নগাঁও প্ৰশান্তি ভৱনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্যসূচী

নগাঁও প্ৰশান্তি ভৱনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
নগাঁও প্ৰশান্তি ভৱনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যোগদান কাৰ্যসূচী

ডিজিটেল সংবাদ,বেবেজীয়া : নগাওঁ জিলাৰ প্ৰশান্তি ভৱনত শনিবাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক,কেন্দ্ৰীয় কাৰ্যকৰী সদস্য নজৰুল ইছলাম ভূঞা উপস্থিত থাকে।

Advertisment

উক্ত সভাত সভাপতিত্ব কৰে নগাঁও জিলা সংগ্ৰাম পৰিষদৰ স্থানীয় সভাপতি মোছাব্বিৰ আলী আহমেদে ৷ যোগদান কাৰ্যসূচীত NSUIৰ প্ৰাক্তন জিলা সাধাৰণ সম্পাদক ছহিদুল ইছলাম, মহিলা সমাজ সেৱিকা মৌচুমী আচমাৰ লগতে কেইবাজনো বিষয়ববীয়াই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে।

উল্লেখযোগ্য যে সংগ্ৰাম পৰিষদ জন্মলগ্নৰে সদস্য হিফজুৰ ৰহমান খানে মাজত কিছুদিন সংগ্ৰাম পৰিষদৰ পৰা আঁতৰত আছিল যদিও অনুষ্ঠানৰ দিনা নগাঁও জিলাৰ যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিকৰ নেতৃত্বত সংগ্ৰাম পৰিষদত যোগদান কৰি সংগঠনৰ ভেটি মজবুত কৰিবলৈ পূৰ্বতকৈ অধিক সক্ৰিয়ভাৱে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ সভাত হাফিজুৰ ৰহমান খানক পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিত উচ্চ পদত নিযুক্তি দিব বুলি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

সদ্য যোগদান কৰা ছাহিদুল ইছলামে কয় যে, ৰাইজৰ হৈ যিখিনি কাম কৰিবলৈ ইচ্ছা আছে, সেয়া ৰাজনৈতিক দলত থাকি সম্ভৱ নহয়। সেই বাবে জাতীয় চেতনালৈ জাতীয় সংগঠন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত তেওঁ যোগদান কৰে বুলি কয় ৷ যোগদান কাৰ্যসূচীত উপস্থিত হৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিকে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

Also Read: কলিয়াবৰ বিধানসভা পৰ্যায়ৰ 'সাংস্কৃতিক মহাসংগ্ৰাম' প্ৰতিযোগিতা সম্পন্ন

bebejiya