বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...

বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...
বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বুধবাৰে হঠাৎ অসুস্থ হৈ চিকিৎসাধীন হোৱা জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি তেওঁ বৰ্তমান বিপদমুক্ত।

অৱশ্যে বিপদমুক্ত হ'লেও জুবিনক কিছু জিৰণিৰ প্ৰয়োজন আছে। উল্লেখ্য যে, বুধবাৰে জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি তেওঁৰ অনুৰাগীসকলে তেওঁৰ আশুআৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছিল।

বুধবাৰে পুৱা প্ৰায় ৯ বজাত জোনালীত থকা তেওঁৰ ষ্টুডিঅ'ৰ ফুলনিত পানী দি থকাৰ সময়ত হঠাৎ পিছলি পৰে। লগে লগে তেওঁক নেমকেয়াৰ চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰায়।

পৰৱৰ্তী সময়ত তেওঁ আই চি ইউলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ পাছতে তেওঁ ই ই জি আৰু এম আৰ আই কৰা হয়। ই ই জিৰ ৰিপ'ৰ্টত কি ওলাইছে সেয়া এতিয়াও জানিব পৰা নাই। এম আৰ আই ৰিপ'ৰ্টত একো ধৰা পৰা নাই। সকলো স্বাভাৱিক অৱস্থাত আছে। সেয়ে চিন্তাৰ কোনো কাৰণ নাই।

চিকিৎসালয় ফালৰ পৰা জনোৱা অনুসৰি জুবিন গাৰ্গৰ তত্বাৱধানত আছে কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসক। নেমকেয়াৰ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই জুবিন গাৰ্গক কিছু দিনৰ জিৰণিৰ প্ৰয়োজন আছে বুলি জনাইছে।

বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...
হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in