কণী প্ৰকৃততে স্বাস্থ্যকৰ হয়নে ? গৱেষণাই কি কয় জানি লওঁক

কণীক অতি স্বাস্থ্য উপকাৰী খাদ্য বুলি গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। যাৰ ফলত শাৰিৰীক শক্তি আৰু স্বাস্থ্য উন্নত হয়।

author-image
Asomiya Pratidin
New Update
২২২২২২২২২২২২

ডিজিটেল ডেস্ক: কণীক অতি স্বাস্থ্য উপকাৰী খাদ্য বুলি গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। যাৰ ফলত শাৰিৰীক শক্তি আৰু স্বাস্থ্য উন্নত হয়। কিন্তু, শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য। হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে কণী খালে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি হয়।

Advertisment

কণী খোৱাৰ ফলত বৃদ্ধি হয় কৰ্কট ৰোগৰ আশংকা: কি আছে প্ৰতিবেদনত ?

নিউট্ৰিচন ফেক্টছ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, কণী খোৱাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই প্ৰতিবেদনত কোৱা হৈছে যে, কণী ৰন্ধা পদ্ধতিয়ে ইয়াৰ পাৰ্শ্বক্ৰিয়াত প্ৰভাৱ পেলায়। বিশেষকৈ কণী উচ্চ উষ্ণতাত ভাজিলে ইয়াৰ পৰা কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থ উৎপন্ন হ’ব পাৰে। সিজোৱা কণীতকৈ ভজা কণী অধিক বিপদজনক। ভজা কণীয়ে কেন্সাৰ ৰোগৰ সম্ভাৱনা দুগুণে বৃদ্ধি কৰিব পাৰে।

প্ৰতিবেদনটোত লগতে উল্লেখ থকা মতে, কণী খোৱাৰ ফলত কলন কেন্সাৰ হোৱাৰ সম্ভাৱনা ১৯% বৃদ্ধি পাব পাৰে। সপ্তাহত তিনিটা বা তাতকৈ অধিক কণী খালে এই বিপদ ৭১% পৰ্যন্ত বৃদ্ধি হয়। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে, কণী অতিমাত্ৰা খোৱাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়।

কণীত কি আছে, যাৰ ফলত কৰ্কট ৰোগ হ’ব পাৰে ?

কণীত ক’লিন নামৰ এবিধ মৌল বৃহৎ পৰিমাণে থাকে। এই কলিনে যেতিয়া আন্ত্ৰিক বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া ই ট্ৰাইমিথাইলামাইন (TMA)লৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছত আমাৰ যকৃতত টিএমএ ট্ৰাইমিথাইলামিন-এন-অক্সাইড (TMAO)লৈ ৰূপান্তৰিত হয়। এই টিএমএঅ’ই প্ৰদাহ বৃদ্ধি কৰে আৰু কেন্সাৰ বৃদ্ধিৰ কাৰণ হ’ব পাৰে। উচ্চ মাত্ৰাৰ টিএমএঅ’ৰ ফলত অক্সিডেটিভ ষ্ট্ৰেছ আৰু টিউমাৰ বৃদ্ধি হ’ব পাৰে। যাৰ ফলত কলন আৰু লিভাৰ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

কণী আৰু কৰ্কট ৰোগ: কি কয় নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ অধ্যয়নে ?

নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনেও এই বিষয়ত এক অধ্যয়ন চলাইছে। য’ত অত্যধিক কণী খোৱাটোয়ে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে বুলি প্ৰকাশ পাইছে। ১৯৯৬ চনৰ পৰা ২০০৪ চনৰ ভিতৰত উৰুগুৱেত কৰা এক অধ্যয়নত অধিক কণী খোৱাৰ লগতে কেইবাবিধো কৰ্কট ৰোগৰ মাজত সম্পৰ্ক পোৱা গৈছে। এই অধ্যয়নত ৩,৫৩৯ জন কৰ্কট ৰোগী আৰু ২০৩২ জন চিকিৎসালয় নিয়ন্ত্ৰণ কৰা লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই অধ্যয়নত দেখা গৈছে যে অত্যাধিক পৰিমাণে কণী খালে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

আমি কণী খোৱা বন্ধ কৰিব লাগেনে ?

এই প্ৰতিবেদন আৰু অধ্যয়নৰ পিছত স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হয় যে, আমি কণী খোৱা বন্ধ কৰিব লাগে নেকি ? বিশেষজ্ঞৰ মতে, যিকোনো খাদ্য সামগ্ৰী সীমিত পৰিমাণত খাব লাগে। কণীও আমি সীমিত পৰিমাণত খাব লাগে। কিন্তু খাদ্যতালিকাৰ পৰা ইয়াক সম্পূৰ্ণৰূপে বাদ দিব নালাগে। সুষম খাদ্য সীমিত পৰিমাণে গ্ৰহণ কৰিলে আমি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি লাভ কৰিব পাৰো। একে সময়তে কেন্সাৰ আৰু অন্যান্য ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰো।

কি কৰা উচিত ?

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ তথ্য অনুসৰি, এজন ব্যক্তিয়ে সপ্তাহত মাত্ৰ এটা বা দুটা কণীহে খাব লাগে। কণীৰ কুহুমত অধিক পৰিমাণে কলেষ্টেৰল থাকে। গতিকে ইয়াক সীমিত পৰিমাণতহে খাব লাগে। তদুপৰি, যদি আপুনি আপোনাৰ আন্ত্ৰিক মাইক্ৰ’বায়’ম সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে প্ৰ’বায়’টিক আৰু আঁহযুক্ত খাদ্য খাব আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক। ইয়াৰ ফলত টিএমএঅ’ৰ মাত্ৰা নিয়ন্ত্ৰণ আৰু কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি।

বি.দ্ৰ: এই লেখাটো কেৱল তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো সিদ্ধান্তৰ বাবে চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Also Read: টোপনিৰ অভাৱৰ বাবেও হয় কৰ্কট ৰোগ