জুবিন গাৰ্গৰ সংবাদমেল : কেতিয়া মুক্তিলাভ কৰিব চিকাৰে,এইবাৰ বিহুত কি নতুনত্ব পাব দৰ্শকে...

শিল্পী জুবিন গাৰ্গে আগন্তুক ব'হগ বিহুত কৰিব লগা অনুষ্ঠানকলৈ নতুন পৰিকল্পনাৰ কথাও সংবাদমেলত উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
জুবিন গাৰ্গৰ সংবাদমেল : কেতিয়া মুক্তিলাভ কৰিব চিকাৰে,এইবাৰ বিহুত কি নতুনত্ব পাব দৰ্শকে...

ডিজিটেল ডেস্ক : হোলীৰ আনন্দৰ মাজতে আৰু অধিক আনন্দিত হ'বলৈ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে ঘোষণা কৰিলে একাধিক পৰিকল্পনাৰ কথা। মঙলবাৰে শিল্পীগৰাকীয়ে দিশপুৰত এক সংবাদমেলৰ আয়োজন কৰে।

Advertisment

উক্ত সংবাদমেলত জুবিন গাৰ্গ অভিনীত নৱতম ছবি 'চিকাৰ'ৰ মুক্তিৰ দিন ঘোষণা কৰাৰ লগতে আন এখন হিন্দী ছবি সন্দৰ্ভতো কিছু কথা জানিবলৈ দিয়ে। শিল্পীগৰাকীয়ে আজিৰ এই সংবাদমেলযোগে চিকাৰ ছবিখন চলিত বৰ্ষৰ ২০ ছেপ্তেম্বৰত মুক্তি দিয়াৰ কথা ৰাজহুৱা কৰে।

আনহাতে আন এখন হিন্দী ছবি 'আইৰা' শীৰ্ষক ছবিখন ২০ এপ্ৰিলত মুক্তি দিয়াৰ কথা সংবাদমেলযোগে মন্তব্য কৰে। দুয়োখন ছবিৰ মুক্তিৰ তাৰিখ ধাৰ্য কৰাৰ লগে লগে উপস্থিত ৰাইজ আনন্দিত হোৱা পৰিলক্ষিত হয়।

ইয়াৰোপৰি শিল্পী জুবিন গাৰ্গে আগন্তুক ব'হগ বিহুত কৰিব লগা অনুষ্ঠানকলৈ নতুন পৰিকল্পনাৰ কথাও সংবাদমেলত উল্লেখ কৰে। স্বভাৱসুলভ মন্তব্য প্ৰদান কৰি শিল্পীগৰাকীয়ে কয় যে, এইবাৰ তেওঁ গীত গোৱাৰ পৰিৱৰ্তে মঞ্চত নাচিবহে। অৱশ্যে মন্তব্য প্ৰসংগত গীত গোৱাৰ কথাও উল্লেখ কৰে।

এইবাৰ জুবিন গাৰ্গৰ লগত মঞ্চত প্ৰায় ৩-৪গৰাকী মহিলা শিল্পীক দেখিবলৈ পোৱা যাব। ইয়াপোৰি সহযোগী শিল্পী হিচাপে উদীয়মাণ গায়ক অখিল ভৈৰৱক দেখিবলৈ পোৱাৰ উপৰি কেইবাগৰাকী উদীয়মাণ কণ্ঠশিল্পীক জুবিন গাৰ্গৰ লগত গীত গোৱাৰ সুযোগ দিব বুলি মন্তব্য কৰে।

Also Read: IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা

zubeen garg Bohag Bihu Chikar assamese film