নৱজাতকৰ যত্ন লোৱাৰ পূৰ্বে এইসমূহ দিশত চকু দিব

যদি আপোনাৰ ঘৰত নৱজাতক আছে, তেন্তে সেই নৱজাতকৰ সঠিক তথা অতিৰিক্ত যত্ন লোৱাৰ কেইটামান উপায়ৰ বিষয়ে আজি জানি লওঁক-

author-image
Asomiya Pratidin
New Update
নৱজাতকৰ যত্ন লোৱাৰ পূৰ্বে এইসমূহ দিশত চকু দিব

ডিজিটেল ডেস্ক: ঘৰত নতুন শিশু এটাৰ জন্মই সকলোৰে জীৱন সলনি কৰি দিয়ে, ঘৰখন সুখেৰে ভৰি পৰে। ঘৰৰ সকলো সদস্যই শিশুটোৰ বিশেষ যত্ন লোৱাৰ ক্ষেত্ৰত কোনো সুযোগ এৰি নিদিয়ে।কিন্তু যত্নৰ সময়ত অজানিতে কৰা কিছুমান ভুলে শিশুটোৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।যদি আপোনাৰ ঘৰত নৱজাতক আছে, তেন্তে সেই নৱজাতকৰ সঠিক তথা অতিৰিক্ত যত্ন লোৱাৰ কেইটামান উপায়ৰ বিষয়ে আজি জানি লওঁক-

Advertisment

নৱজাতকটিক কোলাত লওঁতে সাৱধান হ'ব 

প্ৰথমবাৰৰ বাবে মাতৃ হোৱা মহিলাসকলে প্ৰায়ে শিশু এটাক ডাঙৰ-দীঘল কৰিবলৈ ভয় কৰে। শিশুটিক কেনেকৈ শুৱাব লাগে, কেনেকৈ বহুৱাব লাগে বা কেনেকৈ ধৰিব লাগে আদি বহু কথাই ভালদৰে নাজানে।কিন্তু এটি নৱজাতকৰ মুৰ, ডিঙিকে ধৰি বহুতো ক্ষেত্ৰত বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। যদি আপুনি শিশুটোক সঠিকভাৱে তুলিব নোৱাৰে, তেন্তে আপুনি ঘৰৰ জ্যেষ্ঠসকলৰ সহায় ল'ব পাৰে।

গা ধোৱাৰ সময়ত সাৱধান হ'ব 

আপুনি আপোনাৰ কেঁচুৱাটোক গা ধুওৱাৰ সময়ত অলপ সাৱধান হ'ব। কিয়নো যদি এই সময়ত কোনো ভুল হয়, শিশুটোৱে উশাহ লোৱাত সমস্যা হ'ব পাৰে। গা ধোৱাৰ সময়ত কেঁচুৱাটোৰ চকু, নাক, কাণ আৰু মুখলৈও পানী যাব পাৰে।যদি আপুনি শিশুটোক গা ধুৱাবলৈ ভয় কৰে, তেন্তে কপাহৰ কাপোৰ তিয়াই শিশুটোৰ শৰীৰ পৰিষ্কাৰ কৰিব পাৰে।তদুপৰি, শিশুটোক গা ধোৱাৰ আগতে ঘৰৰ এজন অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব পাৰে। 

আপোনাৰ হাত ধুবলৈ নাপাহৰিব 

নৱজাতক এটিক কোৱাল লোৱাত আগতে আপোনাৰ হাত ধুবলৈ নাপাহৰিব। হাত ধুবলৈ পাহৰি যোৱাৰ ফলত নৱজাতকটি বিভিন্ন সংক্ৰমণৰ চিকাৰ হ'ব পাৰে। সেয়েহে, আপোনাৰ হাত পৰিস্কাৰ কৰি শিশুসকলক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব পাৰে। 

অত্যাধিক লৰচৰ নকৰিব

বহুসময়ত সৰু ল'ৰা-ছোৱালীয়ে নিশা শুই থাকোঁতে সাৰ পায়।ইয়াৰ পিছত পিতৃ-মাতৃয়ে তেওঁলোকক জোৰেৰে জোকাৰিবলৈ আৰম্ভ কৰে। কিন্তু জোৰেৰে জোকাৰি দিয়াৰ ফলত শিশুটোৰ ৰক্ত সঞ্চালন প্ৰভাৱিত হয় আৰু বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়।সেয়েহে, এই ক্ষেত্ৰত সাৱধান হ’ব।

গাখীৰ পোৱাটো নিশ্চিত কৰিব 

যেতিয়াই আপুনি কেঁচুৱাটোক গাখীৰ খুৱায়, মন কৰিব যে কেঁচুৱাটোৰ পেট ভৰ্তি হয়।সঠিককৈ গাখীৰ নোখোৱাৰ ফলত তেওঁলোকৰ পেটত গেছ হয় আৰু গাখীৰ উলিয়াই দিয়ে।সেয়েহে, গাখীৰ ভালকৈ খুৱাই শিশুটোক থিয়কৈ কান্ধত লৈ পিঠিখন লাহে লাহে মোহাৰি দিব।

Also Read: শিশুৰ এইকেইটা ৰোগক কেতিয়াও অৱহেলা নকৰিব