লাভাম্বিত হ’ব বহুলোক, বিশেষজ্ঞসকলে কি কয় জানেনে?

যদি এয়া সম্ভৱ হয়, তেন্তে এই খবৰে বন্ধ্যাত্বৰ বাবে নিশ্চয় আশাৰ ৰেঙনি কঢ়িয়াই আনিব।

author-image
Asomiya Pratidin
New Update
লাভাম্বিত হ’ব বহুলোক, বিশেষজ্ঞসকলে কি কয় জানেনে?

ডিজিটেল ডেস্ক: প্ৰাকৃতিক ধৰ্মানুসৰি সন্তান জন্ম দিয়া প্ৰক্ৰিয়া অতি সহজ, যাৰ বিষয়ে প্ৰকৃতিৰ সকলো জীৱ‌ই জ্ঞাত।গৰ্ভধাৰণৰ বাবে পুৰুষ শুক্ৰাণু আৰু মহিলাৰ এগ(কণী)ৰ প্ৰয়োজন।যাৰ বাবে পুৰুষ আৰু মহিলাৰ মাজত শাৰিৰীক সম্পৰ্ক স্থাপন হোৱাটো প্ৰয়োজনীয়। কিন্তু এই বিজ্ঞানৰ যুগত বিজ্ঞানীসকলে শাৰিৰীক সম্পৰ্কৰ অবিহনেই ছাল বা ৰক্তকোষৰ পৰা সন্তান জন্ম দিয়াৰ সম্ভাৱনাৰ কাষ চাপিছে। যদি এয়া সম্ভৱ হয়, তেন্তে এই খবৰে বন্ধ্যাত্বৰ বাবে নিশ্চয় আশাৰ ৰেঙনি কঢ়িয়াই আনিব।

Advertisment

গৰ্ভধাৰণ তেতিয়া আৰম্ভ হয়, যেতিয়া নিষিক্ত কণী এটা জৰায়ুৰ বেৰত স্থাপন কৰা হয়, যি পিছত ভ্ৰূণলৈ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়নত, শাৰিৰীক সম্পৰ্ক অবিহনে সন্তান জন্ম দিয়াটো সম্ভৱ নে কি জানিবলৈ চেষ্টা কৰা হৈছে। বিগত সপ্তাহত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীত তিনিদিনীয়া বৈঠকত এই বিষয়ে আলোচনাও কৰা হৈছে।

এই বৈঠকত দক্ষিণ আফ্ৰিকাৰ কেপ টাউন বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানী অমৃতা পাণ্ডেয়ে উল্লেখ কৰে যে, কণী আৰু শুক্ৰাণুৰ বাহিৰে আন কোষৰ পৰা শিশু জন্ম দিয়াৰ প্ৰযুক্তি এতিয়াও এক দশক বা তাৰো অধিক দূৰত আছে। কিন্তু বিজ্ঞানে এই সম্ভাৱনা বাস্তৱলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে। উল্লেখ্য যে, জাপানৰ বিজ্ঞানীসকলে এনে কৌশল বিকশিত কৰিছিল, য’ত সন্তান জন্ম দিয়াৰ বাবে মহিলাৰ প্ৰয়োজন নহয়।

বিজ্ঞানীসকলে দাবী কৰা মতে, এই প্ৰক্ৰিয়াৰ দ্বাৰা আটাইতকৈ বেছি লাভান্বিত হ’ব সমকামীসকল। আনহাতে, গৰ্ভধাৰণ কৰিবৰ বাবে অসুবিধা হোৱা মহিলাসকলেও ইয়াৰ পৰা  উপকৃত হ’ব।

Also Read: নৱজাতকৰ যত্ন লোৱাৰ পূৰ্বে এইসমূহ দিশত চকু দিব