বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ সমাগত নিৰ্বাচনত ৩নং বৰপেটা লোকসভা সমষ্টিক কোনো দলেও এইবাৰ সহজভাৱে লোৱা নাই৷ ৫ মে'ত অসমৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰে বিশেষ মাত্ৰা লাভ কৰিছে৷

বৰপেটা লোকসভা সমষ্টিত এইবাৰ বৃদ্ধি হৈছে ২ লাখ ৮৯ হাজাৰ ৯৯৩গৰাকী ভোটাৰ। ২০২৪ৰ ভোটাৰ তালিকা অনুসৰি বৰপেটাত মুঠ ভোটাৰ আছে ১৯ লাখ ৬৬ হাজাৰ ৮৪৭গৰাকী। তাৰ ভিতৰত মুঠ পুৰুষ ভোটাৰ ১ লাখ ১৫ হাজাৰ ৭৯৯জন, মুঠ মহিলা ভোটাৰ ১ লাখ ৭১ হাজাৰ ২৭ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে ২১ গৰাকী। ২০১১ চনত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১৬ লাখ ৭৬ হাজাৰ ৮৫৪ গৰাকী। সমষ্টিটোত এইবাৰ মুঠ ভোটকেন্দ্র আছে ২৪৫১টা৷

ইপিনে, বৰপেটা লোকসভা সমষ্টিটো এইবাৰ বিজেপিয়ে মিত্রদল অগপক এৰি দিছে। সমষ্টিটোত মিত্রজোঁটৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বঙাইগাঁৱৰ অগপ বিধায়ক তথা প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰীয়ে। অগপ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ ইতিমধ্যে দলীয় নেতৃত্বৰ উপৰি বিজেপি আৰু অগপৰ লগতে নিজেও প্ৰচাৰত ব্যস্ত হৈ পৰিছে৷

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী বৰপেটা লোকসভাৰ অন্তর্গত নলবাৰীলৈ আহি মিত্রজোঁটৰ প্রার্থীজনৰ হৈ চলায় প্রচাৰ। ইয়াৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টি এইবাৰ পৃথকে পৃথকে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ আৰু চিপিআইএম দলে। কংগ্রেছে প্রার্থিত্ব প্রদান কৰিছে সেৱা দলৰ ৰাজ্যিক সভাপতি তথা যুৱ নেতা দীপ বায়নক। চিপিআইএম দলৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে সৰভোগ সমষ্টিৰ দলীয় বিধায়ক মনোৰঞ্জন তালুকদাৰে। ফলত সমষ্টিটোৰ অগপ বিজেপি বিৰোধী ভোট এই দুই প্রার্থীৰ মাজত বিভাজিত হোৱাৰ সম্ভাৱনা অধিক৷

উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ অগপ, কংগ্রেছ, চিপিআইএমকে ধৰি মুঠ ১৪গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আন আন প্রার্থীসকল হ'ল ক্রমে- বিপিএফৰ চমেজ উদ্দিন, ৰাষ্ট্রীয় উলেমা পৰিষদৰ আবু বক্কৰ ছিদ্দিকী, আৰপিআইৰ আমজাদ আলী, এছ ইউ চি আই চিৰ চিত্রলেখা দাস, ভি পি আইব ছাহজাহান আলী খান আৰু নির্দলীয় প্রার্থী ক্রমে আইনল হ'ক, জগন্নাথ বয়, দেৱান মহিবুল ইছলাম আৰু মতিয়ৰ ৰহমান৷

পূৰ্বৰ ইতিহাস অনুসৰি বৰপেটা লোকসভা সমষ্টিটো বর্তমানলৈ কংগ্রেছ দলে ১১বাৰ, চিপিআইএম দলে দুবাৰ আৰু এ আই ইউ ডি এফ দলে এবাৰ দখল কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্রয়াত ফখৰুদ্দিন আলী আহমেদে ১৯৬৭ আৰু ১৯৭১ চনত দুবাৰকৈ সংসদত প্রতিনিধিত্ব কৰিছিল বৰপেটা সমষ্টিটত। কংগ্ৰেছৰ প্রাক্তন সাংসদ প্রয়াত এ এফ গোলাম ওচমানিয়ে তিনিবাৰকৈ বৰপেটাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। বৰ্তমান বৰপেটাৰ দহটা সমষ্টি সাঙুৰী সৃষ্টি কৰা সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য পুৰ্বৰ তুলনাত কমি যোৱাত এইবাৰ নিৰ্বাচনী যুজঁ আকৰ্ষণীয় হব বুলি আশা কৰা গৈছে৷

বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
মেঘালয়ত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in