আমে কি কি ৰোগ দূৰ কৰে জানেনে ?

মিঠা, ৰসাল আম কেৱল খাবলৈয়ে সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও  খুব উপকাৰী। আমত ভিটামিন এ, চি, বি ৬, ফাইবাৰ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে আমাৰ শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি বহু ৰোগৰ পৰা ৰক্ষা কৰে।

author-image
Asomiya Pratidin
New Update
আম-1

ডিজিটেল ডেস্ক: মিঠা, ৰসাল আম কেৱল খাবলৈয়ে সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও  খুব উপকাৰী। আমত ভিটামিন এ, চি, বি ৬, ফাইবাৰ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে আমাৰ শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি বহু ৰোগৰ পৰা ৰক্ষা কৰে। বিশেষকৈ ৩ টা গুৰুতৰ স্বাস্থ্য সমস্যাৰ বাবে আম  আশীৰ্বাদস্বৰূপ। আম খাই আপুনি কি কি ৰোগ দূৰ কৰিব পাৰে, জানো আহক-

Advertisment

কোষ্ঠকাঠিন্যৰ সমস্যা

কোষ্ঠকাঠিন্যত ভোগী থকাসকলৰ বাবে আম অতি উপকাৰী। আমলখিত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াৰ ফলত মল বাহিৰ কৰিবলৈ সহজ হয়। দৈনিক আম খালে পেট পৰিষ্কাৰ হৈ থাকে আৰু লগতে গেছ, বদহজম আদিৰ সমস্যাও ৰোধ হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা 

যদি আপুনি সঘনাই চৰ্দি, ফ্লু বা আন ৰোগত আক্ৰান্ত হয়, তেন্তে বুজি ল'ব যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল। আমত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ ফলত শৰীৰে বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পাৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ

আজিকালি উচ্চ ৰক্তচাপৰ সমস্যাটো অতি সাধাৰণ হৈ পৰিছে। আমত পটাছিয়াম থাকে, যিয়ে ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। তদুপৰি, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হাৰ্ট এটেকৰ দৰে ৰোগৰ পৰা আমে আপোনাক ৰক্ষা কৰিব পাৰে।

দৈনিক আম খোৱাৰ উপকাৰিতা

১) দৈনিক আম খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

২) উন্নত কৰে ছালৰ স্বাস্থ্য, মুখলৈ আনে উজ্জ্বলতা।

৩) পাচনতন্ত্ৰ শক্তিশালী কৰি বৃদ্ধি কৰে ভোক।

৪) আমত ভিটামিন এ থাকে, ই দৃষ্টিশক্তি বৃদ্ধি কৰে।

৫) আমে উচ্চ কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰাত সহায় কৰে।

৬) ওজন নিয়ন্ত্ৰণতো অতি সহায়ক আম।

৭) আম সঠিক পৰিমাণত খালে তেজৰ চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখিব পাৰে।

দৈনিক কিমান আম খাব লাগে?

দিনটোত ১ বা ২টা মজলীয়া আকাৰৰ আম খোৱাটো উপকাৰী। মনত ৰাখিব যে, অতিৰিক্ত যিকোনো খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।