/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9d6086b2-2d82-46e6-b2e5-e169d332a24f/AP_FOR_WEB_CHILLY.jpg)
ডিজিটেল ডেস্ক: জলকীয়া, যাৰ অবিহনে ভাৰতীয় ৰন্ধন প্ৰণালী অসম্পূৰ্ণ।জলকীয়াই কেৱল সোৱাদেই বৃদ্ধি নকৰে, ই শৰীৰকো পুষ্টি দিয়ে।কেঁচা জলকীয়া আপুনি নিয়মীয়াকৈ খোৱা আৰম্ভ কৰিলে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি লাভজনক হ'ব পাৰে। কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত দিশ সমূহৰ বিষয়ে আজি জানো আহক-
ছালৰ সংক্ৰমণ ৰোধ কৰে
কেঁচা জলকীয়া বেক্টেৰিয়া প্ৰতিৰোধী গুণাগুণৰে পৰিপূৰ্ণ, সেইবোৰে ছালৰ সংক্ৰমণ আৰু ব্ৰণ নিৰাময় কৰাত সহায় কৰে। তদুপৰি, ইয়াত ভিটামিন চি থাকে যিয়ে আমাৰ ছালখনক স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি তোলে।জলকীয়া সদায়েই আন্ধাৰ আৰু শীতল ঠাইত ৰাখিব লাগে। গৰম তথা পোহৰত ৰাখিলে ই ভিটামিন চিৰ মাত্ৰা হেৰুৱাব পাৰে।
পাচন ক্ৰিয়াৰ বাবে ভাল
কেঁচা জলকীয়াত আঁহ থাকে, যি অন্ত্ৰৰ চলাচল মসৃণ কৰাত সহায় কৰে আৰু পাচন স্বাস্থ্য উন্নত কৰে। কেঁচা জলকীয়াই আলচাৰো প্ৰতিৰোধ কৰে। কিন্তু পেপ্টিক আলচাৰত ভুগি থকা লোকসকলে জলকীয়া খোৱা পৰিহাৰ কৰিব লাগে।
ওজন হ্ৰাস কৰে
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ অতিৰিক্ত চৰ্বি দহন কৰাত ই সহায় কৰে। জলকীয়াই বিপাকীয় হাৰ বৃদ্ধি কৰাতো সহায় কৰে।
ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ
কেঁচা জলকীয়াৰ লাভালাভৰ ভিতৰত আছে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা।নিয়মীয়াকৈ কেঁচা জলকীয়া খোৱটো ডায়েবেটিচ লোকসকলৰ বাবে উপকাৰী। জলকীয়াই শৰীৰত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱা প্ৰতিহত কৰাত আৰু ইয়াক সন্তুলিত কৰাত সহায় কৰে।
কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায়ক
কেঁচা জলকীয়াত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমানে থাকে। যিয়ে আপোনাৰ শৰীৰক কৰ্কট ৰোগৰ কোষ বৃদ্ধি কৰা মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে।
হৃদযন্ত্ৰৰ বাবে উপকাৰী
কেঁচা জলকীয়াৰ ব্যৱহাৰে কলেষ্টেৰলৰ স্তৰ আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰে যাৰ ফলত এথেৰোস্ক্লেৰোচিছ প্ৰতিৰোধ হয়। জলকীয়াই প্লেটলেট একত্ৰীকৰণৰ সম্ভাৱনা হ্ৰাস কৰে। আনহাতে, ফাইব্ৰিনোলাইটিক কাৰ্যকলাপ বৃদ্ধি কৰাতো ই সহায় কৰে যি তেজ গোট মৰা প্ৰতিহত কৰিব পাৰে।
Also Read: Health Benefits of Oranges: আপোনাৰ প্ৰিয় ফল কমলাৰ উপকাৰিতা
ঠাণ্ডা নিৰাময়
কেঁচা জলকীয়াত কেপচাইচিন থাকে যি নাকৰ শ্লেষ্মা আৱৰণৰ ওপৰত এক উদ্দীপনামূলক প্ৰভাৱ পেলায়।জলকীয়াই ইয়াক পাতল কৰাত সহায় কৰে আৰু এনেদৰে শ্লেষ্মা দ্ৰুততাৰে নাকৰ পৰা নিষ্কাশন কৰে আৰু সাধাৰণ চৰ্দি আৰোগ্য কৰে।
মেজাজ সলনিৰ সৈতে যুঁজ দিয়াত সহায় কৰে
কেঁচা জলকীয়া খোৱাৰ ফলত এণ্ডোৰ্ফিন মুকলি হয় যি মনোভাৱ উন্নত কৰাত আৰু মেজাজৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। জলকীয়া বিষ উপশম কৰাত সহায়ক।
অষ্টিওপোৰোচিছ প্ৰতিৰোধ কৰাত সহায়ক
কেঁচা জলকীয়া ভিটামিন কে সমৃদ্ধ। যিয়ে অষ্টিওপোৰোচিছৰ আশংকা হ্ৰাস কৰে। সেউজীয়া জলকীয়াৰ কেপচাইচিন উপাদানে গাঁঠিৰ প্ৰদাহ প্ৰতিহত কৰাত সহায় কৰে।
দৃষ্টিশক্তি উন্নত কৰে
কেঁচা জলকীয়াত থকা ভিটামিন চি আৰু বিটা কেৰোটিনে চকুৰ যিকোনো ৰোগ নিৰ্মূল কৰাত সহায়ক হোৱাৰ লগতে ই দৃষ্টিক্তি উন্নত কৰে।