ভাগৰ লাগিলে উপেক্ষা নকৰিব, ইয়াক দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

খুব বেছি গৰম বা খুব বেছি ঠাণ্ডা বতৰত এলাহ, অলসতা তথা ভাগৰ লগাটো একেবাৰেই স্বাভাৱিক এক অৱস্থা।কিন্তু প্ৰতিদিনেই কাম কৰিবলৈ মন নোযোৱা, দুৰ্বল, ভাগৰ তথা এলাহ লগাটো একেবাৰেই স্বাভাৱিক নহয়।

author-image
Asomiya Pratidin
New Update
ভাগৰ লাগিলে উপেক্ষা নকৰিব, ইয়াক দূৰ কৰাৰ উপায় কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: খুব বেছি গৰম বা খুব বেছি ঠাণ্ডা বতৰত এলাহ, অলসতা তথা ভাগৰ লগাটো একেবাৰেই স্বাভাৱিক এক অৱস্থা।কিন্তু প্ৰতিদিনেই কাম কৰিবলৈ মন নোযোৱা, দুৰ্বল, ভাগৰ তথা এলাহ লগাটো একেবাৰেই স্বাভাৱিক নহয়।যদি আপোনাৰ ক্ষেত্ৰতো এনে হৈছে, তেন্তে আপুনি ভাগৰুৱা হৈ পৰিছে।আপোনাক বিশ্ৰামৰ প্ৰয়োজন।

Advertisment

ভাগৰ দুই প্ৰকাৰৰ হ'ব পাৰে। শাৰীৰিক আৰু মানসিক। যদিও বিশ্ৰাম লৈ শাৰীৰিক ভাগৰ দূৰ কৰিব পাৰি, মানসিক ক্লান্তি দূৰ কৰিবলৈ কিন্তু কিছু সময়ৰ প্ৰয়োজন।অত্যাধিক শাৰীৰিক কাম, অধিক ব্যায়াম, অধিক চাপ, টোপনিৰ অভাৱ, শৰীৰত ভিটামিন আৰু তেজৰ অভাৱ, নেতিবাচক চিন্তা বৃদ্ধি ইত্যাদি বহুতো কাৰণৰ বাবে ভাগৰ লাগিব পাৰে। দীৰ্ঘদিন ধৰি একে ধৰণৰ কাম কৰি থাকিলেও কামৰ প্ৰতি আগ্ৰহ হ্ৰাস পায়।যাৰ ফলত অলসতা আৰু অনীহা অনুভৱ হয়। মানসিক আৰু শাৰীৰিক ভাগৰৰ অন্যান্য কাৰণবোৰৰ ভিতৰত আছে কামত অনীহা, অনুপ্ৰেৰণাৰ অভাৱ, মনোৰঞ্জনৰ অভাৱ, মানসিক ৰোগ বা শাৰীৰিক ৰোগ।

আনহাতে, যিসকল লোকৰ শৰীৰত পৰ্যাপ্ত তেজ নাথাকে, থাইৰইড গ্ৰন্থিয়ে সঠিকভাৱে কাম নকৰে বা যিসকল লোক ডায়েবেটিচত আক্ৰান্ত, তেওঁলোক সোনকালে ভাগৰুৱা হৈ পৰে।আমি ভাগৰক উপেক্ষা কৰো যদিও কিদৰে ভাগৰ দূৰ কৰিব পাৰি, সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ সৈতেও এনে হৈছে, তেনেহ'লে ইয়াৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। কিয়নো ই আপোনাৰ বাবে এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, ইয়াৰ কাৰণবোৰ জানি সময়মতে চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে চিকিৎসকৰ ওচৰলৈ নগৈ ঘৰতেও আপুনি কেতবোৰ কাম কৰিব পাৰে।সেইসমূহ হৈছে-

মালিচ 

ভাগৰ অনুভৱ কৰিলে আপোনাৰ দুটা আঙুলিৰে মুখখন পাতলকৈ মালিচ কৰিব। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰি আপোনাৰ ভাগৰ দূৰ কৰাত সহায় কৰিব। কেতিয়াবা সুগন্ধি তেলৰ ব্যৱহাৰেও শৰীৰৰ ভাগৰ দূৰ কৰিব পাৰে।

যোগ-ব্যায়াম

দৈনিক যোগ আৰু ব্যায়াম কৰিলেও আপোনাৰ ভাগৰ আঁতৰিব। কিন্তু অত্যাধিক সময় ব্যায়াম নকৰিব।দিনটোত কমেও ৭ -৮ ঘণ্টা টোপনি যাব। 

সন্তুলিত আহাৰ খাব

সদায় সেউজীয়া শাক-পাচলি, বতৰৰ পাচলি, মাহজাতীয় শস্যৰ দৰে এক সন্তুলিত আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব।ই খাদ্যত ভিটামিনৰ পৰিমাণ বৃদ্ধি কৰি আপোনাৰ ভাগৰৰ পৰা দূৰত ৰাখিব।

গীত শুনিব

গীতে মগজুক যথেষ্ট সান্ত্বনা দিয়ে। ই মানসিকভাৱেও শান্তি প্ৰদান কৰে, যিয়ে অৱসাদ সহজে দূৰ কৰিব পাৰি।

এই লোকসকল অধিক ভাগৰুৱা

ৰক্তহীনতাৰ ৰোগীয়েও অলপ কাম কৰাৰ পিছত অধিক শাৰীৰিক ভাগৰ অনুভৱ কৰে। এনে লোকসকলে বিলাহী আৰু গাজৰৰ ৰস আৰু সেউজীয়া শাক-পাচলি বৃহৎ পৰিমাণে খাব লাগে। ইয়াৰ পাছতো যদি ভাগৰ বা অলসতাৰ পৰা সকাহ নাপায়, তেনেহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব।

Also Read: ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক ছাইনাছৰ সমস্যা