ছীল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা...

ওৰাঙত ছীল হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটা ইটা ভাটা। অসম ষ্টন ক্ৰেচাৰ প্ৰতিষ্ঠা নীতি ২০১৩ অনুসৰি ক্ৰেচাৰ মেছিন আৰু ইটা ভাটাৰ নাছিল কোনো বৈধ নথি পত্ৰ ।
ছিল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা
ছিল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙত ছীল হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটা ইটা ভাটা। হাহাকাৰ অৱস্থা ক্ৰেছাৰ মেছিন আৰু এটা ভাটা মালিকৰ। নীতি বহিৰ্ভুত ভাবে চলি থকা শিল ভঙা মেছিন আৰু ইটা ভাটাৰ বিৰুদ্ধে ওদালগুৰি জিলা প্ৰশাসনৰ অভিযান। প্ৰশাসনে ছীল কৰিলে বহুকেইটা শিল ভঙা মেছিনকে ধৰি ২টা ইটা ভাটা।

অসম ষ্টন ক্ৰেচাৰ প্ৰতিষ্ঠা নীতি ২০১৩ অনুসৰি ক্ৰেচাৰ মেছিন আৰু ইটা ভাটাৰ নাছিল কোনো বৈধ নথি পত্ৰ। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা গোচৰৰ নিৰ্দেশৰ ভিত্তিত শনিবাৰে ওৰাভত ছীল কৰা হল এইসমূহ ক্ৰেচাৰ মেছিন আৰু ইটা ভাটা। নীতি বৰ্হিভূত ভাবে চলি থকা এই সমূহ ক্ৰেচাৰ মেছিন আৰু ইটা ভাটাৰ বিৰুদ্ধে ওৰাঙৰ বিমল মাহাতো নামৰ এগৰাকী ব্যক্তিয়ে ২০১৯ বৰ্ষতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰিছিল এটা গোচৰ।

বিমল মাহাতোৰ গোচৰ নম্বৰ আছিল PIL/08/2023। এই গোচৰৰ ভিত্তিতে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত ওৰাং মৌজাৰ গৰুবন্ধা গাৱৰ Orang Brick Kiln Industry, Orang Brick Factory আৰু Sunil Kumar Jain Stone Crusher,M/S Dhansiri Stone Crusher Industry,H/M Enterprise,M/S Prabhu Agarwalla Construction, Narzary Stone Crusher, Dhansiri Stone Crusher আৰু Niky Stone Crusher Industry নামৰ ৭ টাকৈ ক্ৰেচাৰ মেছিন আৰু ২‌‌ টা ইটা ভাটা আজি ছীল কৰে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই। বছৰ বছৰ ধৰি কোনো বৈধ নথি পত্ৰ অবিহনে কাৰ আশীৰ্বাদত চলি আছিল এই সমূহ ক্ৰেচাৰ মেছিনৰ লগতে ইটা ভাটা?

যি সমূহ শিল ভঙা মেছিন আৰু ইটা ভাটাই পালন কৰা নাছিল চৰকাৰৰ নীতি নিৰ্দেশনা। উল্লেখযোগ্য যে সমগ্ৰ ওদালগুৰি জিলা খনতে বৰ্তমানো চলি আছে নীতি বৰ্হিভূত ভাবে এনেবোৰ শিল ভঙা মেছিন আৰু ইটা ভাটা। অবৈধ ভাবে চলি থকা শিল ভঙা মেছিন আৰু ইটা ভাটাৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে? সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষ্যনীয় ৷ ওৰাং অঞ্চলত এই সমূহ ক্ৰেছাৰ মেচিন আৰু ইটা ভাটা চীল কৰাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

ছিল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা
মহাৰাষ্ট্ৰত কৃষকৰ জয়, ক্ষতিপূৰণ দিবলৈ বাধ্য সিন্ধে চৰকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in