অভিভাৱকসকল সাৱধান হওঁক ! ই এক ৰোগৰ লক্ষণ

শিশুৰ ছাল অতি কোমল। বহুসময়ত তেওঁলোকৰ শৰীৰত সৰু ৰঙা ৰঙা দাগ হয়।এনে হ'লে বহু অভিভাৱকে সেয়া গৰমৰ কাৰণে হোৱা বুলি উপেক্ষা কৰে।কিন্তু শিশুৰ ছাল এনেদৰে ৰঙা পৰাটো এটা ৰোগ।হয়, এই ৰোগ বিধৰ নাম ছালমন পেচ্চ। বহুতেই আকৌ ইয়াক ষ্ট্ৰক বাইট, এঞ্জেল কিছ বুলিও কয়।

author-image
Asomiya Pratidin
New Update
অভিভাৱকসকল সাৱধান হওঁক ! ই এক ৰোগৰ লক্ষণ

ডিজিটেল ডেস্ক: শিশুৰ ছাল অতি কোমল। বহুসময়ত তেওঁলোকৰ শৰীৰত সৰু ৰঙা ৰঙা দাগ হয়।এনে হ'লে বহু অভিভাৱকে সেয়া গৰমৰ কাৰণে হোৱা বুলি উপেক্ষা কৰে।কিন্তু শিশুৰ ছাল এনেদৰে ৰঙা পৰাটো এটা ৰোগ।হয়, এই ৰোগ বিধৰ নাম ছালমন পেচ্চ। বহুতেই আকৌ ইয়াক ষ্ট্ৰক বাইট, এঞ্জেল কিছ বুলিও কয়।আজি এই বিষয়ে জানো আহক-

Advertisment

ছালমন পেচ্চ কি ?

বিশেষজ্ঞসকলৰ মতে, ছালমন পেচ্চ হৈছে এক প্ৰকাৰৰ গুলপীয়া, ৰঙা বা বেঙুনীয়া ৰঙৰ ৰক্তনলী। এইবোৰ বেছিভাগ কেঁচুৱাৰ ডিঙিত, মুৰৰ পিছফালে, ভ্ৰূৰ মাজত, চকুৰ পতাৰ ওপৰত বা মুখৰ চাৰিওফালে থাকে। এইসমূহেই ছালত বেছিকৈ ফুটি উঠাৰ ফলত ছালখন এনে ৰঙা ৰঙৰ হৈ পৰে। ২ বছৰ বয়সলৈ এই চিহ্নবোৰ নিজে নিজে ভাল হৈ যায়। কিন্তু এই বয়সলৈ যদি ঠিক নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী।সন্তান জন্মৰ ১মাহৰ পিছত ছালমন পেচ্চ হ'ব পাৰে।

ছালমন পেচ্চৰ লক্ষণ

.- ছালমন পেচ্চ হ’লে ডিঙিৰ ওপৰভাগ, ওঁঠ, কপাল আৰু পিছফালে ৰঙা বা গুলপীয়া দাগ দেখা যায়।

- যদি শিশু এটাই কান্দি থাকোতে এই চিহ্নবোৰ পাতল ৰঙা বা বেঙুনীয়া হৈ পৰে, তেনেহ'লে শিশুটোৰ ছালমন পেচ্চ হ'ব পাৰে।

- যদি শিশুৰ শৰীৰত আঙুলিৰে হেঁচা দিলে ৰং সলনি হয়, ইও এই ৰোগৰ লক্ষণ।

ছালমন পেচ্চৰ চিকিৎসা 

বিশেষজ্ঞসকলৰ মতে, ছালমন পেচ্চৰ দাগবোৰ ১৮ মাহ বা ২ বছৰৰ ভিতৰত নিজে নিজে আঁতৰি যায়। কিন্তু যদি এনে নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন। চিকিৎসকসকলে পালচড ডাই লেজাৰ থেৰাপী ব্যৱহাৰ কৰি এই চিহ্নবোৰ আঁতৰ কৰে। ইয়াৰ পিছত শিশুৰৰ ছাল পৰিস্কাৰ কৰা হয় আৰু দাগবোৰ নাইকিয়া হয়। 

Also Read: শিশুৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভূক্ত কৰক এই ৫বিধ খাদ্য