/asomiyapratidin/media/media_files/2025/06/13/4MU7yuVlb00aJH1ZYHJg.jpg)
ডিজিটেল ডেস্ক: বেচন যিমানে সুস্বাদু, স্বাস্থ্যৰ বাবেও ই সিমানেই উপকাৰী। ইয়াত উপলব্ধ আঁহ আৰু প্ৰ'টিনে শৰীৰটোক বহুতো ৰোগৰ পৰা সকাহ দিয়ে। বেচন অতি সোনকালে হজম হয়। ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰা হ্ৰাস কৰাতো ই যথেষ্ট সহায়ক। বেচনত যথেষ্ট পৰিমাণৰ লিনিক এচিড আৰু অলিক এচিড থাকে। ই অসংপৃক্ত চৰ্বি। ইয়াত পোৱা ৰিবোফ্লেভিন, নিয়াচিন, ফোলেট আৰু বিটা-কেৰোটিন ছালৰ বাবে যথেষ্ট উপকাৰী।
বেচনৰ আন আন আশ্চৰ্যজনক লাভালাভ বিষয়ে আজি জানো আহক-
দূৰ কৰে শালমনৰ সমস্যা
বেচনত থকা জিঙ্কে শিপাৰ পৰা শালমণৰ সমস্যা নি:শেষ কৰে। বেচন ‘ফেচ পেক’ হিচাপে ব্যৱহাৰ কৰিলে মুখৰ ছাল উজ্জ্বল হয়। বেচনত গোলাপ জল মিহলি কৰি এটা ‘ফেচ পেক’ তৈয়াৰ কৰি মুখত ১৫-২০ মিনিটমানৰ কাৰণে লগাই পিছত কুহুমীয়া পানীৰে ধুই দিব। সপ্তাহত এনেকৈ দুই তিনিবাৰ মান প্ৰয়োগ কৰিলে আপুনি ইয়াৰ পৰা এশ শতাংশই উপকৃত হ’ব।
নিয়ন্ত্ৰণ কৰে ডায়েবেটিচ
গৱেষণা অনুসৰি বেছনে ডায়েবেটিচ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। খাদ্যৰ তালিকাত নিয়মীয়াকৈ বেচন অন্তৰ্ভূক্ত কৰিলে ই ডায়েবেটিচৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে। বেচন হৈছে এক গ্লুটেন মুক্ত আহাৰ, যাৰ গ্লাইচেমিক সূচকো অতি কম। সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে ডায়েবেটিচ ৰোগীক বেছন খাবলৈ পৰামৰ্শ দিয়ে।
স্বাস্থ্যৱান কৰি ৰাখে হৃদযন্ত্ৰ
বেচনত বহু ভিটামিন, খনিজ আৰু আঁহ থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এক গৱেষণা অনুসৰি, তিনি চাহ চামুচ বেচনত এটা কলৰ সমান পটাছিয়াম থাকে। উল্লেখ্য যে, পটাছিয়ামক ৰক্তচাপ হ্ৰাস কৰাত সহায়ক বুলি গণ্য কৰা হয়। ৰক্তচাপ নিয়ন্ত্ৰণত থাকিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।
ওজন হ্ৰাস কৰাত সহায়ক
যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে বেচন আপোনাৰ বাবে খুবেই উপযোগী। ২০১০ চনত ১২ সপ্তাহ ধৰি চলা এক গৱেষণাত দেখা গৈছিল যে বেচনে পেটটো ভৰ্তি কৰি ৰখাৰ ফলত ভোক হ্ৰাস হয়। যিয়ে অধিক খোৱা পৰিহাৰ কৰে আৰু ই ওজন হ্ৰাসতো সহায়ক হয়।
হ্ৰাস কৰে কলেষ্টেৰলৰ স্তৰ
টৰণ্টো বিশ্ববিদ্যালয়ত কৰা এক গৱেষণা অনুসৰি, বেচনে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আশ্চৰ্যকৰ কাম কৰে। ইয়াত যথেষ্ট পৰিমাণৰ য় পোৱা যায়, যিয়ে কলেষ্টেৰল বৃদ্ধি হ'বলৈ নিদিয়ে। অষ্ট্ৰেলিয়াত কৰা আন এক অধ্যয়নত এইটোও পোৱা গৈছে যে বেচনে বেয়া কলেষ্টেৰলৰ স্তৰো বৃদ্ধি নকৰে।
Also Read: Garlic Health Benefits: কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয়, আৰু বহু কাৰণত অতি উপযোগী নহৰু