আচলতে কিয় এনে হয়, অভিভাৱকৰ কৰণীয় কি, জানি লওঁক

প্ৰতিজন ব্যক্তিৰ শোৱাৰ ধৰণ বেলেগ বেলেগ। কোনোয়ে যদি একেবাৰে চিধা, কোনোয়ে বেকা, কোনোয়ে আধা চকু মেলি আৰু আন কোনোবাই মুখ মেলি টোপনি যায়। আপুনি হয়তো দেখিছে যে, বহু সৰু ল’ৰা-ছোৱালীয়ে শুই থকাৰ সময়ত মুখ মেলি উশাহ লয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
শিশু3

ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিৰ শোৱাৰ ধৰণ বেলেগ বেলেগ। কোনোয়ে যদি একেবাৰে চিধা, কোনোয়ে বেকা, কোনোয়ে আধা চকু মেলি আৰু আন কোনোবাই মুখ মেলি টোপনি যায়। আপুনি হয়তো দেখিছে যে, বহু সৰু ল’ৰা-ছোৱালীয়ে শুই থকাৰ সময়ত মুখ মেলি উশাহ লয়। এই অভ্যাস ডাঙৰৰ বাবে স্বাভাৱিক হ’ব পাৰে, কিন্তু শিশুয়ে এইদৰে টোপনি গ'লে অভিভাৱকসকল সচেতন হোৱাটো দৰকাৰ।

Advertisment

শিশুৱে মুখ মেলি শুই থকাৰ সময়ত বহু পিতৃ-মাতৃয়ে মুখখন বন্ধ কৰি দিয়ে যদিও কিছু সময়ৰ পিছত পুনৰ মুখখন মেলি দিয়ে। কিন্তু শিশুয়ে কিয় মুখ মেলি শোয়ে, এয়া স্বাস্থ্যজনিত সমস্যা নেকি ? যদি এয়া স্বাস্থ্যজনিত সমস্যাৰ সৈতে  জড়িত, তেন্তে ইয়াৰ নিৰাময়ৰ উপায় কি, আজি জানো আহক-

শিশুয়ে মুখ মেলি শোৱাৰ আঁৰৰ ৰহস্য কি ?

বন্ধ নাক

শিশুৰ নাক বন্ধ হৈ গ’লে সিহঁতে মুখৰে উশাহ লয়।

বৃদ্ধি হোৱা এডিন’ইড

নাকৰ পিছফালে থকা এডিন’ইড যদি ডাঙৰ হৈ যায়, তেন্তে ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়।

এলাৰ্জী বা সংক্ৰমণ

শ্বাসনলী ফুলা বা এলাৰ্জীৰ বাবেও শিশুৱে নাকৰে উশাহ ল’ব নোৱাৰে।

মুখৰ হাড়ৰ বিকাশ

মুখৰ আভ্যন্তৰীণ বিকাশ সঠিকভাৱে নহ’লে মুখৰে উশাহ লোৱাটো সহজ হৈ পৰে। যাৰ বাবে শিশুয়ে মুখৰে উশাহ লয়।

মুখ মেলি শুলে শিশুৰ কি ক্ষতি হ’ব পাৰে?  

শুকান মুখ

মুখখন মেল খাই থাকিলে লেলাৱতি ওলায়। লেলাৱতি ওলাই থাকিলে মুখখন শুকাই সিঁহত অস্বস্তিত পৰিব পাৰে।

সংক্ৰমণৰ আশংকা

মুখ শুকান হ’লে মুখখন সঠিকভাৱে চাফা কৰিব নোৱাৰা হয়, যাৰ ফলত বেক্টেৰিয়া বাঢ়ি যায় আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনা দুগুণে বৃদ্ধি হয়।

আঁঠুৰ সমস্যা

মুখৰে ধাৰাবাহিকভাৱে উশাহ-নিশাহ লোৱাৰ ফলত শিশুৰ দাঁত আৰু আঁঠু দুৰ্বল হ'ব পাৰে।

মুখৰ বৃদ্ধিত ব্যাঘাত 

দীৰ্ঘদিন মুখৰ উশাহ-নিশাহ ল’লে মুখমণ্ডলৰ আকৃতিত প্ৰভাৱ পৰিব পাৰে।

বেয়া হয় টোপনিৰ মানদণ্ড

যেতিয়া আপোনাৰ শিশুৱে নাকতকৈ মুখেৰে উশাহ লয়, তেতিয়া টোপনিত সঘনাই বাধা আহিব পাৰে, যাৰ ফলত সিঁহতে সঠিকভাৱে জিৰণি ল’ব নোৱাৰে।

শিশুয়ে যদি মুখ মেলি শুই থাকে, কি কৰিব?

নাক পৰিস্কাৰ

যদি আপোনাৰ শিশুৰ নাক বন্ধ হৈ থাকে তেন্তে চেলাইন নাক স্প্ৰে বা নাক এস্পিৰেটৰ ব্যৱহাৰ কৰি নাক পৰিস্কাৰ কৰিব। কোঠাটোত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব। যাতে বতাহ আৰ্দ্ৰ হৈ থাকে আৰু নাকেৰে উশাহ লোৱাত সহজ হয়।

শিশুৰ মূৰটো অলপ ওপৰলৈ তুলি ৰাখিব

শুই থকাৰ সময়ত শিশুটিৰ মূৰটো অলপ ওপৰলৈ তুলি ৰাখিলে নাকৰ পৰা শ্লেষ্মা ওলাই অহাত সহায় কৰে আৰু উশাহ-নিশাহৰ পথটো পৰিস্কাৰ  কৰি ৰাখে।

প্ৰতিৰোধ কৰক এলাৰ্জী

শিশুৰ কোঠাত ধূলি, ধোঁৱা বা তীব্ৰ গোন্ধযুক্ত বস্তু ৰাখিব নালাগে। যদি শিশুৱে সঘনাই হাঁচি মাৰে, চকুত পানী ওলায় বা কাহ হয়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। কিয়নো এইবোৰ এলাৰ্জীৰ লক্ষণ হ’ব পাৰে।

অভিভাৱকসকলে শিশুটিৰ উশাহ-নিশাহৰ প্ৰতি বিশেষভাৱে মন দিব। যদি আপোনাৰ শিশুটিয়ে দিনে আৰু ৰাতিয়ে মুখৰে উশাহ লয়, তেন্তে ই এডিন’ইড বৃদ্ধি হোৱা বা তালু ফাটি যোৱাৰ দৰে গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে । এনে পৰিস্থিতিত খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব। 

 

Also Read: চকুত এই পৰিৱৰ্তন দেখিলে সাৱধান হ'ব