি আছে।

Advertisment

উল্লেখ্য যে, ১৯৯৬ত এভিয়ান ইনফ্লুৱেঞ্জা এএইচ৫এন১-ৰ প্ৰথম ঘটনাটো পোহৰলৈ আহিছিল। কিন্তু ২০২০ৰ পিছত চৰাইবোৰত এই ভাইৰাছৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি হোৱাৰ লগতে সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে।যাৰ বাবে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাও চিন্তিত হৈ পৰিছে। কিয়নো বাৰ্ড ফ্লু কেৱল চৰাইৰ দ্বাৰাহে বিয়পিছিল। কিন্তু এতিয়া প্ৰথমবাৰৰ বাবে এই ৰোগ গৰুৰ পৰা মানুহলৈ সংক্ৰমিত হৈছে। একাংশ বিজ্ঞানীৰ মতে, বাৰ্ড ফ্লু ভাইৰাছ এতিয়া সলনি হৈ আছে। আগতে এই ভাইৰাছ কেৱল চৰাইৰ পৰা গৰুলৈ বিয়পিছিল। এতিয়া গৰুৰ পৰা গৰুলৈ আৰু গৰুৰ পৰা চৰাইলৈকেও এই ৰোগ বিয়পিবলৈ ধৰিছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ প্ৰতিৰোধ সংস্থাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে, ৰুগীয়া জন্তুৰ ওচৰত বাস নকৰা লোকৰ বাবে এই ভাইৰাছ বিপদজনক নহয়। একে সময়তে, চৰকাৰী প্ৰতিষ্ঠানবোৰেও এই বিষয়ত সম্পূৰ্ণ অনুসন্ধান কৰি আছে।য'ত এই ভাইৰাছটো মানুহৰ বাবে অধিক বিপদজনক নহয় বুলি এক প্ৰকাৰ স্পষ্ট হৈছে। বিজ্ঞানীসকলৰ মতে, যদি আপুনি পেষ্টুৰাইজড গাখীৰ খায়, তেতিয়া ভয় কৰিব লগীয়া একো নাথাকে। কিয়নো, গাখীৰ বিক্ৰী কৰাৰ আগতে ইয়াক বিশুদ্ধ কৰা হয়। এই প্ৰক্ৰিয়াত বাৰ্ড ফ্লুৰ দৰে ভাইৰাছৰ মৃত্যু হয়।

কেঁচা গাখীৰ খোৱাটো বিপদজনক 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে স্পষ্ট কৰা মতে, এইচ৫এন১ ভাইৰাছ কেঁচা গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে মানুহলৈ বিয়পে নে নাই সেয়া স্পষ্ট নহয় যদিও কেঁচা গাখীৰ খাব নালাগে। ইয়াৰ কাৰণ হৈছে কেঁচা গাখীৰত এনে বিপদজনক বেক্টেৰিয়া পোৱা যায় যিয়ে শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা বা দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ শৰীৰত খুব সোনকালে ক্ৰিয়া কৰিব পাৰে।লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলৰ বাবে কেঁচা গাখীৰ সঠিক নহয়।তদুপৰি, দূষিত কেঁচা গাখীৰ খোৱাৰ ফলত বৃক্ক পৰ্যন্ত বিকল হ'ব পাৰে। 

এইচ৫এন১ ফ্লু কি?

এইচ৫এন১ হৈছে এক প্ৰকাৰৰ ফ্লু ভাইৰাছ। ইয়াক বাৰ্ড ফ্লু বুলিও কোৱা হয়। এই ভাইৰাছটো বিশেষকৈ চৰাইৰ দেহত বাস কৰে আৰু সিঁহতক ৰুগীয়া কৰি তোলে। যদি চৰাই এটাৰ এই ফ্লু হয়, সেই চৰাইৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমিত হ'ব পাৰে।

Also Read: অভিভাৱকসকল সাৱধান হওঁক ! ই এক ৰোগৰ লক্ষণ