ভাল নেতাই নহয়, বিষয়াও লাগিব আমাক...

ৰাজনীতিৰ কথা- বতৰাবোৰ আমি বেছিকৈয়ে আলোচনা কৰোঁ। খবৰ ৰাখো- কি ধৰণৰ ৰাজনৈতিক বতাহ কোনফালে বলিছে। তেনে খবৰবোৰ আমি সাধাৰণ মানুহবোৰে ৰাখি ভালপাঁও। সংবাদ মাধ্যমতো এইবোৰ খবৰ বৰকৈয়ে চৰ্চা হয়। 

New Update
dispur story

ৰাজনীতিৰ কথা- বতৰাবোৰ আমি বেছিকৈয়ে আলোচনা কৰোঁ। খবৰ ৰাখো- কি ধৰণৰ ৰাজনৈতিক বতাহ কোনফালে বলিছে। তেনে খবৰবোৰ আমি সাধাৰণ মানুহবোৰে ৰাখি ভালপাঁও। সংবাদ মাধ্যমতো এইবোৰ খবৰ বৰকৈয়ে চৰ্চা হয়। 

Advertisment

তেনে খবৰবোৰৰ চৰ্চা হৈ থকাৰ মাজতে এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আই এ এছ বিষয়াই প্ৰসংক্ৰমে এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলে। তেখেতে ক’লে- এতিয়া কেৱল ৰাজনৈতিক নেতাই ভেজাল হোৱা নাই। ভেজাল হৈ পৰিছে আমাৰ প্ৰশাসনযন্ত্ৰৰে জড়িত দায়িত্বশীল বিষয়াসকলো।

কেৱল মন্ত্ৰীয়ে এখন ৰাজ্য বা দেশ নচলায়। মন্ত্ৰীক সন্মুখত ৰাখি আচলতে সঠিকভাৱে এখন চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি- নিয়ম অনুসৰি প্ৰশাসনতন্ত্ৰ পৰিচালনা কৰে বিষয়াসকলে। আগতে সেই বিষয়াসকলে মেৰুদণ্ড পোন কৰি এই প্ৰশাসন পৰিচালিত কৰিছিল।

অসমৰ প্ৰেক্ষাপটতে আঙুলিয়াই দি এই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীয়ে সাম্প্ৰতিক সময়ত উচ্চ পদত থকা দায়িত্বশীল বিষয়াসকল ‘ইয়েছ ছাৰ’লৈ পৰিণত হোৱা কথাও কৈছিল। এতিয়া যেন বিষয়াসকল ভুলে- শুদ্ধই মন্ত্ৰী বা বৰমূৰীয়াসকলৰ নিৰ্দেশ পালন কৰিবলৈ ৰৈ থকা একোজন ৰৱট সদৃশ বিষয়া হৈ পৰিছে। 

তেখেতে ১৯৯০ চনত অগপ চৰকাৰ থকাৰ সময়ত ৰাজ্যৰ মুখ্য সচিব পদত অধিষ্ঠিত এজন ভাৰতীয় অসামৰিক সেৱাৰ সাহসী বিষয়াৰ কথাও উল্লেখ কৰিছিল। ১৯৬১ বেটছৰ এই আই এ এছ বিষয়াগৰাকীৰ নাম আছিল ড০ হৰেন্দ্ৰ নাথ দাস। মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কাৰ্যকালৰ শেষৰফালে তেওঁ এই পদবীত অধিষ্ঠিত হৈছিল। 

মুখ্যমন্ত্ৰীয়ে দিয়া এক নিৰ্দেশ অনীতিগত বুলি মুখ্যমন্ত্ৰীক জনাই সেই নিৰ্দেশত চহী কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই তেওঁক মুখ্যমন্ত্ৰীয়ে বাধ্যতামূলক ছুটীত পঠাই দিছিল। অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মতে প্ৰশাসন ব্যৱস্থাত দুই প্ৰকাৰৰ বিষয়া থাকে। এক শ্ৰেণীৰ বিষয়াই নীতিৰ বিপৰীতে গৈ কাম কৰিবলৈ অস্বীকাৰ কৰে, আৰু আন এক শ্ৰেণীয়ে সেইসকল ক্ষমতাশালী লোকৰ হৈ কাম কৰি নিজৰ স্বাৰ্থ আৰু ভাল স্থানত চাকৰি সুনিশ্চিত কৰে।

নিৰ্বাচন আহিলেই প্ৰতিটো ৰাজনৈতিক দলে সুপ্ৰশাসনৰ আশ্বাস দিয়ে। কিন্তু ক্ষমতা হাতত লোৱাৰ পাছত তেওঁলোকৰ এই আশ্বাস ফুটুকাৰ ফেন হৈ পৰে। প্ৰশাসনযন্ত্ৰত এনে বিশেষ চক্ৰ গঢ়ি নেতাসকলে নিজৰ কাম- কাজ কৰাটো এতিয়া অভ্যাসত পৰিণত হৈছে। 

এই নেতাসকলে এজন ডিটেক্টৰৰ দৰে কাম কৰিব বিচাৰে। প্ৰফুল্ল মহন্তও ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁৰ প্ৰথমটো ৫বছৰীয়া কাৰ্যকালত ৭জন মুখ্য সচিব নিযুক্তি, ৭জন আৰক্ষী অধীক্ষক নিযুক্তিয়েই তাৰ প্ৰমাণ থৈ গৈছে। এই প্ৰফুল্ল মহন্তই হৰেন্দ্ৰ নাথ দাসক মুখ্য সচিব পদৰ পৰা আঁতৰাই দিছিল। কিয়নো মুখ্য সচিব দাসে মুখ্যমন্ত্ৰীৰ এক নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰিছিল। 

একাংশ আই এ এছ বিষয়াই সদায় মুখ্যমন্ত্ৰীগৰাকীৰ ‘ব্লু আইড বয়’ হ’বলৈ নিজৰ সহকৰ্মীৰ মাজতে প্ৰতিযোগিতাত নামে। এই প্ৰতিযোগিতাত বহু সৎ বিষয়া ছিটিকি পৰে। বহু ভাল বিষয়া হতাশ হয়। বি চি ঠাকুৰীয়া, জ্যোতি ৰাজখোৱা আদি আই এ এছ বিষয়াসকল তেনে এক ব্যৱস্থাৰ মাজত ক্ষতিগ্ৰস্ত হোৱা কাহিনীও তেওঁ কৈছিল।

অৱশ্যে বিচক্ষণ আই এছ বিষয়া মদন ৰাজখোৱাই কেনেদৰে মাজে মাজে সৰকি এজন সৎ বিষয়া হিচাপে দায়িত্ব পালন কৰিছিল তাৰো আভাস দিছিল। এনে পৰিৱেশত সেই সময়ত তিষ্ঠিব নোৱাৰিছিল এছ ডি ফেনীৰ দৰে বিষয়াই। সেই সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ সচিব পদত অধিষ্ঠিত হৈছিল অতুল্য প্ৰসাদ ছাৰোৱান। যিগৰাকী বিষয়া সেই সময়ৰ মুখ্যমন্ত্ৰী মহন্তৰ অতি ঘনিষ্ঠ আছিল। 

সেই ঘনিষ্ঠতাৰ আঁত ধৰিয়েই ছাৰোৱানে হেনো ব্যক্তিগত আক্ৰোশ পূৰণ কৰিবলৈ বহু বিষয়াক হাৰাশাস্তি কৰিছিল। তেওঁৰ পাছতে ৰাজ্যৰ প্ৰশাসনত উক্ত সময়ছোৱাত শক্তিশালী বিষয়া হিচাপে আত্মপ্ৰকাশ কৰিছিল প্ৰফুল্ল শৰ্মাই। প্ৰফুল্ল শৰ্মাৰ ছাত্ৰ সন্থাৰ নেতাৰ সৈতে অসম আন্দোলনৰ সময়তে এক সুসম্পৰ্ক গঢ়ি লৈ উঠিছিল। 

বৰপেটাত খৰ্গেশ্বৰ তালুকদাৰৰ ছহিদ বেদীত মাল্যদান কৰি বিখ্যাত হৈছিল শৰ্মা। তেওঁ আছিল সেই সময়ত বৰপেটাৰ মহকুমাধিপতি। ৰহস্যজনকভাৱে অসম আন্দলোচনকাৰীসকলৰ সৈতে আলোচনাৰ কালত তেওঁক ইন্দিৰা গান্ধীয়ে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগলৈ লৈ গৈছিল। 

হিতেশ্বৰ শইকীয়াৰ সৈতেও সুসম্পৰ্ক আছিল শৰ্মাৰ। সেয়েহে আন্দোলনকাৰীসকলৰ অণ্ডৰমহলৰ খবৰ পাবলৈ তেওঁক দিল্লীলৈ নিয়া হৈছিল। মহন্ত চৰকাৰ অহাৰ পাছত তেওঁ মহন্তৰো ঘনিষ্ঠ হৈ পৰিছিল। শৰ্মা আছিল মহন্তৰো অন্যতম পৰামৰ্শদাতা। 

মুখ্যমন্ত্ৰী হৈ থাকোতে মহন্তই আমেৰিকা ভ্ৰমণৰ এক সিদ্ধান্ত লৈছিল। কিন্তু সেই ভ্ৰমণ সম্ভৱপৰ নহ’ল। ইয়াৰ আঁৰত আছিল এক কাহিনী। আমেৰিকাত থকা প্ৰবাসী অসমীয়া সকলৰ আগত মুখ্যমন্ত্ৰী মহন্তই এটা ভাষণ দিয়া কথা আছিল। ইংৰাজীতে সেই ভাষণ প্ৰস্তুতো হৈছিল। 

নিয়ম অনুসৰি মুখ্যমন্ত্ৰী মহন্তৰ ভাষণটো প্ৰস্তুত কৰি অনুমোদনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিছিল।  তেতিয়াৰ মুখ্য সচিব ছাৰোৱানে সেই ভাষণ কোনে লিখিছে বুলি প্ৰশ্ন কৰিছিল। গৃহ আয়ুক্ত মদন বেজবৰুৱাই সেয়া নাজানো বুলি কৈছিল যদিও ভাষণটো লিখিছিল প্ৰফুল্ল শৰ্মাই। 

গৃহ মন্ত্ৰণালয়ে এই ভাষণত অনুমোদন নজনালে। প্ৰফুল্ল শৰ্মা কিন্তু তৰ পাছতো মহন্ত চৰকাৰৰ ক্ষমতাশালী বিষয়া হৈয়ে থাকিল। তাৰ প্ৰধান কাৰণ আছিল- শৰ্মাই আলফা- চৰকাৰৰ মাজত আলোচনাত মধ্যস্ততাকাৰীৰ এক ভূমিকা পালন কৰিব পাৰিব বুলি মহন্তৰ মনত জন্মাব পৰা আস্থা। 

মহন্তৰ মন্ত্ৰীসভাৰ সেই সময়ৰ গ্ৰামোন্নয়ন মন্ত্ৰী গণেশ কুটুমে এইজন বিষয়াক তেওঁৰ বিভাগৰ সচিব পৰা নতৰালে পদত্যাগ কৰিম বুলি ভাবুকি দিহে তেওঁক এই পদৰ পৰা আঁতৰাইছিল। এইজন শৰ্মাকে প্ৰফুল্ল মহন্তই মুখ্যমন্ত্ৰীৰ গৃহ আয়ুক্ত কৰিব বিচাৰিছিল। 

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বহু সিদ্ধান্ত বাধা দিছিল তেতিয়াৰ মুখ্য সচিব ড০ হৰেন্দ্ৰ নাথ দাসে। পদোন্নতিৰ সময় নোহোৱা স্বত্বেও সেই সম্পৰ্কীয় নথি-পত্ৰ ড্ৰাফট কৰি মুখ্যমন্ত্ৰীৰ অনুমোদন লৈ শৰ্মাই নিজেই হেনো এই ফাইলটো পদোন্নতিৰ বাবে মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল। 

মুখ্যমন্ত্ৰীয়েও মুখ্য সচিব দাসক ফাইলটো অতি সোনকালে অনুমোদন জনাই চহী কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্য সচিব দাসে শৰ্মাৰ বেটছৰ বহু বিষয়া আছে যিসকলৰ পদোন্নতি সময়ত হোৱা নাই বুলি এই ফাইলটোত অনুমোদন জনোৱা নাছিল। তাৰ পাছতেই দাসক বাধ্যতামূলক ছুটীত পঠাইছিল মুখ্যমন্ত্ৰী মহন্তই। 

বাধ্যতামূলক ছুটীত গুচি গৈছিল ড০ হৰেন্দ্ৰ নাথ দাস। কিন্তু নতশিৰ কৰা নাছিল মুখ্য সচিব দাসে। আছে জানো এতিয়া এনে সাহসী আই এছ বিষয়া ? প্ৰশাসনযন্ত্ৰক স্বচ্চ কৰি নেতা- মন্ত্ৰীক নাকী লগাবলৈ এনে সৎ- সাহসী বিষয়াৰো এতিয়া প্ৰয়োজন আমাক। প্ৰাক্তন আই এ এছ বিষয়াগৰাকীয়ে কোৱা এই কথাখিনিৰ বাস্তৱতাচোন প্ৰতিফলিত হয় দিশপুৰতে এতিয়া...।

প্ৰশাসনিক বিষয়া আই এ এছ বিষয়া