/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ec970643-6d6d-4010-9aa7-397a4db80080/307.jpg)
ডিজিটেল ডেস্ক : আজি বিশ্ব ভূমি দিৱস। ভূমি সংৰক্ষণৰ সজাগতাৰ প্ৰতি লক্ষ্য় ৰাখি আয়োজন কৰা হৈছে ভূমি দিৱসৰ। ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ভূমি দিৱস উদযাপন কৰা হৈছে।
এই উপলক্ষ্যে মঙলবাৰে পুৱা গুৱাহাটী মহানগৰীৰ ৰাজপথত উলিওৱা হয় এক শোভাযাত্ৰা। ইয়াৰ পিছতেই ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত আলোচনাচক্ৰকে ধৰি আন আন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে হাতে-হাতে প্লে'কাৰ্ড লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে।
Also Read: টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ১জন
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us