/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/24a55e3f-6e77-4f5c-ae3b-b730d6d0c26a/lan.jpg)
ডিজিটেল সংবাদ,লংকাঃ লংকাৰ কাৰিখানা বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত ভস্মীভূত হয় এখন কাপোৰৰ দোকান। দুপৰীয়া সংঘটিত অগ্নিকাণ্ডটোত ইচমাইল আলী নামৰ লোকজনৰ দোকানৰ লগতে গুডাম ঘৰত মজুত থকা কাপোৰ,অন্যান্য সা-সামগ্ৰী জুইত জাহ যায়।
উক্ত অগ্নিকাণ্ডৰ ঘটনাত আনুমানিক ৫০/৬০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয়। উল্লেখ্য যে,বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হোৱা সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হোৱাত অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে অন্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us