স্বাস্থ্যৰ উপকাৰ হোৱাকৈ পাণ কিদৰে, কেতিয়া খাব লাগে জানেনে ?

দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে ইউৰিক এছিডৰ দৰে বিপদজনক ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে।শৰীৰত ইউৰিক এছিডৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত বৃক্ক আৰু যকৃততো প্ৰভাৱ পৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo  ইউৰিক এচিড

ডিজিটেল ডেস্ক: দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে ইউৰিক এছিডৰ দৰে বিপদজনক ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। শৰীৰত ইউৰিক এছিডৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত বৃক্ক আৰু যকৃততো প্ৰভাৱ পৰে। কিন্তু আমাৰ খাদ্য তালিকাৰ কিছু সাল-সলনি কৰিয়েই এই সমস্যাক আমি নিয়ন্ত্ৰণ কৰিব পাৰো। হয়, কেৱল এইবিধ ৰোগেই নহয়, খাদ্যৰ ক্ষেত্ৰত সচেতন হ’লে আমি বহু ৰোগৰ পৰাই হাত সাৰি থাকিব পাৰো।

Advertisment

ইউৰিক এছিডৰ ৰোগীসকলৰ বাবে পাণ অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ জৈৱ সক্ৰিয় যৌগত হাইড্ৰক্সিচাভিকল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে। ই হৈছে এক পলিফেনল, যি আপোনাৰ শৰীৰত ইউৰিয়াৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব। ইউৰিক এছিড ৰোগীসকলে পাণ কেনেদৰে গ্ৰহণ কৰিব পাৰে, আজি জানো আহক-

শৰীৰত প্ৰুৰিন জমা হ'বলৈ নিদিয়ে 

পাণ পাতত গেষ্ট্ৰোপ্ৰটেক্টিভৰ লগতে এণ্টি অক্সিডেণ্ট গুণাগুণ আছে, যি এনজাইমৰ কাৰ্যকলাপ বৃদ্ধি কৰে। ই প্ৰুৰিন হজম কৰাত সহায় কৰে আৰু ইয়াক শৰীৰত জমা হ'বলৈ নিদিয়ে।

বিষমুক্ত কৰে শৰীৰক

পাণপাতত বিষমুক্ত কৰণৰ গুণাগুণো থাকে, যি শৰীৰ পৰিষ্কাৰ কৰাত তথা ইউৰিয়া আঁতৰ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, পাণত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণ পোৱা যায়, যি ইউৰিক এছিডৰ প্ৰদাহ আৰু বিষ আঁতৰ কৰাত সহায় কৰে। 

পাণ কিদৰে খাব ? 

ইউৰিক এছিডৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি পাণ দুটা ধৰণে খাব পাৰে। পানৰ চিৰাপ বনাব পাৰে আৰু ইয়াক পান কৰিব পাৰে।আনহাতে, আপুনি খালী পেটতো পাণ খাব পাৰে। ই আপোনাৰ ইউৰিক এছিডৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব।

পাণত থকা বৈশিষ্ট্যসমূহ 

পাণত চৰ্বি খুব কম পৰিমাণে আৰু প্ৰ'টিন খুব বেছিকৈ পোৱা যায়। তদুপৰি, পাণত আয়’ডিন, পটাছিয়াম, ভিটামিন এ, ভিটামিন বি আদিৰ দৰে পুষ্টিও থাকে। এই গুণাগুণবোৰৰ বাবেই পাণক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।

বি.দ্ৰ. এই লেখাটো ইণ্টাৰনেটৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।

Also Read: Hypothyroidism Diet: থাইৰইডৰ পৰা সকাহ পাবলৈ আপুনি কি খাব লাগে, কি নালাগে জানি লওক

health