কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি

সুস্থ হৈ থকাটো এতিয়া এক প্ৰত্যাহ্বান। সুস্থ হৈ থকাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ব্যায়াম আৰু খাদ্যভাষে। ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ নাটনিৰ অজুহাতত আজিকালি অধিকাংশ লোকেই অখাদ্য খায়।

author-image
সংগীতা দাস
New Update
web ap 1

ডিজিটেল ডেস্ক: সুস্থ হৈ থকাটো এতিয়া এক প্ৰত্যাহ্বান। সুস্থ হৈ থকাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ব্যায়াম আৰু খাদ্যভাষে। ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ নাটনিৰ অজুহাতত আজিকালি অধিকাংশ লোকেই অখাদ্য খায়। যাৰ ফলত খুব কম বয়সীয়াসকলো ৰোগীয়া হয়। কিন্তু, খোৱা-বোৱাত সচেতন হ'লেই আমি বহু ৰোগৰ পৰা বাচি থাকিব পাৰো। শাক-পাচলি তথা ফল-মূল আদি খালে ই শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিছুমান ফল আকৌ  ঔষধৰ দৰে। শৰীৰত ঔষধৰ দৰে কাম কৰা এনে এবিধ বিশেষ ফল হৈছে  অসমীয়াৰ বাৰীবোৰত সহজে উপলব্ধ কৰ্দৈ।

বিশেষজ্ঞৰ মতে,  এইবিধ ফল অতি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ। ইয়াত থকা ভিটামিন, আঁহ আৰু খনিজ পদাৰ্থই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ হৈ থকাত সহায় কৰে।

কৰ্দৈত থকা পুষ্টিকৰ উপাদান

সোৱাদত টেঙা-মিঠা কদৈত ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াত থকা আঁহে পাচনতন্ত্ৰ সুস্থ, পটাছিয়াম আৰু মেগনেছিয়ামক হৃদযন্ত্ৰ আৰু পেশীক সুস্থ কৰে। এই ফলবিধত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰি বাৰ্ধক্য প্ৰক্ৰিয়া লেহেমীয়া কৰে। কৰ্দৈত কেলৰি খুব কমকৈ থাকে, সেয়েহে ওজন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাসকলৰ বাবে ই এক উৎকৃষ্ট বিকল্প। তদুপৰি, ই শৰীৰক পানী যোগান ধৰে বাবেই খাদ্য বিশেষজ্ঞসকলে ইয়াক হৃদযন্ত্ৰৰ অনুকূল ফল বুলি গণ্য কৰে।

কৰ্দৈৰ উপকাৰিতা

আয়ুৰ্বেদৰ মতে, কৰ্দৈয়ে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে। যিয়ে শৰীৰক ভিতৰৰ পৰা শীতলতা আৰু সতেজতা প্ৰদান কৰে। বৰ্তমান বৰষুণ আৰু আৰ্দ্ৰতাৰ বতৰ চলি আছে, এনে পৰিস্থিতিত কৰ্দৈ খোৱাটোয়ে শৰীৰক পানী যোগান ধৰে আৰু লঘু কৰি ৰাখে। ই আৰ্দ্ৰতা, আৰ্দ্ৰতাৰ ফলত হোৱা ভাগৰ আৰু দুৰ্বলতা হ্ৰাস কৰি শৰীৰটোক সতেজ কৰি ৰাখে।

বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা 

কৰ্দৈত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ডায়েবেটিছত উপকাৰী

এইবিধ ফলত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

ওজন হ্ৰাসত সহায়ক

কম কেলৰি আৰু অধিক আঁহ থকাৰ বাবে কৰ্দৈ খালে পেটটো দীৰ্ঘসময় ধৰি ভৰাই ৰাখে। সেয়েহে ওজন হ্ৰাস কৰিবলৈ বিচৰাসকলে কৰ্দৈক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে।

উন্নত কৰে হজম শক্তি

কৰ্দৈত থকা আঁহে হজম শক্তি উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

কৰ্দৈত থকা পটাছিয়াম আৰু ছ'ডিয়ামে ৰক্তচাপ সুষম কৰি ৰাখে আৰু হৃদৰোগৰ সম্ভাৱনা কমায়।

ছাল, চুলিৰ বাবে উপকাৰী

ইয়াৰ এন্টিঅক্সিডেন্ট গুণে ছালখনক উজ্জ্বল কৰি তোলে। কৰ্দৈয়ে চুলি দীঘল হোৱাটো সহায় কৰে।

কৰ্কট ৰোগ প্ৰতিৰোধ

ইয়াত থকা ফ্লেভন’ইড আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কেন্সাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰে।

এইসকল লোকে কৰ্দৈ নাখাব

কৰ্দৈ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী যদিও যিসকল লোকৰ বৃক্কৰ সমস্যা আছে তেওঁলোকে ইয়াক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াত উপস্থিত কিছুমান উপাদান বৃক্ক ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে, এনে লোকে পৰামৰ্শ অবিহনে কৰ্দৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াক প্ৰচুৰ পৰিমাণে খালে পেটৰ বিষ আৰু এলাৰ্জীও হ’ব পাৰে।