তেজৰ এই ৰোগত আক্ৰান্ত হ’লে কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে ?

থেলাচেমিয়া হৈছে এক প্ৰকাৰৰ তেজৰ বিকাৰ।এই ৰোগ আনুবংশিক।সেয়েহে ই পিতৃ-মাতৃৰ পৰা শিশুৰ দেহলৈ আহে। থেলাচেমিয়াত আক্ৰান্ত হ’লে ৰোগীজনৰ তেজত হিম’গ্ল’বিনৰ অভাৱ, ৰক্ত কণিকা সৃষ্টি নোহোৱাৰ লগতে সকলো সময়তে শৰীৰত তেজৰ অভাৱ হয়।

author-image
Asomiya Pratidin
New Update
তেজৰ এই ৰোগত আক্ৰান্ত হ’লে কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে ?

ডিজিটেল ডেস্ক : থেলাচেমিয়া হৈছে এক প্ৰকাৰৰ তেজৰ বিকাৰ।এই ৰোগ আনুবংশিক।সেয়েহে ই পিতৃ-মাতৃৰ পৰা শিশুৰ দেহলৈ আহে। থেলাচেমিয়াত আক্ৰান্ত হ’লে ৰোগীজনৰ তেজত হিম’গ্ল’বিনৰ অভাৱ, ৰক্ত কণিকা সৃষ্টি নোহোৱাৰ লগতে সকলো সময়তে শৰীৰত তেজৰ অভাৱ হয়।যাৰ ফলত এজন ব্যক্তি ৰক্তহীনতা, ভাগৰ লগা আদিকে ধৰি বহু স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'ব লগীয়াত পৰে।এই ৰোগত আক্ৰান্ত হ’লে খাদ্য আৰু পানীয়ৰ যথেষ্ট যত্ন লোৱাৰ প্ৰয়োজন।বিশেষকৈ ৰোগীয়ে লোহিত ৰক্ত কণিকা বৃদ্ধি কৰা খাদ্য খাব লাগে। থেলাচেমিয়া ৰোগীয়ে তেওঁলোকৰ খাদ্য তালিকাত কেনে ধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে আৰু কি পৰিহাৰ কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

Advertisment

ফলিক এচিড

থেলাচেমিয়া ৰোগত আক্ৰান্ত লোকসকলে ফলিক এচিড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।ইয়াৰ বাবে আপুনি মটৰ, নাচপাতি, পালেং শাক, আনাৰস, কল আৰু বীন আদি খাব পাৰে। এইবোৰে শৰীৰত নতুন ৰক্ত কণিকা সৃষ্টি কৰাত সহায় কৰে।

ভিটামিন বি১২

এই ৰোগত আক্ৰান্তসকলে ভিটামিন বি ১২ সমৃদ্ধ তেওঁলোকৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে।ইয়াৰ বাবে তেওঁলোকে গাখীৰ আৰু সেউজীয়া পাতযুক্ত শাক-পাচলি খাব পাৰে।মনত ৰাখিব যে, হজম ভালদৰে হ’বলৈ সদায় সম্পূৰ্ণকৈ ৰন্ধা পাচলিহে খাব লাগে।

ভিটামিন চি

থেলাচেমিয়াৰ সময়ত ভিটামিন-চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। ভিটামিন-চি নেমুজাতীয় ফলত যথেষ্ট পৰিমাণে পোৱা যায়।তদুপৰি আপুনি কিৱি, কেপচিকাম আৰু ষ্ট্ৰবেৰীও খাব পাৰে।

আইৰণ সমৃদ্ধ খাদ্য

থেলাচেমিয়া ৰোগীয়ে আইৰণ সমৃদ্ধ খাদ্য যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব লাগে। ই শৰীৰত হিম’গ্ল’বিন বৃদ্ধি কৰে।ইয়াৰ বাবে আপুনি আইৰণ সমৃদ্ধ খাদ্য যেনে পালেং শাক, আপেল, কিচমিচ, বীটৰুট, ডালিম, কাঠবাদাম আদি খাব পাৰে। এইসমূহ খোৱাৰ ফলত শৰীৰত ৰক্ত কোষ বৃদ্ধি হয়।আনহাতে, আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ আইৰণ সমৃদ্ধ পৰিপূৰকো গ্ৰহণ কৰিব পাৰে।

এইসমূহ পৰিহাৰ কৰিব

আটা, বুট, ৰহৰ দাইল, বেঙেনা, ভেণ্ডি, ফাষ্ট ফুড, জাংক ফুড, বেকাৰী সামগ্ৰী আৰু অত্যাধিক নিমখ আৰু কেফেইনযুক্ত পানীয় যেনে চাহ আৰু কফি আদি পৰিহাৰ কৰিব লাগে।

Also Read: গাঁঠি, পেটৰ বিষৰ লগতে বহু স্বাস্থ্য সমস্যা নিৰাময় কৰে ডালচেনিয়ে