/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-12/yinrghmz/WhatsApp Image 2024-09-12 at 5.11.06 PM.jpeg)
Acne and excess-facial-hair
ডিজিটেল ডেস্ক: আমাৰ অধিকাংশৰে মুখত বহু সময়ত বহু সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত শালমইনা, মুখত নোম গজা, শেতা ছাল , শুকান ওঁঠ আদি অন্যতম।কিন্তু আমি এইসমূহক ছালৰ সমস্যা বুলিয়েই ভাবি আওকান কৰো। কিন্তু প্ৰকৃততে এইসমূহ সমস্যা আপুনি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সংকেতো হ'ব পাৰে। হয়, মুখত দেখা দিয়া এই সমস্যবোৰক গুৰুত্ব সহকাৰে লৈ আপুনি গুৰুতৰ স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিব পাৰে। আজি এই বিষয়ে জানো আহক-
চকুৰ তল ফুলা
চকুৰ তল ফুলাটো হাইপাৰথাইৰয়ডিজম বা বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। বৃক্কৰ সমস্যাৰ ফলত শৰীৰত তৰল জমা হয়, যাৰ ফলত ফুলিব পাৰে।তদুপৰি, চকুৰ তলৰ ডাঠ বৃত্তবোৰ টোপনিৰ অভাৱ বা পুষ্টিৰ অভাৱৰ লক্ষণ হ'ব পাৰে, বিশেষকৈ আইৰণ আৰু ভিটামিন 'কে'ৰ অভাৱৰ বাবে এই সমস্যা হ'ব পাৰে।
ওঁঠ ফটা
ওঁঠ ফটা সমস্যা ভিটামিন বি-ৰ অভাৱৰ লক্ষণ হ'ব পাৰে। ভিটামিন বি-ৰ অভাৱৰ ফলত শৰীৰৰ বিভিন্ন অংশ প্ৰভাৱিত হয়।এই ভিটামিনৰ অভাৱৰ ফলত ছাল শুকান হোৱা, জ্বলা-পোৰা আদিৰ সমস্যা হ'ব পাৰে।
ভ্ৰূ পাতল হোৱা
ভ্ৰূৰ বাহিৰৰ অংশ পাতল হোৱাটো থাইৰইড বিভ্ৰান্তিৰ লক্ষণ হ'ব পাৰে, বিশেষকৈ হাইপোথাইৰয়ডিজমৰ। এই স্থিতিত থাইৰইড গ্ৰন্থিয়ে পৰ্যাপ্ত হৰমন প্ৰস্তুত কৰিব নোৱাৰে।যাৰ ফলত ভাগৰ, ওজন বৃদ্ধি আৰু শুকান ছালৰ দৰে লক্ষণে দেখা দিব পাৰে। যদি এই লক্ষণবোৰৰ যিকোনো এটাও যদি আপুনি অনুভৱ কৰি আছে, শীঘ্ৰে থাইৰইড পৰীক্ষা কৰি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
মুখত অস্বাভাৱিক নোম
মহিলাৰ মুখত অস্বাভাৱিকভাৱে বাঢ়ি অহা নোম পলিচিষ্টিক ডিম্বাশয় (পিচিঅ'এছ)ৰ দৰে হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে হ'ব পাৰে । এই শাৰীৰিক সমস্যাত ভূগিলে নোম বৃদ্ধিৰ উপৰিও ওজন বৃদ্ধি আৰু ঋতুস্ৰাৱ অনিয়মীয়া হয়। যদি আপুনিও এই লক্ষণবোৰ অনুভৱ কৰি আছে, পলম নকৰি হৰমন বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
শালমইনা
প্ৰাপ্তবয়স্ক সকলৰ শালমইনা অন্ত্ৰৰ বিভ্ৰান্তিৰ বাবে হ'ব পাৰে। অন্ত্ৰত বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ ভাৰসাম্যহীনতাৰ ফলত শালমইনা হ'ব পাৰে।তদুপৰি, হৰমনৰ তাৰতম্য হ’লেও ঋতুস্ৰাৱৰ সময়ত শালমইনা হয়। আহাৰ আৰু চাপৰ পৰা বাচি থাকি এই সমস্যা হ্ৰাস কৰিব পাৰি।
শেঁতা ছাল
ছাল হালধীয়া হোৱা, শেতা পৰা তথা অত্যাধিক ভাগৰ অনুভৱ কৰাটো শৰীৰত ভিটামিন বি১২ আৰু আইৰণৰ অভাৱৰ লক্ষণ হ'ব পাৰে। ৰক্তহীনতাৰ ফলত, শৰীৰত পৰ্যাপ্ত ৰঙা তেজ নাথাকে, যাৰ ফলত ছাল শেতা পৰে। আইৰণ আৰু বি১২ সমৃদ্ধ আহাৰ যেনে সেউজীয়া শাক-পাচলি, বীন আৰু বাদাম খাই আপুনি এই সমস্যাৰ পৰা হাত সাৰিব পাৰে।
সেয়েহে, মুখমণ্ডলত এই ধৰণৰ সমস্যাই যদি দেখা দিয়ে উপেক্ষা নকৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।অন্যথা গুৰুতৰ স্বাস্থ্য সমস্যাত ভূগিব।
Also Read: জোখতকৈ অধিক কণী খালে সৃষ্টি হয় অগনন স্বাস্থ্য সমস্যা