ৰড, বাঁহ, কাঠৰ বাটাম লৈ নিশা মহানগৰীত যুৱকৰ উদ্ভণ্ডালি

অৰিজিৎ সিঙৰ সংগীতানুষ্ঠান উপভোগ কৰি আহিছিল ভুক্তভোগী যুৱকজন
ৰড, বাঁহ, কাঠৰ বাটাম লৈ নিশা মহানগৰীত যুৱকৰ উদ্ভণ্ডালি

ডিজিটেল ডেস্ক : ৰড, বাঁহ, কাঠৰ বাটাম লৈ শনিবাৰে নিশা মহানগৰীত এদল যুৱকৰ উদ্ভণ্ডালি। সুৰাৰ ৰাগীত মাতাল যুৱকৰ দল এটাই জি এছ ৰোডত সন্ত্ৰাসৰ সৃষ্টি কৰে। কোনো কাৰণ নোহোৱাকৈয়ে দলটোৱে প্ৰহাৰ কৰে এজন যুৱকক।

উল্লেখ্য যে, শনিবাৰে নিশা বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল বলিউডৰ জনপ্ৰিয় শিল্পী অৰিজিৎ সিঙৰ সংগীতানুষ্ঠান। শিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগ কৰি আহিছিল ভুক্তভোগী যুৱকজন। জানিব পৰামতে, ধৃত যুৱকৰ দলটোৱে প্ৰহাৰ কৰি জি এছ ৰোডত ভুক্তভোগী যুৱকজনক পেলাই থৈ যায়।

মাৰপিট কাণ্ডৰ সমগ্ৰ দৃশ্য চি চি কেমেৰাত বন্দীত হোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। চিচি কেমেৰাত প্ৰত্যক্ষ কৰা দৃশ্য অনুসৰি ঘটনাস্থলীত আৰক্ষী অহাৰ উমান পাই ধৃত যুৱকৰ দলটোৱে পঞ্চম টাৱাৰৰ দিশে পলায়ন কৰে।

আনহাতে যুৱকৰ দলটোৰ দুগৰাকী সদস্যক পঞ্চম টাৱাৰ দিশে যোৱা দেখি আৰক্ষীয়ে পঞ্চম টাৱাৰলৈ যায়। কিন্তু ধৃত দুই যুৱকে ভিতৰৰ পৰা তলা মাৰি পলাই যাবলৈ সক্ষম হয়। সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ৰড, বাঁহ, কাঠৰ বাটাম লৈ নিশা মহানগৰীত যুৱকৰ উদ্ভণ্ডালি
নগাঁও প্ৰশান্তি ভৱনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in