/asomiyapratidin/media/media_files/2025/06/25/2-2025-06-25-15-47-00.png)
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ভাৰতত অধিকাংশৰ ঘৰতে তুলসীক উপাসনা কৰা হয়। তুলসীৰ পাত আমাৰ স্বাস্থ্য বাবেও খুব উপকাৰী। আপুনি ৰাতিপুৱা খালী পেটত তুলসীৰ পাত খাই বহু ৰোগৰ পৰা বাচি থাকিব পাৰে।হয়, আয়ুৰ্বেদতো ইয়াৰ বহু লাভালাভৰ বিষয়ে উল্লেখ আছে। আয়ুৰ্বেদৰ মতে, তুলসীৰ পাতত এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল, এণ্টি-ফাংগাল গুণ থাকে। যি ঔষধতকৈও অধিক কাৰ্যকৰী। আজি তুলসীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
পেটৰ সমস্যা
খালী পেটত তুলসীৰ পাত খালে পেটৰ সমস্যা নহয়। ইয়াৰ ফলত হজম ভাল আৰু পেট ফুলাৰ সমস্যা দূৰ হয়। কেৱল এয়াই নহয়, তুলসীৰ পাত খালে ই আপোনাক এচিডিটি, কোষ্ঠকাঠিন্য, বদহজম আদিৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।
হৃদযন্ত্ৰৰ স্বাস্থ্য
তুলসীৰ পাতক হৃদযন্ত্ৰৰ ঔষধ বুলি কোৱা হয়। খালী পেটত তুলসীৰ পাত খাই আপুনি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰি। তুলসীৰ পাতে কলেষ্টেৰল, ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদআক্ৰমণৰ দৰে ৰোগৰ পৰাও আপোনাক বচাই ৰাখিব পাৰে।
ছালৰ যত্ন
প্ৰতি ৰাতিপুৱা তুলসীৰ পাত খাই আপুনি আপোনাৰ ছালখনক উজলাই তুলিব পাৰে। তুলসীৰ পাতত পোৱা এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণাগুণবোৰে ছালৰ গভীৰতালৈ গৈ ইয়াক পৰিস্কাৰ কৰে। যাৰ ফলত শালমইনা, দাগ আদিৰ সমস্যাও দূৰ হয়।
মূৰৰ বিষ
অত্যাধিক কাম কৰা বা অধিক চাপত থকাৰ ফলত আজিকালি অধিকাংশ লোকেই মূৰৰ বিষত ভোগে। যদি আপুনিও প্ৰায়ে মূৰৰ বিষত ভোগে, তেন্তে তুলসীৰ পাত খাই এই সমস্যাটো দূৰ কৰিব পাৰিব।
দাঁতৰ বিষ
দাঁতৰ বিষ উপশম কৰাতো তুলসীৰ পাত কাৰ্যকৰী। দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ ক'লা জালুক আৰু তুলসীৰ পাতৰ পেষ্ট কৰি দাঁতত লগাই ৰাখিব। ই দাঁতৰ বিষৰ পৰা আপোনাক খুব সোনকালে সকাহ দিব।