ডাউন টাউন বিশ্ববিদ্যালয়ত বিশ্ব গৱেষণাগাৰ দিৱস উদযাপন

ডাউন টাউন বিশ্ববিদ্যালয়ত বিশ্ব গৱেষণাগাৰ দিৱস উদযাপন

ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ২৩এপ্ৰিলৰ দিনটোত উদযাপন কৰা হয় বিশ্ব গৱেষণাগাৰ দিৱস। এই দিনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত সচেতনা বৃদ্ধিৰ বাবে অনুষ্ঠিত উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্মকতাসকল উপস্থিত থাকে। উল্লেখ কৰা প্ৰয়োজন যে,বিজ্ঞানী,গৱেষক আৰু পৰীক্ষাগাৰৰ প্ৰযুক্তিবিদসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ উদ্দেশ্যে আজিৰ দিনটো উদযাপন কৰা হয়। অসম ডাউন টাউন বিশ্ববিদ্যালয়ে পেৰামেডিকেল ছায়েন্স অনুষদৰ অধীনস্থ প্ৰগ্ৰেম অৱ মেডিকেল লেবৰেটৰী টেকন’লজিৰ উদ্যোগত “The Future Is Lab: Embrace Innovation” শীৰ্ষক বিষয়বস্তুৰ অধীনত এই শুভ দিনটো উদযাপন কৰে।

অনুষ্ঠানটো উদ্বোধন কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড°এন চি তালুকদাৰে। মুখ্য অতিথি হিচাপে এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিকৰ লগতে পেৰামেডিকেল বিজ্ঞানৰ অধ্যক্ষ ডাঃ পি চি শৰ্মা আৰু পেৰামেডিকেল ছায়েন্সৰ ডীন ড° অভিজিত দত্ত, বিভিন্ন অনুষদৰ ডীন সঞ্চালক,পঞ্জীয়ন কাৰ্যালয়,এইচ আৰ কাৰ্যালয়,আইকিউএচি কাৰ্যালয়ৰ বিষয়াসকলো উপস্থিত থাকে।

দুগৰাকী বিশিষ্ট অতিথি বক্তা ক্ৰমে ডাঃ চেঞ্জেই কন্যাক (ৰেচিডেণ্ট মেডিকেল অফিচাৰ,নাগালেণ্ড চৰকাৰ,নাগালেণ্ড হাউচ,গুৱাহাটী)য়ে "মেডিকেল লেবৰেটৰী: ইকুইটেবল এক্সেছ থ্ৰু ইনোভেচনছ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে। ডাঃ এল সুন্দৰেশ্বৰনে (সহকাৰী অধ্যাপক শৰীৰবিজ্ঞান বিভাগ, এইমছ গুৱাহাটী), “ভৱিষ্যতৰ লেব” শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে ৰচনা আৰু বৈজ্ঞানিক পোষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। পেৰামেডিকেল ছায়েন্স অনুষদৰ ডীন ড° অভিজিত দত্ত আৰু পেৰামেডিকেল ছায়েন্স ইনষ্টিটিউটৰ সহযোগী ডীন শ্ৰীমতী শিলা কুমাৰী সিংৰ লগতে সমগ্ৰ মেডিকেল লেবৰেটৰী টেকন’লজি বিভাগে এই অনুষ্ঠানটো সফল কৰি তুলিছে।এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে নিৰ্দিষ্ট ক্ষেত্ৰখনৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময়ৰ সুবিধা গ্ৰহণ কৰে।

ডাউন টাউন বিশ্ববিদ্যালয়ত বিশ্ব গৱেষণাগাৰ দিৱস উদযাপন
লংকা অগ্নিকাণ্ডঃ জুইত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in