মহানগৰীস্থিত নিচামুক্তি কেন্দ্ৰত অঘটনত, মৃত্যু এজন যুৱকৰ...

মহানগৰীৰৰ নিৰ্মান নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু ৷ পাঞ্জাবাৰীস্থিত কেন্দ্ৰটোত ঘটিল এই অঘটন ৷
মহানগৰীস্থিত নিচামুক্তি কেন্দ্ৰত অঘটনত
মহানগৰীস্থিত নিচামুক্তি কেন্দ্ৰত অঘটনত

ডিজিটেল ডেস্কঃ মহানগৰীৰৰ নিৰ্মান নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু ৷ পাঞ্জাবাৰীস্থিত কেন্দ্ৰটোত ঘটিল এই অঘটন ৷

শনিবাৰে নিচামুক্তি কেন্দ্ৰটোত এজন যুৱকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ অক্ষয় কুমাৰ বৰা নামৰ যুৱকজনৰ মৃত্যু হৈছে ৷ মৃত যুৱকজনৰ ঘৰ মঙলদৈত ৷

উল্লেখযোগ্য যে যোৱা ১১ ফ্ৰেব্ৰুৱাৰীত পৰিয়ালৰ লোকে অক্ষয়ক নিচামুক্তি কেন্দ্ৰটোত থৈ গৈছিল ৷ সুবিধা অনুযায়ী পৰিয়ালৰ লোকে খবৰ লৈছিল অক্ষয়ক ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি যোগাযোগ কৰা সময়ত শৰীৰ সুস্থ আছিল মৃত যুৱকজনৰ ৷

সেয়ে অক্ষয়ৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতেই ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে ৷ অক্ষয়ক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ এই সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

মহানগৰীস্থিত নিচামুক্তি কেন্দ্ৰত অঘটনত
ছিল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in