/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ff00778c-da79-446b-adbc-3f62d35c3d0c/ice_for_skin__1_.jpg)
ডিজিটেল ডেস্ক: নাৰী সদায়েই সৌন্দৰ্য সচেতন। মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে তেওঁলোকে বজাৰত উপলব্ধ বহু দামী প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু এই সকলোবোৰ ব্যৱহাৰ কৰাৰ পাছতো কেতিয়াবা তেওঁলোকে ছালৰ কোনো পাৰ্থক্য দেখিবলৈ নাপায়। এনে পৰিস্থিতিত ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ কিছুমান প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে। মুখমণ্ডলত তাৎক্ষণিক উজ্জ্বলতা আনিবলৈ আপুনি গাখীৰৰ পৰা তৈয়াৰ কৰা বৰফৰ টুকুৰা ব্যৱহাৰ কৰিব পাৰে।মুখত বৰফৰ টুকুৰা ব্যৱহাৰৰ লাভালাভৰ বিষয়ে আজি জানো আহক-
‘ডাৰ্ক চাৰ্কল’ দূৰ কৰাত সহায়ক
মুখৰ সৌন্দৰ্য ম্লান কৰা ‘ডাৰ্ক চাৰ্কল’ৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মুখত বৰফৰ টুকুৰা ব্যৱহাৰ কৰিব পাৰে। ই ছাললৈ উজ্জ্বলতা আনে।এটুকুৰা বৰফত গাখীৰ লগাই লৈ ‘ডাৰ্ক চাৰ্কল’ত লাহে লাহে প্ৰয়োগ কৰিব।এনে কৰাৰ ফলত খুব সোনকালেই আপুনি এই সমস্যাৰ পৰা সকাহ পাব।
চকুৰ তলৰ ফুলা আঁতৰ কৰে
বৰফৰ টুকুৰা প্ৰয়োগ কৰি আপুনি চকুৰ তল ফুলা সমস্যাৰ পৰাও সকাহ পাব পাৰে।বহু সময় ধৰি কম্পিউটাৰৰ সন্মুখত বহি থকাৰ বাবে চকুৰ তলত ফুলা আৰম্ভ হয়।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বৰফৰ টুকুৰা এটাত গাখীৰ লগাব আৰু ইয়াক চকুৰ তলত প্ৰয়োগ কৰিব। ইয়াক চকুৰ কোণৰ পৰা ভ্ৰূলৈ বৃত্তাকাৰ গতিত মালিচ কৰিব। আপুনি সপ্তাহত দুই-তিনিবাৰ এনেদৰে নিজৰ যত্ন ল’ব পাৰে।
ছাল উজ্জ্বল হয়
মুখত বৰফৰ টুকুৰা প্ৰয়োগ কৰিলে ছাল উজ্জ্বল হৈ পৰে। ইয়াক নিয়মীয়াকৈ প্ৰয়োগ কৰিলে ছালৰ বহু সমস্যাও দূৰ হয়। বৰফৰ টুকুৰাবোৰে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে।তদুপৰি ই ছালখনক ‘হাইড্ৰেটেড’ কৰি ৰখাত সহায় কৰে।
শালমইনাৰ পৰা সকাহ দিয়ে
মুখৰ শালমইনা দূৰীকৰণতো বৰফৰ টুকুৰা অতি উপকাৰী।ইয়াক মুখত প্ৰয়োগ কৰিলে মুখত তেলৰ উৎপাদন হ্ৰাস হয় আৰু শালমইনাৰ সমস্যাও দূৰ হয়। বৰফৰ টুকুৰাই মুখৰ তেল নিয়ন্ত্ৰণত সহায় কৰে।
ছাল ‘ময়েশ্চাৰাইজ’ কৰে
মুখখন ‘ময়েশ্চাৰাইজ’ কৰিবলৈ আপুনি গাখীৰৰ পৰা প্ৰস্তুত কৰা বৰফৰ টুকুৰা ব্যৱহাৰ কৰিব পাৰে।ই ছালখন স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ছালখন দীঘলীয়া সময়ৰ বাবে ‘হাইড্ৰেটেড’ কৰি ৰখাত সহায় কৰে।
গাখীৰৰ বৰফৰ টুকুৰা কেনেদৰে তৈয়াৰ কৰিব ?
দৰকাৰী সামগ্ৰীসমূহ-
গাখীৰ - ১ গিলাচ
মৌ - ২ চামুচ
. প্ৰথমে গাখীৰ আৰু মৌখিনি মিহলাই ‘আইচ ট্ৰে’ত ভালদৰে মিলাই ল’ব।
. ‘আইচ ট্ৰে’খন দুঘণ্টামান থোৱাৰ পাছত ফ্ৰীজৰ পৰা উলিয়াই দিব।
. ছালৰ বাবে অতি উপকাৰী বৰফৰ টুকুৰা সাজু।
. মুখখন পৰিস্কাৰ পানীৰে ধুই লাহে লাহে এই টুকুৰা মুখত ব্যৱহাৰ কৰিব।
Also Read: মাত্ৰ তিনিটা উপায়ৰে উজ্জ্বল কৰক আপোনাৰ ছাল