এতিয়া চিন্তা নাই ! দীৰ্ঘদিনলৈ সতেজ হৈ থাকিব কল

কল হৈছে এনে এবিধ ফল, যি সকলোৰে প্ৰিয়।কলৰ অগনন স্বাস্থ্য উপকাৰিতা আছে। কলে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে।দৈনিক কল খাই আপুনি গোটেই দিনটো শৰীৰটোক উদ্যমী কৰি ৰাখিব পাৰে।

author-image
Asomiya Pratidin
New Update
এতিয়া চিন্তা নাই ! দীৰ্ঘদিনলৈ সতেজ হৈ থাকিব কল

banana-freshness-trick

ডিজিটেল ডেস্ক: কল হৈছে এনে এবিধ ফল, যি সকলোৰে প্ৰিয়।কলৰ অগনন স্বাস্থ্য উপকাৰিতা আছে। কলে শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে।দৈনিক কল খাই আপুনি গোটেই দিনটো শৰীৰটোক উদ্যমী কৰি ৰাখিব পাৰে। অৱশ্যে, এটা সমস্যা হ'ল যে কল খুব সোনকালে বেয়া হৈ যায়।কিন্তু, এই সমস্যাৰ সমাধান আছে।আপুনি যদি কল দীৰ্ঘদিনৰ বাবে সতেজ কৰি ৰাখিবলৈ বিচাৰে, মাত্ৰ তিনিটা উপায় অৱলম্বন কৰিব পাৰে।

Advertisment

বিশেষকৈ, বজাৰৰ পৰা কল আনোতে আপুনি কলৰ সতেজতাৰ প্ৰতি মনোযোগ দিব। যদি কলখিনি অলপ কেঁচা হয়, ফ্ৰিজত ভুলতো নথ’ব। সতেজ ৰাখিবলৈ কলখিনি পৃথকে-পৃথকে ঢাকি ৰাখিব।খুব বেছিকৈ পকা কল ঘৰলৈ নানিব।

কল সতেজ কৰি ৰখাৰ অন্যতম উপায়-

১. কল সদায় কোঠাৰ উষ্ণতাত এটা ডাঙৰ পাত্ৰত ওলোটাকৈ ৰাখিব।কল কেতিয়াও নুধুব।

২. যদি কলখিনি বেছিকৈ পকা নহয়, তেন্তে ওলোমাই ৰাখিব।

৩. প্লাষ্টিকৰ বেগত কেতিয়াও কল সংৰক্ষণ নথব'।এনেদৰে থ'লে খুব সোনকালে কলখিনি পকি বেয়া হৈ যায়।

Also Read: হালধীয়া দাঁতৰ বাবে লাজত পৰিছে যদি এইসমূহ ঘৰুৱা উপায় অৱলম্বন কৰক