/asomiyapratidin/media/media_files/2025/05/23/N4XvxPhUz1dYNSwPt0Fh.jpg)
ডিজিটেল ডেস্ক: কণীক পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়। ইয়াত যথেষ্ট খনিজ থাকে। ই শৰীৰক প্ৰ'টিন প্ৰদান কৰে আৰু শৰীৰটোক গৰম কৰি ৰাখে। সেইবুলি কণী অধিক খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক। যদি আপুনি প্ৰতিদিনে একো চিন্তা নকৰাকৈ অধিক পৰিমাণৰ কণী খাই আছে, তেনেহ'লে ই আপোনাৰ স্বাস্থ্যক প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।কণী বেছকৈ খোৱাৰ ফলত কি কি স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তথা এদিনত কিমানটা কণী খাব লাগে, আজি জানো আহক-
অত্যধিক কণী খোৱাৰ অসুবিধা
বৃদ্ধি কৰে কলেষ্টেৰল
কণীত যথেষ্ট পৰিমাণৰ কলেষ্টেৰল থাকে, সেয়েহে এদিনত দুটাতকৈ অধিক কণী খাব নালাগে। অন্যথা শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। যিয়ে হৃদআক্ৰমণ তথা অন্যান্য হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি কৰে।
বদহজম
কণী হৈছে এক গধুৰ আহাৰ। ইয়াত উচ্চ পৰিমাণৰ প্ৰ'টিন থাকে, যি হজম হ'বলৈ দীঘলীয়া সময় লয়। গতিকে চিন্তা কৰি কণী খাব, নহ’লে হজমৰ অৱনতি ঘটিব পাৰে।
পেটৰ বিষ
কণী খালে শৰীৰত যথেষ্ট তাপ উৎপন্ন হয়। যাৰ ফলত পাকস্থলীৰ বিষ, ফুলা, ওকালি অহা, গেছ, বমি আদি সমস্যা হ’ব পাৰে।
ওজন বৃদ্ধি
বহুলোকে বিশ্বাস কৰে যে, কণী প্ৰচুৰ পৰিমাণৰ প্ৰ'টিন থকাৰ বাবে ওজন হ্ৰাস কৰাত ই যথেষ্ট সহায় কৰে। কিন্তু প্ৰকৃততে এয়া সঁচা নহয়। কণীত যথেষ্ট পৰিমাণৰ চৰ্বি থাকে আৰু যদি ইয়াক অত্যাধিক খোৱা হয়, ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।
ডায়েবেটিচৰ বিপদাশংকা
কণীত যথেষ্ট পৰিমাণৰ কলেষ্টেৰল আৰু চৰ্বি থাকে। সেইবোৰ অত্যাধিক খোৱাৰ ফলত ইনচুলিন প্ৰতিৰোধ বৃদ্ধি হয়, যি শৰীৰত শৰ্কৰাৰ স্তৰ তথা ডায়েবেটিচৰ আশংকা বৃদ্ধি কৰে।